শিলচৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ Live - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 5:00 PM IST

Updated : Apr 21, 2024, 5:45 PM IST

thumbnail

নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ উদ্দেশ্যে দেওবাৰে বিয়লি প্ৰায় 4 বজাত শিলচৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিলচৰ আৰু কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থীদ্বয়ৰ হৈ চলাব প্ৰচাৰ ৷ তাৰ বাবে শিলচৰত আয়োজন কৰা হৈছে এক বিশাল ৰোড শ্ব’ৰ ৷ এই শ্ব’ত উপস্থিত থাকিব ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ দলীয় নেতৃত্বই দাবী কৰা অনুসৰি প্ৰায় 50 সহস্ৰাধিক লোকে এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে পোনতে শিলচৰ বিমানবন্দৰত উপস্থিত হৈ হেলিকপ্তাৰৰে গৈ আৰক্ষী পেৰেড খেলপথাৰলৈ আহিব ৷ শিলচৰ আৰক্ষী পেৰেডৰ পৰাই তেওঁ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰলৈ যাব আৰু তাৰ পৰাই আৰম্ভ হ'ব বৃহৎ ৰোড শ্ব’।

Last Updated : Apr 21, 2024, 5:45 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.