পাঁচবাৰৰ IPL চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ নতুন মুখ্য প্ৰশিক্ষক ঘোষণা, বিদেশী নহয়, ভাৰতীয় বেগী বলাৰক দিলে দায়িত্ব
চেন্নাই ছুপাৰ কিংছে আই পি এল ২০২৭ৰ বাবে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ জাহিৰ খানক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে ।

Published : September 22, 2026 at 7:32 AM IST
চেন্নাই : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে সোমবাৰে ভাৰতীয় বাওঁহাতৰ প্ৰাক্তন বেগী বলাৰ জাহিৰ খানক ২০২৭ সংস্কৰণৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে ৷ দলটোৰ ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতে পদত্যাগ কৰা নিউজিলেণ্ডৰ প্ৰাক্তন বলাৰ ষ্টিফেন ফ্লেমিঙৰ ঠাইত জাহিৰ খানক নিযুক্তি দিয়া হৈছে ৷ ফ্লেমিঙে বিগত ১৮ বছৰ ধৰি চি এছ কেৰ সৈতে জড়িত হৈ আছিল ৷
চি এছ কেয়ে ইনষ্টাগ্ৰামত এই কথা ঘোষণা কৰি কয়, “চেন্নাই ছুপাৰ কিংছৰ মুখ্য প্ৰশিক্ষক হিচাপে জাহিৰ খানক আদৰণি জনাইছো ৷” এম এছ ধোনী, অধিনায়ক ঋতুৰাজ গাইকোৱাড, স্বত্বাধিকাৰী ৰূপা গুৰুনাথকে ধৰি চি এছ কেৰ ক্ৰিকেট মেনেজমেণ্ট কমিটীয়ে এই সংস্কৰণত এজন ভাৰতীয় প্ৰশিক্ষক বিচাৰিছিল ৷ ২০২৪ চনৰ আই পি এলত জহিৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷
ZAK HERE FOR THE PRIDE! 🦁#WhistlePodu for the Head Coach of Chennai Super Kings! 🥳💛
— Chennai Super Kings (@ChennaiIPL) September 21, 2026
Read more, Link -https://t.co/v8muYn4yVA pic.twitter.com/eQChQ6yDEB
কি ক’লে জাহিৰ খানে?
সোমবাৰে চি এছ কেয়ে প্ৰকাশ কৰা এক বিবৃতিত জাহিৰ খানে এই সফল ফ্ৰেঞ্চাইজিৰ অংশ হোৱাটো এক সন্মান বুলি অভিহিত কৰে ৷ আই পি এলৰ ইতিহাসৰ অন্যতম সফল দলৰ অংশ হোৱাটো এক গৌৰৱৰ কথা ৷ এজন ক্ৰিকেটাৰ হিচাপে মই খেলপথাৰত চি এছ কেৰ সৈতে মুখামুখি হৈছো আৰু সেই মেচসমূহ সম্পূৰ্ণৰূপে উপভোগ কৰিছো ৷ ইমান চহকী ইতিহাসৰে এই সন্মানীয় ফ্ৰেঞ্চাইজিত যোগদান কৰিবলৈ পাই মই অতিশয় উৎসাহিত হৈছো ৷
Words straight from the heart!
— Chennai Super Kings (@ChennaiIPL) September 21, 2026
Yellove right back at you, Zak 💛🫂#WhistlePodu #Yellove pic.twitter.com/vgCmzKOSVV
চি এছ কেৰ স্বত্বাধিকাৰীয়ে কি ক’লে ?
চি এছ কেৰ স্বত্বাধিকাৰী ৰূপা গুৰুনাথে এই নিযুক্তিক লৈ সন্তোষ প্ৰকাশ কৰি কয়, "জাহিৰৰ বিখ্যাত কেৰিয়াৰ আৰু যুৱ প্ৰতিভাৰ দক্ষতা চিনাক্ত কৰাৰ প্ৰমাণিত ক্ষমতাই তেওঁক আমাৰ দলৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি তুলিছে ৷ আমি নিশ্চিত যে তেওঁৰ নিৰ্দেশনাই এই ফ্ৰেঞ্চাইজিৰ ভেটি শক্তিশালী কৰাত সহায় কৰিব ৷"
Left Arm “Taking” Over! 💫🦁
— Chennai Super Kings (@ChennaiIPL) September 21, 2026
Welcoming Zaheer Khan as the Head Coach of Chennai Super Kings!#WhistlePodu #Yellove 🦁💛
জাহিৰ খানৰ প্ৰশিক্ষকৰ অভিজ্ঞতা
জাহিৰ খানৰ প্ৰশিক্ষক হিচাপে যথেষ্ট অভিজ্ঞতা আছে ৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মেণ্টৰৰ ভূমিকা গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেট অপাৰেশ্যনৰ সঞ্চালক আৰু গ্ল’বেল ডেভেলপমেণ্টৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ উপৰিও চলিত বৰ্ষৰ আৰম্ভণিতে বেংগালুৰুৰ বি চি চি আই চেণ্টাৰ অৱ এক্সেলেন্স (চি অ’ ই)ত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ ‘এ’ আৰু নিৰ্বাচিত খেলুৱৈৰ দলৰ বাবে ফাষ্ট বলিং শিবিৰ অনুষ্ঠিত কৰিছিল ৷

জাহিৰ খানৰ ক্ৰিকেট কেৰিয়াৰ
জাহিৰ খানে ১৪ বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল ৷ এই সময়ছোৱাত তেওঁ ভাৰতক ৯২খন টেষ্ট, ২০০খন এদিনীয়া আৰু ১৭খন টি-২০ত প্ৰতিনিধিত্ব কৰি সকলো ফৰ্মেটতে মুঠ ৬১০টা উইকেট দখল কৰে ৷ ২০১১ চনৰ এদিনীয়া বিশ্বকাপতো তেওঁ ভাৰতৰ ঐতিহাসিক খিতাপ জয়ৰ সময়ত ২১টা উইকেট দখল কৰি দলটোৰ সফল বলাৰ হিচাপে পৰিগণিত হৈছিল ৷

আই পি এলত অভিজ্ঞ বাওঁহাতৰ বলাৰগৰাকীয়ে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি), মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ হৈ খেলি ১০০খন মেচত গড়ে ২৭.২৭ ৰাণত ১০২টা উইকেট দখল কৰে ৷
লগতে পঢ়ক : ভাৰত বনাম জাপান আন্তঃৰাষ্ট্ৰীয় টি২০ : এই ঐতিহাসিক খেলখন ক’ত কেনেদৰে উপভোগ কৰিব ?

