ETV Bharat / sports

IND vs SA : ১৭ ৰাণত ভাৰতৰ হাতত পৰাস্ত দক্ষিণ আফ্ৰিকা, বিৰাট কোহলিলৈ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ৰাঁচীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰাণত পৰাস্ত কৰে । ৫০ অভাৰত ভাৰতে ৮টা উইকেট হেৰুৱাই ৩৪৯ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

IND vs SA
ভাৰত বনাম দক্ষিণ আফ্ৰিকা (IANS & ANI PHOTO)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 2:03 PM IST

|

Updated : November 30, 2025 at 10:36 PM IST

7 Min Read
Choose ETV Bharat

হায়দৰাবাদ : তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰাণত পৰাস্ত কৰে । ৰাঁচীত খেলা এই মেচখনত টছত পৰাস্ত হোৱাৰ পাছত ভাৰতে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩৪৯ ৰাণ সংগ্ৰহ কৰে ।

ভাৰতে জয়ী হ’বলৈ নিৰ্ধাৰণ কৰা ৩৫০ ৰাণৰ লক্ষ্য খেদি খেদি দক্ষিণ আফ্ৰিকাই ৪৯.২ অভাৰত ১০ উইকেটৰ বিনিময়ত মাত্ৰ ৩৩২ ৰাণহে কৰিবলৈ সক্ষম হয় আৰু ১৭ ৰাণত পৰাস্ত হয় । এই মেচত বিৰাট কোহলীয়ে খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ।

উল্লেখ্য যে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩ খনীয়া এদিনীয়া শৃংখলা আৰম্ভ হৈছে । ৰাঁচীত প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হৈছে । দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এডেন মাৰ্ক্ৰামে টছত জয়ী হৈ প্ৰথমে বলিং কৰিছে । অধিনায়ক শুভমন গিলৰ অনুপস্থিতিত কে এল ৰাহুলে ভাৰতক নেতৃত্ব দিছে । টছৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক কে এল ৰাহুলে কয় যে তেওঁ প্ৰথমে বলিং কৰিব বিচাৰে ।

তেওঁ উল্লেখ কৰা মতে বহু খেলুৱৈ দললৈ ঘূৰি অহাৰ ফলত শক্তি বৃদ্ধি পাইছে । তেওঁৰ মতে এদিনীয়া দলটোৱে পোৱা প্ৰতিটো সুযোগৰ ব্যৱহাৰ কৰাটো প্ৰয়োজন । এটা অতি ভাল দলৰ বিৰুদ্ধে তেওঁলোকৰ দক্ষতাক প্ৰত্যাহ্বান জনোৱাৰ এই সুযোগ । আজিৰ খেলখনত দলে ৩ গৰাকী স্পিনাৰ আৰু ৩ গৰাকী ফাষ্ট বলাৰ অন্তৰ্ভুক্ত কৰিছে ।

ইফালে অতিথি দলৰ অধিনায়ক এডেন মাৰ্ক্ৰামে কয়, "আমি প্ৰথমে বলিং কৰিব বিচাৰিছোঁ । কাৰণ ইয়াত নিশা কুঁৱলীৰ প্ৰভাৱ আছে, যাৰ ফলত বেটিং অলপ সুবিধাজনক হ'ব । এইটো এক গুৰুত্বপূৰ্ণ শৃংখলা আৰু ২০২৭ বিশ্বকাপৰ বাবে এক ভাল প্ৰস্তুতি ।"

তেওঁ লগতে কয়, "আমি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দলৰ বিৰুদ্ধে খেলি আছো । টেম্বা আৰু মহাৰাজক জিৰণি দিয়া হৈছে; আজি আমাৰ দলত ৪ গৰাকী ছিমাৰ আছে ।"

দক্ষিণ আফ্ৰিকাৰ প্লেয়িং ১১ : ৰিয়ান ৰিকেলটন, কুইণ্টন ডি কক (উইকেটকীপাৰ), এডেন মাৰ্ক্ৰাম (অধিনায়ক), মেথিউ ব্ৰিট্জকে, টনি ডি জোৰ্জি, ডেৱাল্ড ব্ৰুইছ, মাৰ্কো জান্সেন, কৰ্বিন বছ, প্ৰেনেলান সুব্ৰায়ন, নন্দ্ৰে বাৰ্গাৰ, অটনেইল বাৰ্টমেন ।

ভাৰতৰ প্লেয়িং ১১ : ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, ৰুতুৰাজ গায়কৱাড়, ৱাশ্বিংটন সুন্দৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ ।

৫ অভাৰ- ভাৰতৰ হৈ ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে অপেনিং কৰে । প্ৰথম ৩ অভাৰলৈ দুয়োগৰাকী বেটছমেনে অতি সাৱধানেৰে খেলে । জয়ছোৱালে কেইবাটাও আক্ৰমণাত্মক শ্বট খেলে, য'ত ২ টা ৪ আৰু এটা ছিক্সাৰ অন্তৰ্ভুক্ত আছে । কিন্তু ১৬ টা বল খেলি বাৰ্গাৰৰ চিকাৰ হয় জয়ছোৱাল । ১৮ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিল জয়ছোৱাল । ইফালে ৫ অভাৰলৈ ক্ৰিজত ৰোহিত শৰ্মা (৩) আৰু বিৰাট কোহলীয়ে (৬) বেটিং কৰি আছে ।

'ৰো-কো'ৰ যাদু

যশস্বী জয়ছোৱাল আউট হোৱাৰ পিছত ৰাঁচীৰ খেলপথাৰত দুই অভিজ্ঞ ভাৰতীয়ই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম এদিনীয়াতে 'ৰো-কো'ৰ যাদু দেখা গৈছে । এফালে ৰোহিত শৰ্মাৰ আক্ৰমণ আৰু আনফালে বিৰাট কোহলীয়ে অভিজ্ঞতাৰ পৰিচয় দাঙি ধৰিছে । যাৰ বাবে ভাৰতীয় দল সম্প্ৰতি শক্তিশালী স্থিতিত আছে । দুয়োগৰাকী ভাৰতীয় বেটছমেনে অৰ্ধশতক সম্পূৰ্ণ কৰিছে ।

বিৰাট কোহলীয়ে ৪৮ টা বলত ছিক্স কোবাই অৰ্ধশতক কৰাৰ সমান্তৰালকৈ ৰোহিত শৰ্মাই ৪৩ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । ২০ অভাৰৰ অন্তত দুয়োগৰাকী বেটছমেন ক্ৰমে কোহলী ৬৫ ৰাণ আৰু ৰোহিত ৫৬ ৰাণত বেটিং কৰি আছে । দুয়োগৰাকী বেটছমেনৰ পাৰ্টনাৰশ্বিপো শতকৰ ওপৰলৈ গৈছে । ভাৰতীয় দলটো ১৫৩ ৰাণত আছে যদিও বৃহৎ টাৰ্গেটৰ আশা ৰাখিছে ভাৰতীয় দল আৰু অনুৰাগীয়ে ।

কোহলীৰ শতক

জয়ছোৱালৰ আউটৰ পিছত দুই অভিজ্ঞ ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ভাৰতৰ স্ক'ৰ আগবঢ়াই লৈ যায় যদিও অৰ্ধশকত কৰাৰ পিছতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ভাৰতে । ৫১ টা বলত ৫৭ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলি জান্সেনৰ বলত আউট হয় ৰোহিত শৰ্মা । তাৰ পিছত কম সময়ৰ ভিতৰতে ভাৰতে আন দুটা উইকেট হেৰুৱায় । গায়কৱাড়ে ১৪ বলত মাত্ৰ ৮ ৰাণ কৰিয়ে আউট হয় । আনহাতে ৱাশ্বিংটন সুন্দৰে ১৯ বলত ১৩ ৰাণ কৰি ড্ৰেছিং ৰুমলৈ যাবলগীয়া হয় ।

কিন্তু ক্ৰিজত অটল বিৰাট কোহলী । অভিজ্ঞতাৰ পৰিচয় দাঙি ধৰি কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন মেচতে আকৰ্ষণীয় শতক অৰ্জন কৰে । ১০২ বলত ৫ টা ছিক্সাৰ আৰু ৭ টা চাৰিৰে এই ১০০ ৰাণ সংগ্ৰহ কৰে ৰাণ মেচিন বিৰাট কোহলীয়ে । কোহলীক সম্প্ৰতি সংগ দিছে অধিনায়ক কে এল ৰাহুলে । ৩৮ অভাৰলৈ ভাৰতৰ ৰাণ ২৩৩ । এই সময়ত বিৰাটৰ অৱদান ১০৩ আৰু কে এল ৰাহুলৰ ১৭ ।

ভাৰতৰ ৩৪৯ ৰাণ সংগ্ৰহ

৫০ অভাৰৰ অন্তত ভাৰতে ৮ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিলে ৩৪৯ ৰাণ । ভাৰতৰ দুই অভিজ্ঞ ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ প্ৰদৰ্শন আছিল আকৰ্ষণীয় । বিৰাট কোহলীয়ে ১২০ বলত ১৩৫ ৰাণৰ এক দমনীয় ইনিংছ খেলে । যাৰ ফলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ সন্মুখত এই বৃহৎ ৰাণৰ লক্ষ্য ৰাখিবলৈ সক্ষম হ'ল ।

কোহলীৰ আউটৰ পিছত কে এল ৰাহুল আৰু জাদেজাই দলটোক আগুৱাই লৈ যায় । ভাৰতৰ হৈ কে এল ৰাহুলে অধিনায়কৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে । ৫৬ বলত ৬০ ৰাণৰ ইনিংছ খেলি আউট হয় ৰাহুল । আনহাতে জাদেজাই ১৯ বলত ৩২ ৰাণ সংগ্ৰহ কৰে । এতিয়া ভাৰতৰ লক্ষ্য হ'ব কেনেদৰে দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলক প্ৰতিৰোধ কৰিব পৰা যায় । কিয়নো টেষ্ট শৃংখলা জয়ৰ পিছত আলহী দলটোৰ মনোবল শক্তিশালী হৈ আছে । ইফালে কুঁৱলীৰ প্ৰভাৱৰ বাবে দ্বিতীয় ইনিংছত বলাৰে পিটছৰ পৰা বিশেষ সুবিধা নাপাব ।

দক্ষিণ আফ্ৰিকাৰ ইনিংছ

ভাৰতে বান্ধি দিয়া ৩৫০ ৰাণৰ লক্ষ্য আগত লৈ খেলপথাৰত নামিল দক্ষিণ আফ্ৰিকাৰ বেটছমেন । কিন্তু প্ৰথম পৰ্যায়তে হৰ্ষিত ৰাণা আৰু অৰ্শদীপ সিঙৰ আক্ৰমণত ধৰাশায়ী হ'ল দক্ষিণ আফ্ৰিকাৰ বেটছমেন । হৰ্ষিত ৰাণাৰ আক্ৰমণাত্মক বলিঙৰ বাবে ৰিয়ান ৰিকেলটন আৰু কুইণ্টন ডি ককে ১ ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে । দুয়োগৰাকী বেটছমেনে শূন্যতে উভতিবলগীয়া হয় ।

আনহাতে অধিনায়ক এডেন মাৰ্ক্ৰামে কিছু সাৱধানে খেলিবলৈ লৈছিল যদিও তেওঁও অৰ্শদীপৰ চিকাৰ হয় । ইয়াৰ পিছত মেথিউ ব্ৰিট্জকে আৰু টনি ডি জোৰ্জিৰ মাজত পাৰ্টনাৰশ্বিপ হয় যদিও কুলদীপ যাদৱে প্ৰথম অভাৰতে জোৰ্জিক ড্ৰেছিং ৰুমৰ বাট দেখুৱায় । জোৰ্জিয়ে ৩৫ বলত ৩৯ ৰাণ সংগ্ৰহ কৰে । ১৫ অভাৰলৈ দক্ষিণ আফ্ৰিকাৰ স্ক'ৰ ৪ উইকেটত ৭৭ ৰাণ ।

ভাৰতীয় বলাৰৰ দমন !

ৰাঁচীত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়াত ভাৰতীয় দলৰ মজবুত স্থিতি । প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত ৩৫০ ৰাণৰ বৃহৎ লক্ষ্য ৰখাৰ পিছত বলিঙৰ দ্বাৰাও আকৰ্ষণীয় প্ৰদৰ্শন । যাৰ ফলত ২৫ অভাৰলৈ দক্ষিণ আফ্ৰিকাই হেৰুৱাইছে ৫ টা উইকেট । দলটোৱে সংগ্ৰহ কৰিছে ১৬২ ৰাণ । কুঁৱলীৰ ফলত পিটছৰ পৰা বিশেষ লাভ নহ'লেও হৰ্ষিত ৰাণাই ৩ টা উইকেট দখল কৰি ভাৰতক শক্তিশালী স্থিতিলৈ লৈ গৈছে । ইফালে দক্ষিণ আফ্ৰিকাৰ হৈ মেথিউ ব্ৰিট্জকে অৰ্ধশতক সম্পূৰ্ণ কৰিছে । এতিয়া দক্ষিণ আফ্ৰিকাক বিজয়ৰ বাবে ২৫ অভাৰত ১৮৮ ৰাণৰ প্ৰয়োজন ।

লগতে পঢ়ক :ভাৰত বনাম দক্ষিণ আফ্ৰিকা : ৰাঁচীত প্ৰথম এদিনীয়া

Last Updated : November 30, 2025 at 10:36 PM IST