মিত্ৰতাৰ পূৰ্বে তৃণমূল পৰ্যায়ত কৰিব লাগিব আলোচনা: অসম কংগ্ৰেছক নিৰ্দেশ হাইকমাণ্ডৰ
শেহতীয়াকৈ কেন্দ্ৰীয় কংগ্ৰেছৰ নেতৃত্বৰ সৈতে হোৱা বৈঠকত কংগ্ৰেছৰ ৰাজ্যিক নেতাসকলক মিত্ৰতাৰ কৰাৰ পূৰ্বে নিজৰ মাজতে আলোচনা কৰিবলৈ কোৱা হৈছে ।

Published : December 11, 2025 at 10:02 AM IST
নতুন দিল্লী : অসমত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাৰ বাবে যোৱাৰ পূৰ্বে সমগ্ৰ ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ নেতাৰ সৈতে আলোচনা কৰিবলৈ অসমৰ নেতৃত্বক নিৰ্দেশ দিছে ৷ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ মতে, অসমত বি জে পি চৰকাৰক সিংহাসনৰ পৰা নমাই অনাৰ প্ৰয়াসত ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ নেতাসকলৰ আৱেগক অগ্ৰাধিকাৰ দিয়া হৈছে ৷
অসম বিধানসভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই বুধবাৰে ইটিভি ভাৰতৰ আগত কয়, "শেহতীয়াকৈ নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আদিৰ সৈতে আমাৰ এক গুৰুত্বপূৰ্ণ বৈঠক হৈছিল ৷ কোনো ধৰণৰ মিত্ৰতালৈ যোৱাৰ পূৰ্বে আমাক নিজৰ মাজত আলোচনা কৰিবলৈ কোৱা হৈছে ৷
শইকীয়াই জনোৱা মতে, বৈঠকৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈকো কোনো ধৰণৰ মিত্ৰতা গঠন কৰাৰ পূৰ্বে দলৰ সকলো ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ কোৱা হৈছে ৷ শইকীয়াই কয়, "এন চি পি, এছ পি আদিৰ দৰে অসম ভিত্তিক জাতীয় দলৰ ইমান তাৎপৰ্য্য নথকাৰ কথা লক্ষ্য কৰি আমি অসমৰ সমমনা আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিবলৈ সদায় সাজু হৈ আছো ৷"
মন কৰিবলগীয়া যে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ লগতে অসমৰ আন সাতটা ৰাজনৈতিক দলে এক বৃহৎ মিত্ৰতা, বি জে পি বিৰোধী ফ্ৰণ্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শইকীয়াই কয় যে মিত্ৰতাৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত চূড়ান্ত কৰাৰ পূৰ্বে আমি আমাৰ জিলা আৰু ব্লক পৰ্যায়ৰ নেতাৰ সৈতে আলোচনা কৰিম ৷
২০২১ চনত অসমত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ১২৬খন আসনৰ ভিতৰত বি জে পি নেতৃত্বাধীন এন ডি এয়ে ৭৫খন আসন লাভ কৰাৰ বিপৰীতে বি জে পিয়ে ৬০খন, অ গ পই ৯খন, ইউ পি পি এলে ৬খন আসনত জয়লাভ কৰে । ইফালে বিৰোধী দলৰ মহাজোটে ৫০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৯খন, এ আই ইউ ডি এফে ১৬খন, বি পি এফে ৪খন, চি পি আইয়ে (এম) ১খন আৰু নিৰ্দলীয়ই ১খন আসন লাভ কৰে ৷
উল্লেখ্য যে, ২০১৬ চনৰ পৰা অসমত বি জে পিয়ে চৰকাৰ গঠন কৰি অহাৰ পাছতেই বি জে পিৰ প্ৰথম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতৃত্বত ১৫ বছৰীয়া কংগ্ৰেছ শাসনৰ অন্ত পেলাই ক্ষমতালৈ আহিছিল ৷ ২০২১ চনত দ্বিতীয়টো কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় ৷
ইটিভি ভাৰতৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত অসমৰ বি জে পিৰ জ্যেষ্ঠ নেতা মানস ডেকাই ২০২৬ চনৰ নিৰ্বাচনৰ পিছত ৰাজ্যত পুনৰ ক্ষমতালৈ আহিব বুলি আস্থা প্ৰকাশ কৰে ৷ ডেকাই কয়, "তেওঁলোকে (বিৰোধীয়ে) যিমানেই ভৱিষ্যৎ মিত্ৰতা নকৰক কিয়, অসমৰ ৰাইজে সদায় বিজেপিক ভোট দিব ।"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ অসম চৰকাৰে সদায় জনপন্থী নীতি গ্ৰহণ কৰি অহা বুলি উল্লেখ কৰি ডেকাই কয়, “যোৱা ৯-১০ বছৰত, বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা যি উন্নয়ন হৈছে অসমৰ ৰাইজে দেখিছে ৷” ইয়াৰ বিপৰীতে বিৰোধী নেতাসকলে দাবী কৰে যে বি জে পিয়ে ধৰ্মৰ ভিত্তিত ৰাজ্যত এক বৃহৎ বিভাজনৰ সৃষ্টি কৰিছে ৷
কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুল খালেকে কয়, "বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰে চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰা সকলোকে সদায় লক্ষ্য কৰি লৈছে ৷ দৰাচলতে বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত ধৰ্মীয় বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ।"
লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ কাষ চাপিব কংগ্ৰেছ

