ভোটগণনাৰ বাবে সাজু প্ৰশাসন, পুৱা ১০ বজাৰ পৰা ভোটগণনা আৰম্ভ
শুকুৰবাৰে ৰাজ্যৰ ২৯ খন পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ প্ৰশাসনে ভোটগণনাৰ বাবে চলাইছে সম্পূৰ্ণ প্ৰস্তুতি ।

Published : January 16, 2026 at 12:09 AM IST
মুম্বাই(মহাৰাষ্ট্ৰ): মহাৰাষ্ট্ৰৰ ২৯ খন পৌৰ নিগমৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হয় ভোটগ্ৰহণ । ৯ বছৰৰ পাছত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ দিনটো উৎসাহৰ সাক্ষী হোৱাৰ বিপৰীতে বহু ঠাইত ভোটৰ হাৰ আশা কৰাতকৈ কম হোৱা দেখা যায় । এতিয়া শাসনৰ বাঘজৰী কাৰ হাতলৈ যাব, তাতেই দৃষ্টি আবদ্ধ আছে সকলোৰে ।
ভোট গণনাৰ বাবে সাজু প্ৰশাসন
পৌৰ নিগমৰ ভোটদানৰ পিছত ভোটগণনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা পানভেল পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হ’ব ৷ চহৰখনৰ মুঠ ৬ টা স্থানত একেলগে ভোটগণনা অনুষ্ঠিত হ’ব ৷
এই গণনা প্ৰক্ৰিয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা, চি চি টিভি সংস্থাপনৰ লগতে প্ৰতিটো গণনা কেন্দ্ৰত অগ্নিনিৰ্বাপক আৰু চিকিৎসা কৰ্মীৰ দল মোতায়েন কৰা হ’ব বুলি পানভেল পৌৰ নিগমৰ উপ-আয়ুক্ত নানাছাহেব কামথে জানিবলৈ দিয়ে ।
ভোট গণনাৰ ওপৰত গুৰুত্ব
গণনা প্ৰক্ৰিয়াৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, সেয়া ৰোধ কৰিবলৈ গণনা কেন্দ্ৰসমূহৰ এলেকাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।
উপ-আয়ুক্ত নানাচাহেব কামথে এই সন্দৰ্ভত এনেদৰে কয়, ‘‘ভোটগণনা যাতে সুকলমে, স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী কৰ্মীসকল সম্পূৰ্ণ সাজু । গণনাৰ সময়ত প্ৰাৰ্থীৰ প্ৰতিনিধি, নিৰ্বাচন পৰ্যবেক্ষক আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব । সমগ্ৰ জিলাখনে এই গণনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিয়ে পানভেলৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিব ।’’
একাংশ স্থানত ভোটদানৰ সময়ত বিভ্ৰান্তি
ৰাজ্যত ভোটদান আৰম্ভ হোৱাৰ পিছত বহু ঠাইত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । ভোটাৰ তালিকাত বিভ্ৰান্তি, ভোটকেন্দ্ৰ বিচাৰি ফুৰা ভোটাৰসকলে দৌৰি ফুৰা, অতি সোনকালে চিয়াঁহী মচা যোৱাৰ অভিযোগ আৰু দুবাৰকৈ কৰা ভোটদানৰ দৰে কেতবোৰ কাণ্ডৰ অভিযোগে একাংশ অঞ্চলত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গৈছিল ৷
লগতে পঢ়ক: ভাৰতৰ ভূখণ্ডত অবৈধভাৱে প্ৰৱেশ কৰা পাকিস্তানী নাও জব্দ, গ্ৰেপ্তাৰ ৯

