ৰাজনীতি ! কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই, ৰকিবুল হুছেইনে উভতি ধৰিছে মুখ্যমন্ত্ৰীক
ভূপেন বৰাৰ দলত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ ৰকিবুল হুছেইনৰ । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ ৰকিবুল হুছেইন ।

Published : February 16, 2026 at 7:12 PM IST
|Updated : February 16, 2026 at 7:18 PM IST
নগাঁও: প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলত্যাগে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ৷ সাংসদ ৰকিবুল হুছেইনক লৈ ক্ষুব্ধ হৈ ভূপেন বৰাই দলত্যাগে কৰা বুলি চর্চা চলি থকাৰ মাজতে ভূপেন বৰাৰ দলত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে ।
ভূপেন বৰাৰ দলত্যাগে ৰাজ্যৰ ৰাজনীতি জোকাৰি যোৱাৰ সময়তে ভূপেন বৰাই দলত্যাগ নকৰে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ।
ভূপেন বৰাৰ দলত্যাগক লৈ ৰকিবুল হুছেইনে কয়, “কিছু ক্ষোভ থাকিব পাৰে । দলৰ নেতৃত্বই আলোচনা কৰি আছে ভূপেন বৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দলৰ নেতৃত্বই আলোচনাত মিলিত হৈছে । মই ভাবো সকলো ঠিক হৈ যাব । এইটোক লৈ হিমন্ত বিশ্ব শৰ্মা ইমান উৎফুল্লিত হোৱাৰ কাৰণ দেখা নাই । মই তেওঁক কৈছোঁ... মোক ব্যক্তিগতভাৱে কথা ক’লে ময়ো ব্যক্তিগতভাৱে ক’বলৈ বাধ্য হ’ম । মই মাজুলীলৈ যোৱাৰ প্ৰসংগত তেওঁ মন্তব্য কৰিছে । মই পৰ্যটন মন্ত্ৰী হৈ থাকোতেই মাজুলীলৈ যাওঁ । মাজুলীৰ পৰ্যটন নিবাস মই তেতিয়াই নিৰ্মাণ কৰিছিলোঁ । মই ব্যক্তিগতভাৱেও মাজুলীত অৱদান আগবঢ়াইছিলো । সময়ত হিমন্ত বিশ্ব শৰ্মাই এটা টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত মোৰ দৰে ধৰ্মনিৰপেক্ষ মানুহ দেখা নাই বুলি মন্তব্য কৰিছিল । মোক তেতিয়া তেওঁৱেই প্ৰশংসা কৰিছিল । তেওঁৰ প্ৰতিটো কথাৰ উত্তৰ দিম, সাহসেৰে যুঁজিম । প্ৰয়োজনত ৰাজনীতিয়েই নকৰো । তেওঁৰ এতিয়া ভাল পৰামৰ্শদাতা নোহোৱা হৈছে কাৰণে হয়তো মোক মনত পেলাইছে । মোৰ কিন্তু তেওঁলৈ মনত নপৰে । মোক যেতিয়াৰ পৰা হত্যা কৰিব খুজিছিল, তেতিয়াৰ পৰা মই তেওঁলোকৰ লগত নায়েই । তেওঁক কেৱল ক্ষমতা লাগে ।’’
গঁড় হত্যাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি ৰকিবুল হুছেইনে কয়, ‘‘চোৰাং চিকাৰীয়ে থ্ৰী নট থ্ৰী ৰাইফালেৰে গঁড় হত্যা কৰে ৷ কিন্তু হঠাৎ সেই সময়ত AK - 47, 56 ব্যৱহাৰ কৰি কোনে গঁড় হত্যা কৰিছিল, সেয়া সকলোৱে জানে । সেই সময়ত SB ৰ তথ্য মতে চোৰাং চিকাৰীতকৈ দাঁতিকাষৰীয়া আত্মসমৰ্পণ কৰা লোকে হত্যা কৰিছিল । সেই লোকসকলৰ সৈতে কাৰ সম্পৰ্ক আছে, এয়া সকলোৱে জানে । মই তাত কলিয়াবৰৰ ওচৰত ফৰেষ্ট বেটেলিয়ন কৰিব বিচাৰোঁতে কোনে বাধা প্ৰদান কৰিছিল, সেয়া সকলোৱে জানে ।’’
হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ ৰকিবুল হুছেইনৰ প্ৰশ্ন, ‘‘আমি যে কৈছিলোঁ তেওঁ আলফা আছিল, তেওঁ আলফা আছিল নে নাই পোনপটীয়া উত্তৰ দিয়ক । তেওঁ মানুহ হত্যা কৰা মানুহ হয়নে নহয় ? দহ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ চার্জশ্বীট দিয়া কথা কৈ এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে দহ ছেপ্টেম্বৰতেই কেনেকৈ জানিলে জুবিন হত্যাৰ কথা ? এইসমূহ পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই ।’’
মুঠৰ ওপৰত ভূপেন বৰাৰ পদত্যাগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে একালৰ বন্ধু ৰকিবুল হুছেইন ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী ফলিয়ালে ! কংগ্ৰেছ এৰিলে ভূপেন বৰাই

