ETV Bharat / politics

নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ কাষ চাপিব কংগ্ৰেছ

জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে প্ৰতিটো সমষ্টিতে ভোটাৰৰ ওচৰলৈ যাব আৰু অভাৱ, অভিযোগসমূহ মূল্যাংকন কৰিব ।

Congress
নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ কাষ চাপিব কংগ্ৰেছ (ETV Bharat)
author img

By Amit Agnihotri

Published : December 4, 2025 at 7:58 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : ২০২৬ চনত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তাৰ পূৰ্বে ৰাজ্যখনত কংগ্ৰেছ দলে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিব । ভোটাৰৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ দলটোৱে । যাৰ বাবে অহা ৫ ডিচেম্বৰৰ পৰা ৰাজ্যখনত ভোটাৰ যোগাযোগ অভিযান আৰম্ভ কৰা হ'ব । য'ত ৰাজ্যখনৰ সকলো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব । অসম প্ৰদেশ কংগ্ৰেছে আগবঢ়োৱা এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে । ডিব্ৰুগড়ৰ পৰা আৰম্ভ হ'বলগীয়া এই অভিযানে সকলো বিধানসভা সমষ্টি সামৰি ল'ব । এই অভিযানৰ সময়ত কংগ্ৰেছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তাৱিত ইস্তাহাৰ সন্দৰ্ভত ভোটাৰৰ পৰা মতামত লাভ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভাৱ-অভিযোগসমূহো উত্থাপন কৰিব ।

কংগ্ৰেছৰ এক সূত্ৰৰ মতে অসমত ভোটাৰ যোগাযোগ অভিযান পূৰ্বে ছত্তীশগড়ত চলোৱা একেধৰণৰ অভিযানৰ আধাৰতে লোৱা হৈছে । যাৰ ফলত ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে জয়লাভ কৰিছিল । দলীয় ইস্তাহাৰৰ বাবে ইনপুট সংগ্ৰহ কৰিবলৈ জনজাতীয় ৰাজ্য ভ্ৰমণ কৰা ছত্তীশগড়ৰ জ্যেষ্ঠ নেতা টি এছ সিং দেৱ অসম ভোটাৰ যোগাযোগ অভিযানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

সংসদৰ চলি থকা শীতকালীন অধিৱেশনৰ মাজতে ২ ডিচেম্বৰত ৰাজ্যৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে অসমৰ বাবে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে আলোচনাত মিলিত হৈছিল । অসমৰ দায়িত্বত থকা এআইচিচিৰ সদস্য জীতেন্দ্ৰ সিঙে ইটিভি ভাৰতৰ আগত কয়, "আমি ৫ টা দল গঠন কৰিছোঁ যিয়ে দলৰ ইস্তাহাৰৰ পৰা জনসাধাৰণৰ আশা-আকাংক্ষাৰ মতামত ল'বলৈ ৰাজ্যজুৰি ভ্ৰমণ কৰিব । এই অভিযানৰ সময়ত ৰাজ্যৰ নেতাসকলে দুৰ্নীতি আৰু ৰাইজৰ বাবে আৱেগিক বিষয় হৈ পৰা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভোটাৰৰ সন্মুখত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাক উন্মোচন কৰিব ।

দলৰ সূত্ৰৰ মতে অসমত স্বাস্থ্য, শিক্ষা, পঞ্চায়ত আদি বৃহৎ বিভাগৰ কৰ্মচাৰীসকলে মাহৰ পিছত মাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, যিসকলে নিজৰ প্ৰাপ্য ধন বিচাৰিছে যদিও সতৰ্কবাণী, দৰমহা কৰ্তন আৰু ভয়-ভাবুকিৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে । চৰকাৰী কৰ্মচাৰীসকল ৰাজ্য প্ৰশাসনৰ মেৰুদণ্ড আৰু তেওঁলোকৰ বৈধ প্ৰতিবাদ বিৰোধিতা নহয়, আলোচনা, সন্মান আৰু জৰুৰী ব্যৱস্থাৰ যোগ্য বুলি সূত্ৰই কয় ।

অসমৰ ভোটাৰ তালিকাৰ এছআৰৰ সময়তে শাসকীয় বিজেপিয়ে বাহিৰৰ লোকক ৰাজ্যৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি এই ভোটাৰ যোগাযোগ অভিযানৰ ঘোষণা কৰে ।

৯ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলত চলি থকা এছ আই আৰৰ দৰে উত্তৰ-পূবৰ ৰাজ্যখনত এছ আৰৰ সময়ত ভোটাৰৰ পৰা কোনো নথি বিচৰা নহ'ব, য'ত ভোটাৰসকলে গণনা প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু ভোটাৰ তালিকাত নাম থকাৰ প্ৰমাণ দাখিল কৰিব লাগিব । অসমত বিএলঅ'ই দুৱাৰে দুৱাৰে গৈ ভোটাৰ তালিকাত থকা নাম পৰীক্ষা কৰিব আৰু মৃত, প্ৰব্ৰজন কৰা বা একাধিক স্থানত নাম সন্নিৱিষ্ট থকা লোকৰ নাম আঁতৰাব ।

ইফালে আঞ্চলিক দলসমূহে এছ আই আৰক একপ্ৰকাৰ এন আৰ চি বুলি অভিহিত কৰিছে । আনকি বহু দলে এছ আৰ বন্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে । এআইচিচিৰ সদস্য জীতেন্দ্ৰ সিঙে ইটিভি ভাৰতক কয়, "ভোটাৰ তালিকাত বহিঃৰাজ্যৰ লোকক অন্তৰ্ভুক্ত কৰাৰ সন্দেহ আছে । আমি পৰিস্থিতিৰ ওপৰত চকু ৰাখিছো । এছ আৰ, এছ আই আৰতকৈ পৃথক । তেওঁলোকে এছ আৰ বাছি লৈছে কিয়নো তেওঁলোকে এন আৰ চিৰ পৰা আঁতৰি থাকিব বিচাৰিছে ।"

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয়, "আমি বিচাৰো যে সম্পূৰ্ণ ডিজিটেলাইজেচন আৰু কেন্দ্ৰীয়ভাৱে পৰিচালিত, ছফটৱেৰ ভিত্তিক ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ উপৰিও আগন্তুক সকলো নিৰ্বাচনৰ বাবে ডিজিটেল ভোটাৰ তালিকা তাৎক্ষণিকভাৱে প্ৰকাশ কৰা হওঁক । তেওঁৰ মতে আধুনিক, সুৰক্ষিত ভোটাৰ তালিকা ফৰ্মেট গ্ৰহণ কৰাত বাধা দিব পৰা যিকোনো কাৰিকৰী বা প্ৰশাসনিক সীমাবদ্ধতাৰ বিষয়েও আমি ৰাজহুৱাভাৱে প্ৰকাশ হোৱাটো বিচাৰো ।

তেওঁ লগতে কয়, "খচৰা তালিকা প্ৰকাশৰ পিছত কৰা প্ৰতিটো সংযোজন, ডিলিট বা পৰিৱৰ্তনৰ বাবে কঠোৰ আৰু স্বচ্ছ অডিট ট্ৰেইল কৰা উচিত । ভোটৰ অখণ্ডতা ৰক্ষা কৰাটো যিকোনো সাংবিধানিক কৰ্তৃপক্ষৰ প্ৰথম কৰ্তব্য ।"

লগতে পঢ়ক :ৰাহুল গান্ধীৰ ৰূমত হ'ৰ্ডিঙৰ কথা আলোচনা হয়, তেনে মিটিঙলৈ যোৱা-নোযোৱা একে কথা: মুখ্যমন্ত্ৰীৰ তীৰ্যক বাক্যবাণ