ETV Bharat / snippets

সমাগত বাৰিষা, সাজু নগাঁও প্ৰশাসন

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 7:50 AM IST

Nagaon district administration Review meeting on flood preparedness
সমাগত বাৰিষা, সাজু নগাঁও প্ৰশাসন (ETV Bharat Assam)

নগাঁও, 23 মে’ : সাম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন । আগন্তুক বাৰিষাত হ’ব পৰা সাম্ভাব্য বান পৰিস্থিতি সন্দৰ্ভত বুধবাৰে এখনি পৰ্যালোচনা সভাৰ আয়োজন কৰা হয় ৷ য’ত দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে জিলাখনৰ দুৰ্যোগ প্ৰশমনৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাসমূহ উপস্থাপন কৰা হয় ৷

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ যুটীয়া সচিব সত্যজিত চেতিয়াই সকলো বিভাগৰ "ফ্লাদ এক্সন প্লেন"ৰ লগতে বানৰ সময়ত ব্যৱহৃত প্ৰয়োজনীয় সামগ্ৰী মজুত আছে নাই সেই সম্পৰ্কেও বুজ লয় । আনকি সকলো বিভাগকে বানৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ প্ৰতিবেদনসমূহ 24 ঘণ্টাৰ ভিতৰত নিজ অঞ্চলৰ সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.