ETV Bharat / snippets

তিতাবৰত অচিনাক্ত বাহনৰ খুন্দাত যুৱকৰ কৰুণ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 12:01 PM IST

ROAD ACCIDENT TITABOR
অচিনাক্ত বাহনৰ খুন্দাত যুৱকৰ কৰুণ মৃত্যু (ETV Bharat Assam)

যোৰহাট, 27 মে’: দেওবাৰে নিশা তিতাবৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । তিতাবৰৰ মাধপুৰ-হলৌগুৰি অঞ্চলত সংঘটিত হয় উক্ত শোকাৱহ পথ দুৰ্ঘটনাটো । দ্ৰুতবেগী এখন অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন যুৱক । মৃত যুৱকজন তুনু কৰ্মকাৰ(২৮) বুলি জানিব পৰা গৈছে ।

তুনু কৰ্মকাৰ নামৰ যুৱকজনে নিজ কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত তথা বৰহোলা দিশৰ পৰা ন-আলিৰে তিতাবৰ অভিমুখী এখন দ্ৰুতবেগী বগা ৰঙৰ বাহনে খুন্দিওৱাৰ ফলত ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় যুৱকজনে ৷ দুঘটনা সংঘটিত কৰিয়েই বাহনখন পলাই যাবলৈ সক্ষম হয় । দুৰ্ঘটনা সংঘটিত কৰা বগা ৰঙৰ বাহনখনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.