ETV Bharat / entertainment

২০২৫ বৰ্ষৰ বাণিজ্যিকভাৱে সফল ছবি কোনকেইখন ?

চলিত বর্ষত মুক্তি লাভ কৰিলে ২২খনকৈ অসমীয়া ছবিয়ে । অৱশ্যে এই ২২খন ছবিৰ ভিতৰত বাণিজ্যিকভাৱে সফলতাৰ মুখ দেখিবলৈ সক্ষম হ’ল কেৱল ৪খন ছবিয়ে ।

yearender 2025 from bhaimon da to roi roi binale highest grossing assamese films of the year
সফলতাৰ মুখ দেখা ছবি (Photo : Screen Grab from YT)
author img

By ETV Bharat Entertainment Team

Published : December 24, 2025 at 2:38 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : বিদায়বেলাত ২০২৫ বৰ্ষ । মাজত মাথোঁ আৰু কেইটামান দিন বাকী । পুনৰ এক নতুন বতৰা লৈ আহিব আৰু এটা নতুন বছৰ । নতুন প্ৰতিশ্ৰুতি, নতুন আশাৰে ইংৰাজী নৱবর্ষক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী । বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হ'ল এই বৰ্ষটো । অসমৰ সাংস্কৃতিক জগতলৈও কঢ়িয়াই আনিলে বহু ভাল খবৰ ।

চলিত বর্ষটোত মুক্তি লাভ কৰিলে ২২খনকৈ অসমীয়া ছবিয়ে । অৱশ্যে এই ২২খন ছবিৰ ভিতৰত বাণিজ্যিকভাৱে সফলতাৰ মুখ দেখা ছবিৰ সংখ্যা তেনেই তাকৰ । বৰ্ষটোৰ বাণিজ্যিকভাৱে সফল ছবিকেইখন হৈছে - ভাইমন দা, ৰুদ্ৰ, মালামাল বইজ আৰু ৰৈ ৰৈ বিনালে ।

মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ‘ভাইমন দা’ ই মুক্তি লাভ কৰিছিল মে’ মাহত

অসমীয়া ছবি জগতৰ এক সম্ভ্ৰান্ত নাম মুনিন বৰুৱা । যিগৰাকী ব্যক্তি বহুজনৰ বাবে পৰিচিত 'ভাইমন দা' বুলি । সংগীত শিল্পৰ সাধনাৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্যকাৰ হিচাপে প্ৰথমে অসমীয়া ছবিজগতত খোজ পেলোৱা ভাইমন দাই পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়কে ধৰি সৰ্বমুঠ ১৪ খন চিনেমা নিৰ্মাণেৰে অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে ।

Assamese film
মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ভাইমন দা (Photo : Film Poster)

অসমীয়া ছবিজগতৰ এইগৰাকী কিংবদন্তিৰ জীৱনৰ আধাৰত নিৰ্মাণ হয় ছবি ‘ভাইমন দা’ ৷ চলিত বৰ্ষৰ ২৩ মে'ত মুক্তি লাভ কৰে ছবিখনে ৷ জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ আনহাতে প্ৰযোজনা কৰিছিল শ্যামন্তক গৌতমে । ছবিখনে সৰ্বমুঠ ১৪ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ।

ছবিখনৰ এই সফলতা সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰযোজক শ্যামন্তক গৌতমে কয়, "এটা ডাঙৰ বিষয়ক লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে । মুনিন বৰুৱাদেৱৰ জীৱনগাথাৰ লগতে ৯০ বছৰীয়া অসমীয়া ছবিৰ এটা সোণোৱালী ইতিহাস লৈ আমি ছবিখন নিৰ্মাণ কৰিছিলো । আমি আশা কৰিছিলো ছবিখন ৰাইজে আদৰি ল’ব আৰু আমি আশা কৰা অনুসৰিয়ে ছবিখন ৰাইজে আঁকোৱালি ল’লে । ছবিখনত জুবিন গাৰ্গে অদ্ভূত ধৰণৰ সুন্দৰ গীত কেইটামান দি গ’ল । ছবিখন দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৩০ খন ঠাইত প্ৰদৰ্শিত হয় । শেহতীয়াকৈ ৫৬ সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনেৰোমা’ শাখাত নিৰ্বাচিত হৈছে ছবিখন, লগতে চেন্নাই ছবি মহোৎসৱলৈও ছবিখন নিৰ্বাচিত হৈছে ।"

জুন মাহত মুক্তি লাভ কৰিছিল অসমীয়া ছবি 'ৰুদ্ৰ'

চলিত বৰ্ষৰ ২৭ জুনত মুক্তি লাভ কৰে অসমীয়া ছবি 'ৰুদ্ৰ'‌ই । ‘শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সফলতাৰ পিছত এই ছবিখনৰ জৰিয়তে আকৌ এবাৰ ৰবি শৰ্মাৰ একশ্যন দেখিবলৈ পালে ৰাইজে । একশ্যন, ড্ৰামা আৰু ছাচপেন্সৰ পয়োভৰ ঘটা এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা ৰবি শৰ্মাই । ছবিখনত ৰবি শৰ্মাক দুটা বেলেগ ৰূপত দেখা পাইছিল দর্শকে । প্ৰায় ৯ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ছবিখনে ।

পৰিচালক ৰূপক গগৈৰ ভাষ্য (ETV Bharat Assam)
Assamese film
ৰবি শৰ্মাৰ একশ্যন ভৰ্তি ছবি ৰুদ্ৰ (Photo : Film Poster)

ছবিখনৰ এই সফলতা সন্দৰ্ভত পৰিচালক ৰূপক গগৈয়ে কয়, "ৰুদ্ৰ হৈছে আমাৰ দুই বছৰৰ কষ্টৰ ফচল । অসমীয়া ছবিজগতক এটা নতুন মাত্ৰা প্ৰদান কৰিবলৈ এই ছবিখনৰ জৰিয়তে আমি বহুত কষ্ট কৰিছিলো । আনহাতে ৰাইজেও আমাৰ এই কষ্টৰ প্ৰতি সঁহাৰি প্ৰদান কৰিলে । চলিত বৰ্ষৰ সফল ছবিৰ ভিতৰত একমাত্ৰ একশ্যন থ্ৰীলাৰ ছবি হৈছে ৰুদ্ৰ । ছবিখনৰ জৰিয়তে আমি যিমানখিনি পাৰো দর্শকক এটা নতুন সোৱাদ দিবলৈ সক্ষম হৈছো বুলি ভাবোঁ । লগতে আমি এটা কথাই বুজিলো, যদি এটা ভাল কাহিনী দিয়া যায়, তেন্তে ৰাইজে ভাল সঁহাৰি দিয়ে ।"

জুলাই মাহত মুক্তি লাভ কৰিছিল ‘মালামাল বইজ’

১৮ জুলাইত মুক্তি লাভ কৰে হাস্যমধুৰ কাহিনীৰে নিৰ্মিত ছবি ‘মালামাল বইজ’ এ । মূলতঃ ৪ জন যুৱকে ধনী হোৱাৰ স্বপ্নত বিলীন হৈ সেই স্বপ্নক সাৰ্থক কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকে যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেই সকলোখিনি সামৰি নিৰ্মাণ কৰা হৈছিল ‘Malamal Boyyyz’ । ছবিখনে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল মুঠ ৫.১৭ কোটি টকা ।

Assamese film
হাস্যমধুৰ কাহিনীৰে নিৰ্মিত ছবি মালামাল বইজ (Photo : Film Poster)

ছবিখনৰ এই সফলতা সন্দৰ্ভত পৰিচালক মৃণাল ডেকাই কয়, "মোৰ টীম, প্ৰযোজক, অভিনেতা-অভিনেতা, কলা-কুশলীৰ লগতে আমাৰ এটা সৰু প্ৰচেষ্টাক সকলোৱে আঁকোৱালি লোৱাৰ বাবে অসমৰ প্ৰতিগৰাকী ব্যক্তিক মোৰ তৰফৰ পৰা ধন্যবাদ । দর্শকে যিখিনি মৰম দিছে সেইখিনিক লৈ মই নিজকে বহুত সৌভাগ্যশালী অনুভৱ কৰিছো ।"

সৰ্বকালৰ অভিলেখ ভংগ 'ৰৈ ৰৈ বিনালে'ৰ

চলিত বৰ্ষৰ ৩১ অক্টোবৰত মুক্তি লাভ কৰা অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’ই ৯০ বছৰীয়া অসমীয়া ছবিৰ যুগান্তকাৰী যাত্ৰাৰ সৰ্বকালৰ অভিলেখ ৰছিবলৈ সক্ষম হয় । মুক্তিৰ দিনটোত ৰাতিপুৱা ৪.২৫ মিনিটত আৰম্ভ হৈছিল প্ৰথমটো দৰ্শনী । সমান্তৰালভাৱে সমগ্ৰ দেশজুৰি ১৮৫ টা ছবিগৃহত প্ৰদৰ্শিত হয় 'ৰৈ ৰৈ বিনালে' । সমগ্ৰ দেশজুৰি মুক্তিৰ দিনটোত প্ৰায় ৮০০টা প্ৰদৰ্শনী হৈছিল ছবিখনৰ, ইয়াৰে প্ৰায় ৬০০ টা প্ৰদৰ্শনী উত্তৰ পূৰ্বাঞ্চলত হৈছিল । হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প 'ৰৈ ৰৈ বিনালে'ই বৰ্তমানলৈ প্ৰায় ৩৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । বৰ্তমানো অব্যাহত আছে ছবিখনৰ জয়যাত্ৰা ।

Assamese film
জুবিনৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে (Photo : Film Poster)

ছবিখনৰ এই সফলতা সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰযোজক শ্যামন্তক গৌতমে কয়, "ৰৈ ৰৈ বিনালেৰ পৰিকল্পনা জুবিন গাৰ্গৰ বহুত দিনৰ । জুবিন গাৰ্গে প্ৰায়ে এই ছবিখনৰ সন্দৰ্ভত কথা কৈছিল ৷ এই ছবিখন জুবিন গাৰ্গৰ পূৰ্বৰ অন্য ছবিসমূহৰ তুলনাত সম্পূৰ্ণ পৃথক । সংগীতৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে । লগতে ছবিখনৰ ওপৰত আমি বহুত কামো কৰিছো । স্ক্ৰীপ্টত আমি বহুত সময় দিছোঁ । ছবিখনত মুঠ ১১ টা গীত আছে আৰু গীত কেইটাৰ গীতৰ কথা-সুৰ জুবিন গাৰ্গৰ নিজৰ । এই ছবিখনক লৈ জুবিন গাৰ্গৰ বহুত আশা আছিল, কিন্তু ১৯ ছেপ্টেম্বৰ তাৰিখে আমি কোনেও নভৱা সেই ঘটনাটো ঘটি গ’ল । তাৰ পাছত আমাৰ মাজলৈ বহুত প্ৰত্যাহ্বান আহিল । ছবিখনৰ আৱহ সংগীত হোৱা নাছিল, ডাবিঙৰ কামো কিছু বাকী আছিল । কিন্তু শেষত সকলোৱে লাগি-মেলি সকলো কাম সম্পূৰ্ণ কৰিলে । ছবিখনে মুক্তিৰ দিনাৰ পৰা বৰ্তমানলৈকে বহুকেইটা অভিলেখ ৰচিবলৈও সক্ষম হৈছে ।"

লগতে পঢ়ক : কান্তাৰা চেপ্টাৰ ১ৰ পৰা ধূৰন্ধৰলৈকে : বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি