ETV Bharat / international

৬.২ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান, ভাৰতটো কঁপনি

আফগানিস্তান ভূমিকম্পৰ জোকাৰণি, নতুন দিল্লী আৰু জম্মু-কাশ্মীৰকে ধৰি ভাৰতটো কম্পন ।

AFGHAN EARTHQUAKE TREMORS INDIA
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : June 27, 2026 at 9:22 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভেনিজুৱেলাৰ পিছত এইবাৰ আফগানিস্তান ভূমিকম্পৰ জোকাৰণি । শনিবাৰে সন্ধিয়া আফগানিস্তানত উচ্চ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি যায় । ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰ (National Center for Seismology) চমুকৈ এনচিএছে এই কথা প্ৰকাশ কৰিছে ।

এটা এক্স পোষ্টত এই বিষয়ে সবিশেষ উল্লেখ কৰি এনচিএছে জনোৱা মতে, ভাৰতীয় সময় মতে সন্ধিয়া ৭.০৪ বজাত ভূপৃষ্ঠৰ পৰা ২১৫ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পটো সংঘটিত হয় । এনচিএছে এক্স পোষ্টটোত লিখিছে, "৬.২ প্ৰাবল্যৰ এটা ভূমিকম্প ২৭/০৬/২০২৬ তাৰিখে ভাৰতীয় সময় মতে ১৯:০৪:৫১ বজাত ৩৬.৪৪২ উত্তৰ অক্ষাংশ আৰু ৭০.৬৭২ পূব দ্ৰাঘিমাংশত আফগানিস্তানত ২১৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় ।"

অৱশ্যে ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতিৰ বিতং তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই । ইফালে নতুন দিল্লী আৰু জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত এই ভূমিকম্পৰ কম্পন অনুভৱ হয় । ভূ-কম্পন জ’ন ভিতৰত থকা জম্মু-কাশ্মীৰত কম্পনৰ পিছত মানুহে নিৰাপদ স্থানলৈ দৌৰি যোৱা পৰিলক্ষিত হয় ।

ইমতিয়াজ আহমেদ নামৰ এগৰাকী স্থানীয় লোকে জনোৱা মতে, "ভূমিকম্পৰ সময়ত তেওঁ নিজৰ ঘৰৰ ভিতৰত চকী এখনত বহি আছিল । চকীখন কঁপি উঠে... ভগৱানক ধন্যবাদ যে এই অঞ্চলত এতিয়ালৈকে কোনো ক্ষতি হোৱা নাই । ইয়াৰ পিছত কি হ'ব পাৰে নাজানো...।"

উল্লেখ্য যে বুধবাৰে ভেনিজুৱেলাত সংঘটিত দুটাকৈ ভূমিকম্পৰ পিছতে আফগানিস্তানত সংঘটিত হয় । ভেনিজুৱেলাৰ ভূমিকম্পৰ ফলত ৯ শতাধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দেশখনৰ ধ্বংসাৱশেষৰ তলত হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হৈ আছে । ৭.২ আৰু ৭.৫ ৰিখটাৰ স্কেলৰ এই শক্তিশালী ভূমিকম্প দুটাত নিহতসকলৰ ভিতৰত আছে ২৮ জন পৰ্তুগীজ নাগৰিক, ৫ জন স্পেনিছ, ২ জন ব্ৰাজিলিয়ান, ৭ জন চীনা নাগৰিক, এজন চিলি আৰু এজন ইটালীয়-ভেনিজুৱেলাৰ নাগৰিক ।

প্ৰতিবেদন অনুসৰি, সংশ্লিষ্ট চৰকাৰৰ মতে, ৮৫ জন পৰ্তুগীজ নাগৰিক আৰু ১১৯ জন স্পেনিছ নাগৰিক নিৰুদ্দেশ বা অন্য কোনো কাৰণত সংযোগৰ পৰা বিচ্ছিন্ন হৈ আছে ।

লগতে পঢ়ক :ভেনিজুৱেলাত ভূমিকম্প : প্ৰায় ১০০০ লোকৰ মৃত্যু, লাখ লাখ লোক নিৰুদ্দেশ
লগতে পঢ়ক :ভেনিজুৱেলাত ভূমিকম্প : ধ্বংসস্তূপত পৰিণত কাৰাকাছ চহৰ; ধ্বংসাৱশেষৰ কিছু ছবি