ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকা : ৰাঁচীত প্ৰথম এদিনীয়া

শুভমন গিলৰ অনুপস্থিতিত কে এল ৰাহুলে দলক নেতৃত্ব দিব । ৰোহিত আৰু কোহলী উভতি আহিছে দললৈ ।

IND vs SA
ভাৰত বনাম দক্ষিণ আফ্ৰিকা : ৰাঁচীত প্ৰথম এদিনীয়া (IANS)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 1:32 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছত ৩ খনীয়া এদিনীয়া শৃংখলাত ভাৰত মুখামুখি হ'ব দক্ষিণ আফ্ৰিকাৰ । শৃংখলাৰ আজি প্ৰথমখন এদিনীয়া ৰাঁচীত অনুষ্ঠিত হ'ব । এই মেচত ভাৰতে নিজৰ দলৰ শক্তি পৰীক্ষা কৰিব, কিয়নো অধিনায়ক শুভমন গিল আৰু উপ-অধিনায়ক শ্ৰেয়স আয়াৰ দুয়োজনেই শৃংখলাৰ বাহিৰত আছে । গতিকে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল প্ৰথম এদিনীয়াৰ বাবে কি হ'ব ভাৰতীয় দলৰ প্লেয়িং ১১ ।

গিলৰ অনুপস্থিতিত কে এল ৰাহুলে দলটোক নেতৃত্ব দিব । সেয়ে তেওঁ একাদশত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত । তেওঁ ৬ নম্বৰত বেটিং কৰিব বুলিও নিশ্চিত কৰিছে । ৰোহিত শৰ্মা আৰু বিৰাট কোহলীও প্লেয়িং ১১ত থকাটো নিশ্চিত । অৱশ্যে ৰোহিতৰ সমান্তৰালকৈ জয়ছোৱাল নে ৰুতুৰাজ গাইকৱাড়ে অপেনিং কৰিব সেয়া লক্ষণীয় হ'ব ।

যদি ৰোহিত জয়ছোৱালে অপেন কৰে তেন্তে ৰুতুৰাজে ৪ নম্বৰত খেলাৰ বিকল্পও আছে । কে এল ৰাহুলে মেচৰ পূৰ্বে সংবাদমেলত স্পষ্টভাৱে কয় যে যদি ঋষভ পন্তে দলত যোগদান কৰে তেন্তে তেওঁ উইকেটকীপিং কৰিব । এইদৰে যদি আমি ভাৰতৰ শীৰ্ষ ৬ টা স্থান বিবেচনা কৰোঁ তেন্তে জয়ছোৱালে ৰোহিত অপেনিং কৰিব, কোহলী ৩ নম্বৰত, ৰুতুৰাজক ৪ নম্বৰত, পন্তক ৫ নম্বৰত আৰু কে এল ৰাহুলক ৬ নম্বৰত বেটিং কৰা দেখা যাব ।

ইয়াৰ পিছত ভাৰতৰ ৩ গৰাকী অল-ৰাউণ্ডাৰ আছে : ৱাশ্বিংটন সুন্দৰ, নীতিশ ৰেড্ডী আৰু ৰবীন্দ্ৰ জাদেজা । জাদেজাৰ দলত স্থান পোৱা প্ৰায় নিশ্চিত যদিও ভাৰতে ৱাশ্বিংটন সুন্দৰ আৰু নীতিশ কুমাৰ ৰেড্ডীৰ মাজৰ পৰা এজনক নিৰ্বাচন কৰিব লাগিব । কুলদীপ যাদৱেও খেলাৰ সম্ভাৱনা আছে । অৱশ্যে ৰাঁচীৰ পিটচে স্পিনাৰ আৰু ছিমাৰ উভয়কে যথেষ্ট সহায় আগবঢ়ায় । সেয়ে ভাৰতে ৰাঁচীত ৩ গৰাকী পেচাৰক লৈ খেলাৰ সম্ভাৱনা আছে ।

ভাৰতৰ সম্ভাব্য প্লেয়িং ১১ :

ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, ৰুতুৰাজ গাইকৱাড়, ঋষভ পন্ত, কে এল ৰাহুল (অধিনায়ক আৰু উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ ।

ৰাঁচীৰ পিটছ :

এই পৰ্যন্ত ৰাঁচীত মুঠ ৬ খন মেচ অনুষ্ঠিত হৈছে । য'ত ভাৰতে ৩ খন খেলত জয়লাভ কৰিছে । মাত্ৰ দুবাৰহে প্ৰথমে বেটিং কৰা দলটোৱে এখন মেচত জয়লাভ কৰিছে । মাত্ৰ এবাৰহে অতিক্ৰম কৰিছে ৩০০ ৰাণৰ টাৰ্গেট । গতিকে ইয়াৰ পিটচ বলাৰ অনুকূল বুলি ক'ব পাৰি । ফাষ্ট বলাৰসকলে ৩৫.৪৮ গড়ে ৩৯ টা উইকেট দখল কৰাৰ বিপৰীতে স্পিনাৰে ৪০.৬৫ গড়ে ৩৫ টা উইকেট দখল কৰিছে । যিহেতু দিবা-নৈশৰ মেচ গতিকে দ্বিতীয় ইনিংছত কুঁৱলীৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে, গতিকে টছটোও গুৰুত্বপূৰ্ণ হ'ব ।

দক্ষিণ আফ্ৰিকাৰ সম্ভাব্য প্লেয়িং ১১ :

কুইণ্টন ডি কক, ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), এডেন মাৰ্ক্ৰাম, টেম্বা বাভুমা, মেথিউ ব্ৰিট্জকে, ডেৱাল্ড ব্ৰুইছ, মাৰ্কো জান্সেন, কৰ্বিন বছ, কেশৱ মহাৰাজ, নন্দ্ৰে বাৰ্গাৰ, লুংগি এনগিডি ।

লগতে পঢ়ক :নৱী মুম্বাইত আৰম্ভ বদোদৰাত সমাপ্ত, চাওঁক WPL 2026 ৰ সম্পূৰ্ণ সূচী