ETV Bharat / snippets

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল লক্ষাধিক টকাৰ সামগ্ৰী

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 11:56 AM IST

Three shops in kaliabor caught massive fire
অগ্নিকাণ্ডৰ ঘটনা (Etv bharat assam)

কলিয়াবৰ, 27 মে’: কলিয়াবৰৰ মিৰিভেটিৰ সোমেশ্বৰ বৰা নামৰ ব‍্যৱসায়ীগৰাকীৰ গেলামালৰ দোকানত অগ্নিকাণ্ডৰ সূত্ৰপাত । ধাৰাসাৰ বতাহ-বৰষুণৰ মাজতে নিশা প্ৰায় 12 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । সোমেশ্বৰ বৰাৰ গেলামাল দোকানৰ সকলো সামগ্ৰী ভস্মীভূত হোৱাৰ লগতে সমীপৰ জয়ন্ত দাসৰ দোকানৰো সকলো সামগ্ৰী নষ্ট হৈ যায় বুলি ভুক্তভোগীয়ে জনায় ।

আনহাতে, এখন চেলুনতো অগ্নিসংযোগ হৈছে বুলি জানিব পৰা গৈছে । প্ৰায় 15 লাখ টকাৰ সম্পত্তি ভস্মীভূত হয় ইয়াৰ ফলত । বতাহ-বৰষুণৰ বাবে বৈদ্যুতিক সংযোগ বিচ্ছিন্ন হৈ আছিল যদিও অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ'ল, সেই সন্দৰ্ভত কোনো তথ‍্য লাভ কৰিব পৰা নাই ৷

লগতে পঢ়ক: সাতগাঁৱত গেছৰ পাইপত লাগিল জুই - SATGOAN FIRE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.