ETV Bharat / entertainment

প্ৰেম ওজা বৰবায়নক কুশীলৱ-২০২৬ বঁটা প্ৰদান

মৰিগাঁৱত কুশীলৱ-২০২৬ বঁটা প্ৰদান অনুষ্ঠান ৷ বিশিষ্ট সত্ৰীয়া সাধক প্ৰেম ওজা বৰবায়নক এই সন্মান যঁচা হয় ৷

The Kushilav Award 2026 presented to prominent Satriya practitioner Prem Ojha Barbayan in morigaon
মৰিগাঁৱত কুশীলৱ-২০২৬ বঁটা প্ৰদান (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : July 17, 2026 at 10:49 AM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: মৰিগাঁৱৰ অন্যতম আগশাৰীৰ শংকৰী কলা চৰ্চা কেন্দ্ৰ 'মৰিগাঁও শংকৰী সংগীত বিদ্যালয়'ৰ উদ্যোগত 'কুশীলৱ-২০২৬' বঁটা প্ৰদান অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হৈ যায় । মৰিগাঁও চহৰৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো ৷

উক্ত অনুষ্ঠানত চলিত বৰ্ষৰ 'কুশীলৱ' বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় বিশিষ্ট শংকৰী কলা সাধক তথা সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন প্ৰেম ওজা বৰবায়নক ।

বিশিষ্ট সত্ৰীয়া সাধক প্ৰেম ওজা বৰবায়নক কুশীলৱ-২০২৬ বঁটা প্ৰদান (ETV Bharat Assam)

বঁটা গ্ৰহণ কৰি আপ্লুত হৈ পৰা বিশিষ্ট শিল্পীগৰাকীয়ে নিজৰ ভাষণত কয়, "গুৰু আৰু পিতৃ-মাতৃক শ্ৰদ্ধা কৰিলে জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰাটো সম্ভৱ ।"

The Kushilav Award 2026 presented to prominent Satriya practitioner Prem Ojha Barbayan in morigaon
বিশিষ্ট সত্ৰীয়া সাধক প্ৰেম ওজা বৰবায়ন (Photo : ETV Bharat Assam)

বিদ্যালয়খনৰ অধ্যক্ষ প্ৰসন্ন কুমাৰ মেধি আৰু পৰিচালনা সমিতিৰ সভাপতি জ্ঞান মোহন ডেকাই আদৰণি ভাষণ আগবঢ়ায় ৷ সভাখন উদ্বোধন কৰে মৰিগাঁও জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ সম্পাদক সন্ত নাৰায়ণ ডেকাই । তেওঁ কয় যে, শংকৰ-মাধৱক বাদ দি অসমীয়া সমাজে কেতিয়াও পূৰ্ণতা নাপায় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা সংঘৰ সভাপতি অতুল চন্দ্ৰ দাসে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে ।

The Kushilav Award 2026 presented to prominent Satriya practitioner Prem Ojha Barbayan in morigaon
সত্ৰীয়া সাধক প্ৰেম ওজা বৰবায়নলৈ কুশীলৱ-২০২৬ বঁটা (Photo : ETV Bharat Assam)

আনহাতে, এই অনুষ্ঠানতে শংকৰী কলা চৰ্চাৰ জৰিয়তে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা পাঁচগৰাকী কৃতি ছাত্ৰ-ছাত্ৰী ক্ৰমে— শিখি কাকতি, অংশুমা কলিতা, জুচিপৰ্ণা ডেকা, জাহ্নৱী গোস্বামী আৰু হিমানজ্যোতি মহন্তক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

The Kushilav Award 2026 presented to prominent Satriya practitioner Prem Ojha Barbayan in morigaon
বঁটা প্ৰদান অনুষ্ঠান (Photo : ETV Bharat Assam)
The Kushilav Award 2026 presented to prominent Satriya practitioner Prem Ojha Barbayan in morigaon
'কুশীলৱ-২০২৬' বঁটা প্ৰদান অনুষ্ঠান (Photo : ETV Bharat Assam)

মৌমিন ডেকাৰ বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বঁটাপ্ৰাপক প্ৰেম ওজা বৰবায়ন, মণিৰাম বৰুৱা আৰু উৎপলা হোকাই প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই উপস্থিত ৰাইজক মোহিত কৰে । সভাত জিলা সহকাৰী আয়ুক্ত জেবিন গুলনাৰা, জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মা, জিতুমণি নাথকে প্ৰমুখ্যে কৰি অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি তথা কলাপ্ৰেমী ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক : পাঁচদিনীয়া ভাওনা কৰ্মশালা: শংকৰদেৱৰ অমৰ সৃষ্টিৰে ব্ৰজাৱলী ভাষা জীয়াই ৰখাৰ চেষ্টা