৫৩ বছৰীয়া হ'ল 'ক্ৰিকেটৰ ভগৱান' : পলকতে 'লিটল মাষ্টাৰ'ৰ অতুলনীয় কেৰিয়াৰ
নিজৰ খেলুৱৈ জীৱনত তেণ্ডুলকাৰ সৰ্বসম্পন্ন বেটছমেন, সৰ্বকালৰ সৰ্বাধিক ৰাণ সংগ্ৰাহক আৰু সৰ্বোপৰি ক্ৰিকেট জগতে লাভ কৰা এক সুউচ্চ ব্যক্তিত্বসম্পন্ন ক্ৰিকেটাৰ আছিল ।

By ANI
Published : April 24, 2026 at 9:01 AM IST
নতুন দিল্লী : কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ৫৩ বছৰত ভৰি দিলে । 'মাষ্টাৰ ব্লাষ্টাৰ' তেণ্ডুলকাৰৰ শুকুৰবাৰে ৫৩ সংখ্যক ওপজা দিন । নিজৰ অসাধাৰণ ক্ৰীড়া প্ৰতিভা আৰু মনোমোহা ব্যক্তিত্বৰে বিশ্ব ক্ৰিকেটলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে 'ক্ৰিকেটৰ ভগৱান' হিচাপে খ্যাত তেণ্ডুলকাৰে নিজৰ নামত লিপিবদ্ধ কৰি গৈছে ক্ৰিকেট ইতিহাসৰ কেইবাটাও পৃষ্ঠা । অবিস্মৰণীয় ক্ৰিকেট কেৰিয়াৰ, অভিলেখ ভংগকাৰী কৃতিত্ব আৰু অসাধাৰণ প্ৰদৰ্শনেৰে ক্ৰিকেট জগতৰ ভোটা তৰা হৈছে 'লিটল মাষ্টাৰ' শচীন তেণ্ডুলকাৰ ।
নিজৰ খেলুৱৈ জীৱনৰ সময়ত তেণ্ডুলকাৰ আছিল সকলো দিশৰ পৰা সম্পূৰ্ণ বেটছমেন, সৰ্বকালৰ সৰ্বাধিক ৰাণ সংগ্ৰাহক আৰু সৰ্বোপৰি ক্ৰিকেট জগতে লাভ কৰা এক সুউচ্চ ব্যক্তিত্বসম্পন্ন আৰু আদৰ্শৱান ক্ৰিকেটাৰ।
তেণ্ডুলকাৰৰ অভিলেখ
টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ এই দুয়োটা সংস্কৰণতে সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িছে তেণ্ডুলকাৰে । কিন্তু এটা কথা মন কৰিব লাগিব যে প্ৰথম এদিনীয়া শতক অৰ্জন কৰিবলৈ ৭৯ খন মেচলৈকে অপেক্ষা কৰিবলগীয়া হোৱাৰ কথা বিবেচনা কৰিলে ই এক উল্লেখযোগ্য কৃতিত্ব ।
৩৪,৩৫৭ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰি ক্ৰিকেট ইতিহাসৰ সৰ্বোৎকৃষ্ট বেটছমেন হিচাপে আজিও বীৰদৰ্পে থিয় দি আছে শচীন তেণ্ডুলকাৰ । তেওঁৰ উল্লেখনীয় আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত বহু ৰেকৰ্ড, বাৰে বাৰে ভংগ কৰি এনে এক মাইলৰ খুঁটি স্থাপন কৰিছিল, য'ত উপনীত হোৱাটো আজিও এক প্ৰত্যাহ্বান হৈ আছে ।
সৰ্বাধিক টেষ্ট খেলাৰ ৰেকৰ্ড
নিজৰ অটল ধৈৰ্য আৰু দৃঢ়তাৰ বলত ‘মাষ্টাৰ ব্লাষ্টাৰ’ তেণ্ডুলকাৰে ২০০ খন টেষ্টত অংশগ্ৰহণ কৰিছে, যিটো এই ফৰ্মেটৰ যিকোনো খেলুৱৈৰ ভিতৰত সৰ্বাধিক । ৰঙা বলৰ ক্ৰিকেটত তেণ্ডুলকাৰে ২,০৫৮টা চাৰি, ৫১টা শতকেৰে ১৫,৯২১ ৰাণ সংগ্ৰহ কৰে, যিটো এই ফৰ্মেটত যিকোনো খেলুৱৈৰ দ্বাৰা অৰ্জন কৰা সৰ্বাধিক চাৰি । ভাৰতত 'ক্ৰিকেটৰ ভগৱান' হিচাপে পূজনীয় তেণ্ডুলকাৰ ১৫,০০০ টেষ্ট ৰাণ সংগ্ৰহ কৰা আটাইতকৈ দ্ৰুততম খেলুৱৈ হিচাপেও পৰিগণিত হয় । তেওঁ মাত্ৰ ৩০০ ইনিংছতে এই মাইলৰ খুঁটিত উপনীত হয়, যিটো এক অদ্বিতীয় উদাহৰণ ।
সুদীৰ্ঘ খেলুৱৈ কেৰিয়াৰ
৫৩ বছৰীয়া তেণ্ডুলকাৰৰ কেৰিয়াৰ ২২ বছৰ ৯১ দিনতকৈও অধিক আছিল আৰু যিটো হৈছে এদিনীয়া ক্ৰিকেটত আটাইতকৈ দীঘলীয়া কেৰিয়াৰৰ ৰেকৰ্ড । ১৯৯৮ চনত ১,৮৯৪ ৰাণ আৰু ৯টা শতক অৰ্জন কৰা তেণ্ডুলকাৰে এই ফৰ্মেটত এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ আৰু শতক সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছে, যিটো আজিও অক্ষত আছে ।
এদিনীয়া ক্ৰিকেটৰ অবিসম্বাদী সম্ৰাট
৫০ অভাৰৰ ফৰ্মেটত ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত তেণ্ডুলকাৰে ১৪৫টা অৰ্ধশতক উদযাপন কৰিবলৈ নিজৰ বেট ওপৰলৈ ডাঙিছে আৰু ২,০১৬টাকৈ চাৰি কোবাইছে, যিটো ক্ৰিকেট জগতে এতিয়ালৈকে প্ৰত্যক্ষ কৰা যিকোনো খেলুৱৈৰ ক্ষেত্ৰত সৰ্বাধিক ।
এদিনীয়া ক্ৰিকেটৰ অবিসম্বাদী সম্ৰাট তেণ্ডুলকাৰে মাত্ৰ ৪৪০ ইনিংছত ১৮,০০০ এদিনীয়া ৰাণ সংগ্ৰহ কৰি অভিলেখৰ গৰাকী হৈ আছে । টেষ্টত তেওঁৰ ঐতিহাসিক কৃতিত্বৰ দৰেই এই বিশিষ্ট ক্লাবতো তেওঁৰ নাম অদ্বিতীয় ।
সন্মানৰ শৃংগত আৰোহণ
তেণ্ডুলকাৰে সকলো ফৰ্মেটতে সৰ্বাধিক প্লেয়াৰ অব দ্য মেচ সন্মান (৭৬) লাভ কৰিছে । ইয়াৰ উপৰি কেৰিয়াৰত সৰ্বাধিক ৰাণ (৩৪,৩৫৭), সৰ্বাধিক অৰ্ধশতক (২৬৪), সৰ্বাধিক নব্বৈ (২৮) আৰু সৰ্বাধিক চাৰি (৪,০৭৬) সংগ্ৰহ কৰিছে ।

