ETV Bharat / bharat

মুম্বাইত পণবন্দী কৰি ৰখা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ; আৰক্ষীৰ প্ৰত্যুত্তৰত নিহত অভিযুক্ত

পৱৈ অঞ্চলত ৰোহিত আৰ্য নামৰ এজন লোকে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক পণবন্দী কৰি ৰাখিছিল । পিছত আৰক্ষীয়ে গুলীয়াই হত্যা কৰে অভিযুক্তক ।

MUMBAI CHILDREN HOSTAGE
পৱৈ উদ্ধাৰ অভিযানত নিয়োজিত জোৱান (ANI)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 9:06 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : দেশৰ বিত্তীয় ৰাজধানী মুম্বাইৰ পৱৈ অঞ্চলত বৃহস্পতিবাৰে বিয়লি প্ৰায় ১:৩০ বজাত এজন লোকে ১৬ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু এগৰাকী মহিলাক পণবন্দী কৰে । পৱৈৰ মহাবীৰ ক্লাছিক বিল্ডিঙত, ৱেব ছিৰিজৰ অডিচন দিয়াৰ অজুহাতত সমবেত হৈছিল ভুক্তভোগীসকল । পৱৈ আৰক্ষীয়ে লগে লগে বিশেষ ইউনিট, কুইক একচন ফৰ্চ আৰু এন এছ জিৰ কমাণ্ডোৰ সহায়ত বাথৰুমত প্ৰৱেশ কৰি সকলোকে নিৰাপদে উদ্ধাৰ কৰি অভিযুক্তক হত্যা কৰে ।

আৰক্ষীৰ অভিযানৰ সময়ত অভিযুক্ত ৰোহিত আৰ্য গুলীবিদ্ধ হয় আৰু তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় । ৰোহিত আৰ্যৰ পৰা এটা এয়াৰ গান আৰু ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰা হয় । খবৰ অনুসৰি পৱৈ থানাৰ অধীনস্থ মহাবীৰ ক্লাছিক ছ’চাইটিৰ হলত ​​যোৱা পাঁচ দিন ধৰি এখন ৱেব ছিৰিজৰ অডিচন চলি আছিল । পুৱাৰ ভাগত বিভিন্ন জিলাৰ পৰা ২৫-৩০ গৰাকী ছাত্ৰ-ছাত্ৰী অডিচনৰ বাবে আহিছিল ।

ৰোহিত আৰ্যই আটাইকে এয়াৰ গানেৰে ভাবুকি দি পণবন্দী কৰি ৰখাৰ অভিযোগ উঠিছে, য’ত ১৬গৰাকী ছাত্ৰ-ছাত্ৰীও আছিল । ইফালে অভিযুক্ত ৰোহিত আৰ্যই একাংশ লোকৰ সৈতে কথা পাতিব বিচৰা বুলি উল্লেখ কৰি এটা ভিডিঅ’ প্ৰকাশ কৰে । তেওঁ ভাবুকি দিয়ে, "যদি তেওঁক তেনে কৰিবলৈ দিয়া নহয় তেন্তে তেওঁ জুই জ্বলাই নিজৰ আৰু ল'ৰা-ছোৱালীবোৰৰো ক্ষতি কৰিব ।"

এয়াৰ গান আৰু ৰাসায়নিক সামগ্ৰী জব্দ

আৰক্ষী উপ আয়ুক্ত দত্তত্ৰেয় নালাৱাডে জনোৱা মতে, প্ৰায় ১:৪৫ বজাত আৰক্ষীয়ে ফোন লাভ কৰে । এই ফোনটোৰ জড়িয়তে তেওঁলোকক জনোৱা হৈছিল যে এজন ব্যক্তিয়ে মহাবীৰ ক্লাছিক নামৰ এটা অট্টালিকাত সৰু ল’ৰা-ছোৱালীক পণবন্দী কৰি ৰাখিছে । লগে লগে আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পণবন্দীটোৰ সৈতে কথা পাতিলে । ইয়াৰ পিছতে বিষয়াসকলে বাথৰুমত প্ৰৱেশ কৰি ভিতৰত থকা এজন ব্যক্তিৰ সহায়ত সকলো ছাত্ৰ-ছাত্ৰীক নিৰাপদে উদ্ধাৰ কৰে ।

ইয়াৰ পূৰ্বে প্ৰাথমিক তদন্তৰ সময়ত তেওঁৰ হাতত এয়াৰ গান আৰু ৰাসায়নিক পদাৰ্থ উদ্ধাৰ হয় । ডিচিপি দত্তত্ৰেয় নালাৱাডে কয় যে ছাত্ৰ-ছাত্ৰীসকলক ৱেব ছিৰিজৰ অডিচনৰ বাবে মাতি অনা হৈছিল, যাৰ বাবে এটা ছ’চাইটি হল বুকিং কৰা হৈছিল । অডিচনৰ সময়ত অভিযুক্তই ছাত্ৰ-ছাত্ৰীসকলক পণবন্দী কৰে ।

ৰোহিত আৰ্যৰ বক্তব্য

ৰোহিত আৰ্যই এটা ভিডিঅ' প্ৰকাশ কৰি কয় , "মই সন্ত্ৰাসবাদী নহয় । মোৰ কিছুমান সাধাৰণ দাবী আছে । মই কিছুমান মানুহৰ লগত কথা পাতিব বিচাৰো আৰু প্ৰশ্ন কৰিব বিচাৰো । মই ধন দাবী কৰা নাই । মই ১ মে'ৰ পৰা অনশন কৰি আছো, কিন্তু সদায় 'আজি বা কাইলৈ'লৈ বুলি কৈ পিছুৱাই দিয়া হয় । এতিয়া মই কঠোৰ অনশন আৰম্ভ কৰিছো আৰু পানীও খোৱা নাই । গুৰুত্ব বুজি পালে ভাল হ'ব, নহ'লে জয় শ্ৰী ৰাম ! মই অকলশৰীয়া নহয় । এই সমস্যা বহুতৰে সমস্যা । সমাধান বিচাৰিবলৈ মোক আলোচনা কৰাৰ প্ৰয়োজন ।"

প্ৰাথমিক তথ্য অনুসৰি ৰোহিতে দাবী কৰে যে তেওঁ শিক্ষা বিভাগৰ বাবে অনাময় নিৰীক্ষণ প্ৰকল্পৰ বাবে ঋণ লৈছিল, কিন্তু তেওঁৰ ধন চৰকাৰৰ ওচৰত আবদ্ধ হৈ আছে, যাৰ ফলত কোটি কোটি টকাৰ লোকচান হৈছে । অভিযোগ অনুসৰি তেওঁ নিজৰ বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক : ৭ মহীয়া গৰ্ভাৱস্থাত ১৪৫ কেজি ওজন তুলি ব্ৰঞ্জৰ পদক লাভ এগৰাকী মহিলা আৰক্ষীৰ