বলীউডক গীতাঞ্জলি অংমোৰ সমালোচনা: চিনেমা মনোৰঞ্জনতকৈও বেছি, ই মনক গঢ় দিয়ে
ক্ৰিষ্টোফাৰ নোলানৰ ছবি চাই বলীউডক প্ৰকৃত ভূমিকা সোঁৱৰাই দিলে সমাজ উদ্যোগী গীতাঞ্জলি অংমোৱে ৷

By ETV Bharat Entertainment Team
Published : August 3, 2026 at 10:58 AM IST
হায়দৰাবাদ : বলীউডক নিজৰ ভূমিকা পুনৰ আৱিষ্কাৰ কৰাৰ পৰামৰ্শ দি সমাজকৰ্মী সোণম ৱাংচুকৰ পত্নী তথা সমাজ উদ্যোগী গীতাঞ্জলি অংমোৰ এটা ছ’চিয়েল মিডিয়া পোষ্ট চৰ্চালৈ আহিছে । চলচ্চিত্ৰ জগতখনে নিজৰ প্ৰকৃত দায়িত্ব আৰু ভূমিকা পুনৰ বিচাৰি উলিওৱাৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে । ক্ৰিষ্টোফাৰ নোলানৰ নতুন চলচ্চিত্ৰ 'দ্য অ’ডিছী' চাই তেওঁ ইয়াৰ ভূয়সী প্ৰশংসা কৰে । এই চলচ্চিত্ৰখনৰ প্ৰশংসা কৰাৰ লগতে তেওঁ পৰোক্ষভাৱে বলীউডৰ বৰ্তমানৰ চিনেমাৰ মানদণ্ডক কটাক্ষ কৰে ।
গীতাঞ্জলি অংমোৱে ছচিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত লিখে, "কালি 'অ’ডিছী' চালোঁ । ২০২৪ চনত নিউয়ৰ্কত যেতিয়া মই হঠাত ক্ৰিষ্টোফাৰ নোলানক লগ পাইছিলোঁ, তেতিয়া যিটো বিষয় লৈ আমাৰ মাজত কথা-বতৰা হৈছিল, তাক আজি পৰ্দাত দেখাটো সঁচাকৈয়ে এক অবিশ্বাস্য অভিজ্ঞতাৰ দৰে লাগিছে । ইয়াৰ বিষয়বস্তুবোৰ ভাৰতীয় কল্পনাৰ অতি চিনাকি যেন লাগে: যেনে নায়কৰ যাত্ৰা, ধৰ্ম আৰু ভাগ্য, নিৰ্বাসন, প্ৰলোভন, ঘৰলৈ প্ৰত্যাৱৰ্তন, আৰু সমগ্ৰ যাত্ৰাটোত এজন মানুহৰ পৰীক্ষা তথা পৰিৱৰ্তন ।"
Watched Odyssey yesterday. Surreal to see on screen what was still a conversation when I accidentally met Christopher Nolan in New York in 2024.
— Gitanjali J Angmo (@GitanjaliAngmo) August 2, 2026
Its themes feel so familiar to the Indian imagination: the hero’s journey, dharma and destiny, exile, temptation, homecoming, the human… pic.twitter.com/Y7sWNXIz2v
তেওঁ আগলৈ আৰু লিখে, "ভাৰতবৰ্ষ এনেধৰণৰ মহাকাব্যৰ এক বিশাল ভঁৰালৰ ওপৰত বহি আছে । এবাৰ ভাবি চাওক, যদি এই কাহিনীবোৰক সঠিক মাত্ৰা, সংবেদনশীলতা আৰু গভীৰ বৌদ্ধিক চিন্তাৰে চিনেমাৰ পৰ্দালৈ আনিব পৰা যায় ! চিনেমা কেৱল মনোঞ্জনৰ আহিলা নহয়; ই মানুহৰ চিন্তা-ভাৱনাক গঢ় দিয়ে । বোধহয় বলীউডক আমাৰ আটাইতকৈ শক্তিশালী শ্ৰেণীকোঠাসমূহৰ অন্যতম হিচাপে ইয়াৰ প্ৰকৃত ভূমিকা পুনৰ আৱিষ্কাৰ কৰাৰ প্ৰয়োজন আছে ।"
সমাজকৰ্মী সোণম ৱাংচুকৰ শেহতীয়া আন্দোলন আৰু বলীউডৰ প্ৰতিক্ৰিয়া
ভাৰতৰ পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সোণম ৱাংচুকে দিল্লীৰ যন্তৰ মন্তৰত এক চৰ্চিত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল । এই আন্দোলনৰ পিছতেই গীতাঞ্জলি অংমোৰ এই ছ’চিয়েল মিডিয়া পোষ্টটো সমুখলৈ আহিছে । মন কৰিবলগীয়া কথাটো হ’ল যে, বলীউডৰ তাৰকা অভিনেতা আমিৰ খানে এই সমাজকৰ্মীগৰাকীক কোনো সমৰ্থন কৰা দেখা নগ’ল; অথচ '৩ ইডিয়টছ' চলচ্চিত্ৰত আমিৰ খানে কৰা চৰিত্ৰটো ৱাংচুকৰ জীৱনৰ ওপৰত আধাৰিত বুলিয়েই বিশ্বাস কৰা হয় ।
'৩ ইডিয়টছ' চিনেমাৰ আন এজন অভিনেতাৰ সমৰ্থন
অৱশ্যে, '৩ ইডিয়টছ' চলচ্চিত্ৰখনত 'চতুৰ'ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ওমী বৈদ্যই সোণম ৱাংচুকৰ প্ৰতি মুকলি সমৰ্থন ব্যক্ত কৰিছিল । আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত আমিৰ খানে '৩ ইডিয়টছ' নিৰ্মাণৰ সময়ত তেওঁ ৱাংচুকৰ বিষয়ে একো জনা নাছিল বুলি মন্তব্য কৰে । উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী জে. পি. নড্ডাকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাৰ পিছত, জুলাই মাহৰ ২৪ তাৰিখে ৱাংচুকে তেওঁৰ ২৬ দিনীয়া অনশন কাৰ্যসূচী সমাপ্ত কৰে । ইয়াৰ পিছতেই, ২৫ জুলাইত ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে ।
লগতে পঢ়ক : আমি কোনেও সোণম ৱাংচুকক জনা নাছিলোঁ: '৩ ইডিয়টছ'ক লৈ চলি থকা ৰহস্য ফাদিল কৰিলে আমিৰ খানে

