অসমত দুই-তৃতীয়াংশ কোনে পাব ? উপ-মুখ্যমন্ত্ৰী আৰু দেশৰ গৃহ মন্ত্ৰীৰ মাজত টনা-আজোৰা
বিজেপিয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ।

By ANI
Published : March 31, 2026 at 7:45 PM IST
বেংগালুৰু : অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা দাবীক নস্যাৎ কৰিছে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ।
ভাৰতীয় জনতা পাৰ্টীয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি শ্বাহে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱকুমাৰে এইবাৰৰ নিৰ্বাচন কংগ্ৰেছৰ সপক্ষেহে হ’ব বুলি আস্থা প্ৰকাশ কৰে ।
শিৱকুমাৰে কয়, ‘‘অমিত শ্বাহে কৈছে যে তেওঁলোকে(বিজেপি) দুই-তৃতীয়াংশ আসন লাভ কৰিব ৷ কিন্তু আমিহে দুই-তৃতীয়াংশ আসন লাভ কৰিম আৰু তেওঁলোকে এক-তৃতীয়াংশ আসন লাভ কৰিব ।’’
অসম বিধানসভা নিৰ্বাচনৰ পূর্বে আগশাৰীৰ ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ বাকবিতণ্ডা দেখিবলৈ পোৱা গৈছে ৷ এনে বাক-বিতণ্ডাৰ মাজতে এই মন্তব্য প্ৰকাশ কৰিছে জ্যেষ্ঠ ৰাজনীতিক শিৱকুমাৰে ৷ শাসক-বিৰোধী দুয়োপক্ষৰ ৰাজনৈতিক নেতাদ্বয়ে নিজৰ নিজৰ দলে শাসনৰ গুৰি ধৰাৰ দাবী কৰিছে ৷
২৯ মাৰ্চত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক ভোট বেংকৰ ৰাজনীতিৰে ৰাজ্যৰ জনগাঁথনি সলনি কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আক্ৰমণ চলাইছিল ৷ তদুপৰি আগন্তুক পাঁচ বছৰৰ ভিতৰত বিজেপি চৰকাৰে দেশৰ প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব বুলিও দাবী কৰিছিল ।
নলবাৰীত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে কৈছিল, ‘‘ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছ দলে অসমৰ সমগ্ৰ জনগাঁথনি সলনি কৰি দিছে । ধুবুৰী আৰু ইয়াৰ আশে-পাশে থকা নখন জিলা এতিয়া অনুপ্ৰৱেশকাৰীৰে ভৰি পৰিছে ।’’
শ্বাহে লগতে অভিযোগ কৰিছিল যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহে দশক দশক ধৰি অবৈধ অনুপ্ৰৱেশৰ অনুমতি দিছিল । ‘‘কংগ্ৰেছ চৰকাৰে বছৰ বছৰ ধৰি অসমত অনুপ্ৰৱেশকাৰীৰ বাবে দুৱাৰ মুকলি কৰি ৰাখিছিল । আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্ত বন্ধ কৰি দিছে আৰু অনুপ্ৰৱেশকাৰীয়ে দখল কৰা ১.২৫ লাখ একৰ ভূমি ঘূৰাই লৈছে ।’’ শ্বাহৰ মন্তব্য় ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে বিজেপিৰ শাসনৰ অধীনত হিংসা আৰু বোমা বিস্ফোৰণৰ দৰে কাৰ্যসমূহ বন্ধ হৈ গৈছে ৷ বিগত সময়ত ৰাজ্যখনে সুস্থিৰ বাতাবৰণৰ সাক্ষী হৈ ৰৈছে ।
শাসন ব্যৱস্থাক সাংস্কৃতিক পৰিচয়ৰ সৈতে সংযোগ কৰি শ্বাহে দৃঢ়তাৰে কয়, ‘‘এই ভূমি, সম্পদ আৰু সংস্কৃতি আমাৰ । ইয়াৰ ওপৰত কোনো অনুপ্ৰৱেশকাৰীৰ কোনো অধিকাৰ নাই ।’’ তেওঁ লগতে ঘোষণা কৰে যে বিজেপি চৰকাৰে অসমত ইউনিফৰ্ম চিভিল কোড(ইউ চি চি) ৰূপায়ণৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ দ্বাৰা সমতা সুনিশ্চিত হ’ব আৰু বহুবিবাহৰ দৰে কু-প্ৰথাসমূহ ৰোধ হ’ব ।
উল্লেখ্য যে, ৯ এপ্ৰিলত ৰাজ্য়ৰ ১২৬ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ এই নিৰ্বাচনৰ প্ৰাকক্ষণত মন্ত্ৰী শ্বাহে এই মন্তব্য আগবঢ়ায় । ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৪ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক: কংগ্ৰেছৰ আসন এইবাৰ ১৫ খনৰ তললৈ নামিব: আগতীয়াকৈ ক'লে মুখ্যমন্ত্ৰীয়ে

