প্ৰথমে জাতীয় সংগীত, তাৰ পিছতহে 'জন-গণ-মন' বা 'বন্দে মাতৰম': ৰাজ্যপাললৈ পত্ৰ ২১ সাংসদৰ
'তামিজ থাই বাজ্থু' গীতটিক তামিলনাডুৰ ৰাজ্যিক সংগীত হিচাপে চৰকাৰী স্বীকৃতিও দিয়া হৈছে । তেনেক্ষেত্ৰত ৰাজহুৱা অনুষ্ঠানত জাতীয় সংগীতটিয়ে কেনেকৈ তৃতীয় স্থান পালে ?

By ANI
Published : August 6, 2026 at 12:02 PM IST
চেন্নাই: চৰকাৰী অনুষ্ঠানত প্ৰথমে কি পৰিৱেশন কৰা উচিত ? ৰাষ্ট্ৰীয় সংগীত নে সংশ্লিষ্ট ৰাজ্যখনৰ জাতীয় সংগীত নে বন্দে মাতৰম ? এই বিষয়টোক লৈ পুনৰ এক নতুন বিতৰ্কৰ উদ্ভৱ হৈছে তামিলনাডুত ৷
ইতিমধ্যে বিষয়টোৰ গভীৰতালৈ লক্ষ্য ৰাখি তামিলনাডুৰ পৰা নিৰ্বাচিত হৈ যোৱা ২১ গৰাকী সাংসদে ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবিলৈ ৫ আগষ্টত এখন পত্ৰও প্ৰেৰণ কৰিছে ৷ ৰাজনৈতিকভাৱে বিষয়টো বিভিন্ন পক্ষই এৰাই চলিব বিচাৰিলেও ই এতিয়া এক অত্যন্ত স্পৰ্শকাতৰ বিষয়ৰূপে বিবেচিত হৈছে দক্ষিণৰ ৰাজ্যখনত ৷
ক'ৰ পৰা আৰম্ভ হ'ল এই বিতৰ্ক:
বিগত ২৮ জুলাইত তামিলনাডুৰ তিৰুনেলভেলীত অনুষ্ঠিত হৈছিল মনোনমনিয়াম সুন্দৰানৰ বিশ্ববিদ্যালয়ৰ ৩৩ সংখ্যক সমাৱৰ্তন ৷ সেই সমাৱৰ্তনত প্ৰথমে পৰিৱেশন কৰা হৈছিল 'বন্দে মাতৰম', তাৰ পিছত পৰিৱেশন কৰা হৈছিল ৰাষ্ট্ৰীয় সংগীত 'জন-গণ-মন' আৰু একেবাৰে শেষত গোৱা হৈছিল তামিলনাডুৰ জাতীয় সংগীত 'তামিজ থাই বাজ্থু' ৷
এই ঘটনাই বাৰুকৈয়ে ক্ষুব্ধ কৰি তোলে গৰিষ্ঠসংখ্যক তামিল জনতাক ৷ নকলেও চলে যে জাতীয়তাবাদ আৰু ৰাষ্ট্ৰবাদক লৈ পূৰ্বৰে পৰাই সময়ে সময়ে তামিলনাডুত বিতৰ্কৰ সৃষ্টি হৈ আহিছে ৷ তামিলনাডুৰ জনতাৰ বাবে জাতীয়তাবাদে সদায়ে অগ্ৰাধিকাৰ পাই আহিছে ৷ যাৰ বাবে এইবাৰো উক্ত সমাৱৰ্তনত ক্ৰম অনুসাৰে পৰিৱেশন কৰা এই সংগীতসমূহে বিতৰ্কৰ সুচনা কৰিলে ৷
সাংসদসকলে পত্ৰত কি লিখিছিল :
ৰাজ্যপাল আৰ এন ৰবিলৈ ৰাজ্যখনৰ ২১ গৰাকী সাংসদে স্বাক্ষৰ কৰি প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে বিগত পাঁচ দশকৰো অধিক সময় ধৰি সকলো ৰাজহুৱা অনুষ্ঠানত প্ৰথমেই এই গীতটো পৰিৱেশন কৰি অহা হৈছে ৷
২০২১ চনৰ পৰা 'তামিজ থাই বাজ্থু' গীতটিক তামিলনাডুৰ ৰাজ্যিক সংগীত হিচাপে চৰকাৰী স্বীকৃতিও দিয়া হৈছে । তেনেক্ষেত্ৰত ২৮ জুলাইৰ সমাৱৰ্তনত এই জাতীয় সংগীতটিয়ে কেনেকৈ তৃতীয় স্থান পালে ?
পত্ৰখনত আৰু কোৱা হয় যে ২০২৬ চনৰ জুন মাহত যেতিয়া তামিলনাডু বিধানসভাৰ অধিৱেশন বহিছিল তেতিয়াও ৰাজ্যপালৰ ভাষণৰ পূৰ্বে সদনত প্ৰথমে জাতীয় সংগীত 'তামিজ থাই বাজ্থু'হে পৰিৱেশন কৰা হৈছিল ৷ জন-গণ-মন বা বন্দে মাতৰম পৰিৱেশন কৰা হোৱা নাছিল ৷
কোনে কোনে স্বাক্ষৰ কৰিছে পত্ৰখনত:
ৰাজ্যপাললৈ প্ৰেৰণ কৰা এই পত্ৰখনত স্বাক্ষৰ কৰা সাংসদসকলৰ ভিতৰত অন্যতম হ'ল ক্ৰমে পি চিদাম্বৰম, বি মণিকম ঠাকুৰ, কাৰ্তি চিদাম্বৰম, থল থিৰুমাৱালাৱন, দুৰাই ভাইকো আদি ৷
এতিয়াৰে পৰা যাতে তামিলনাডুৰ সকলো ৰাজপহৱা অনুষ্ঠানত প্ৰথমে জাতীয় সংগীত ‘তামিজ থাই বাজ্থু’ পৰিৱেশন কৰাৰ পাছতহে ক্ৰম অনুসৰি জন-গণ-মন বা বন্দে মাতৰম পৰিৱেশন কৰা হয় তাৰ বাবেও পত্ৰখনত দাবী জনোৱা হয় ৷

