ETV Bharat / bharat

সীমান্তৰ সমস্যা সমাধানত বৰ্তমানৰ ব্যৱস্থা অব্য়াহত ৰাখিবলৈ সন্মত ভাৰত-চীন

পূব লাডাখৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত-চীনৰ সামৰিক পৰ্যায়ৰ আলোচনা।

Representational Image
ভাৰত-চীনৰ সামৰিক পৰ্যায়ৰ আলোচনা (IANS)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 9:13 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক লৈ বিগত সময়ত ভাৰত আৰু চীনৰ মাজত সময়ে সময়ে সৃষ্টি হৈ আহিছে উত্তেজনাময় পৰিস্থিতিৰ । এই লৈ দুয়োখন দেশৰ মাজত অনুষ্ঠিত হৈছে সামৰিক পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা । ভাৰত আৰু চীনৰ সেনাই পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চ পৰ্যায়ৰ সামৰিক আলোচনা অনুষ্ঠিত কৰিছে ।

এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে যোৱা ২৫ অক্টোবৰত চুছুল-মলডো সীমান্তৰ মিটিং পইণ্টত ভাৰত-চীন কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ ২৩ সংখ্য়ক বৈঠক অনুষ্ঠিত হয় । লগতে কোৱা হৈছে যে ২০২৫ চনৰ ১৯ ​​আগষ্টত অনুষ্ঠিত ২৪ সংখ্যক বিশেষ প্ৰতিনিধি আলোচনাৰ পিছত পশ্চিম খণ্ডত সাধাৰণ পৰ্যায়ৰ ব্যৱস্থাৰ এইখন হৈছে প্ৰথম বৈঠক ।

এই আলোচনা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, "আলোচনা বন্ধুত্বপূৰ্ণ আৰু আন্তৰিক পৰিৱেশত অনুষ্ঠিত হয় । ২০২৪ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ২২ সংখ্যক কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ পিছত হোৱা অগ্ৰগতিৰ কথা দুয়োপক্ষই লক্ষ্য কৰে আৰু ভাৰত-চীন সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখা হৈছে বুলি মতামত ব্য়ক্ত কৰে । সীমান্তৰ সমীপৰ যিকোনো স্থল সমস্যা সমাধানৰ বাবে বৰ্তমানৰ ব্যৱস্থাসমূহ ব্যৱহাৰ কৰি থাকিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰিছে ।"

ইপিনে, চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবৃতিত কয় যে চীন-ভাৰত সীমান্তৰ পশ্চিম অংশ পৰিচালনাৰ ক্ষেত্ৰত দুয়োপক্ষই সক্ৰিয় আৰু গভীৰ যোগাযোগ ৰক্ষা কৰিছে । ইয়াত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সিদ্ধান্ত অনুসৰি দুয়োপক্ষই যোগাযোগ আৰু আলোচনা বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

বিবৃতিটোত পুনৰ উল্লেখ কৰা হৈছে, "দুয়োখন দেশৰ নেতাসকলে লাভ কৰা গুৰুত্বপূৰ্ণ সহমতৰ নিৰ্দেশনাত সামৰিক আৰু কূটনৈতিক মাধ্যমেৰে যোগাযোগ আৰু আলোচনা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে । তদুপৰি চীন-ভাৰত সীমান্তৱৰ্তী অঞ্চলত শান্তি আৰু সম্প্ৰীতি যৌথভাৱে ৰক্ষা কৰিবলৈ সন্মত হয় ।"

লগতে পঢ়ক:আমেৰিকাৰ সৈতে সম্পৰ্কত ফাঁট মেলাৰ বাবেই চীনৰ সৈতে বাঢ়িছে নেকি ভাৰতৰ ঘনিষ্ঠতা ?

তিনিদিনীয়া ভ্ৰমণসূচীৰে চীন-ছিংগাপুৰ অভিমুখে বৈদেশিক মন্ত্ৰী