ETV Bharat / politics

অসমৰ পৰা খেদা হ'ব অবৈধ প্ৰব্ৰজনকাৰী, নলবাৰীৰ পৰা হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ

নলবাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্বাচনী ৰণশিঙা ৷ কংগ্ৰেছৰ দিনত হোৱা প্ৰব্ৰজনকাৰীক বিচাৰি বিচাৰি অসমৰ পৰা খেদা হ'ব বুলি ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ৷

Union Home Minister Amit Shah
অসমৰ পৰা খেদা হ'ব অবৈধ প্ৰব্ৰজনকাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 29, 2026 at 9:41 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: দেওবাৰে নলবাৰীৰ চামতাত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ দেওবাৰে বিয়লি ৩.৩০ বজাত টিহু সমষ্টিৰ চামতাৰ বালিপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভা সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাক স্মৰণ কৰি নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়, "অসমত দুটা দলে নিৰ্বাচন খেলিছে ৷ এটা দলে অবৈধ প্ৰব্ৰজনকাৰীক আশ্ৰয় দিছে ৷ আনটো দলে অনুপ্ৰৱেশকাৰী ৰোধ কৰিছে, অসমক বিকাশ কৰিছে ৷ কংগ্ৰেছে অনা অবৈধ প্ৰব্ৰজনকাৰী আমি এটা এটাকৈ বিচাৰি উলিয়াই খেদি পঠাম ৷"

অসমৰ পৰা খেদা হ'ব অবৈধ প্ৰব্ৰজনকাৰী (ETV Bharat Assam)

কংগ্ৰেছৰ শাসনকালৰ কথা উল্লেখ কৰি শ্বাহে কয়, "কংগ্ৰেছৰ দিনত ১৫ আগষ্ট বা ২৬ জানুৱাৰীত বোমা বিস্ফোৰণ হয় ৷ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছিল ৷ কিন্তু বিজেপিৰ দিনত এটাও বোমা বিস্ফোৰণ হোৱা নাই ৷ কংগ্ৰেছৰ দিনত ২০০৪ ত ধেমাজিত বোমা বিস্ফোৰণ হৈছিল, কোনো লোকে শান্তিত থাকিব পৰা নাছিল ৷ কিন্তু বিজেপি চৰকাৰ অহাৰ পাছতে অসমত শান্তি আহিছে, উন্নয়নৰ ধাৰা অব্যাহত আছে ৷"

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসংগ উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছৰ দিনত কাজিৰঙাত হোৱা বেদখল আৰু গঁড় হত্যা ৰোধ কেৱল বিজেপিয়ে কৰিবলৈ সক্ষম হৈছে ৷ সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ সক্ষম হৈছে ৷ ১০,০০০ যুকক সন্ত্ৰাসবাদৰ পৰা মূলসূঁতিলৈ ওভতাই আনিলো ৷"

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, "নেহৰুৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ লগত চামিলৰ বাবে এৰি দিছিলে ৷ কিন্তু গোপীনাথ বৰদলৈয়ে নেহৰুৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল ৷ যাৰ বাবে তেওঁক 'ভাৰতৰত্ন' সন্মান নিদিলে কংগ্ৰেছে ৷ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে লোৱা সাহসী পদক্ষেপক সন্মান জনাই বিজেপিয়ে 'ভাৰতৰত্ন'ৰে সন্মান প্ৰদান কৰা হ'ল ৷"

লগতে পঢ়ক: বিধায়ক ভাস্কৰজ্যোতি বৰুৱাকে ধৰি ১৫ গৰাকী কাৰ্যকৰ্তাক ছয় বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ