ETV Bharat / snippets

নগাঁৱত প্ৰচণ্ড ধুমুহাৰ মাজতে উদ্ধাৰ হৰিণা

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 5:53 PM IST

Updated : May 29, 2024, 2:50 PM IST

Nagaon forest department
Deer rescued (ETV Bharat Assam)

নিউজ ডেস্ক, 28 মে’: সকলোৰে বাবে যেন বিপদ কঢ়িয়াই আনিছে সাগৰীয় ঘূর্ণিবতাহ ৰেমলে । কি মানুহ কি জীৱ-জন্তু, সকলোৰে মনত এতিয়া এক আতংক হৈ পৰিছে ৰেমল । বৰষুণ-ধুমুহাৰ ফলত মানুহেই নহয় বনাঞ্চলত থকা বন্য জীৱ-জন্তুৰ মাজতো বিৰাজ কৰিছে আতংকময় পৰিবেশে ।

ৰেমলৰ আতংকৰ মাজতে সোমবাৰে নিশা নগাঁও চহৰৰ সমীপৱৰ্তী বৰভেটি অঞ্চলত উদ্ধাৰ কৰা হয় এটা হৰিণা । স্থানীয় ৰাইজে হৰিণাটো দেখাৰ লগে লগে উদ্ধাৰ অভিযানত নামি পৰে । নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াই তৎপৰতাৰে অঞ্চলটোলৈ বন বিভাগৰ এটা দল প্ৰেৰণ কৰি হৰিণাটো উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত হৰিণাটো বন বিভাগৰ লোকে মুকলি কৰি দিয়ে নগাঁৱৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ।

Last Updated : May 29, 2024, 2:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.