যোৰহাটত ভাৱ-বিনিময় শিবিৰত দেশৰ ৬০০ এন চি চি কেডেটৰ অংশগ্ৰহণ

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:41 PM IST

thumbnail

যোৰহাট, ২ ফেব্ৰুৱাৰী: যোৰহাটত ৰাষ্ট্ৰীয় ভাৱ-বিনিময় শিবিৰত দেশৰ বিভিন্ন ৰাজ্যৰ ৬০০ এন চি চি কেডেটে অংশগ্ৰহণ কৰিছে । বিভিন্ন বিষয়ক নীতি নিয়মৰ ওপৰত ভাৱ-বিনিময়ৰ লক্ষ্যৰে এই সমাৰোহৰ আয়োজন কৰা হয় । যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত বৃহস্পতিবাৰৰ পৰা শুক্ৰবাৰলৈ অনুষ্ঠিত এই ৰাষ্ট্ৰীয় ভাৱবিনিময় শিবিৰত দেশৰ বিভিন্ন ৰাজ্যৰ ৬০০ এন চি চি কেডাৰে অংশগ্ৰহণ কৰিছে । যোৰহাটৰ নৱম এন চি চি বেটেলিয়নৰ আথ্যিত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৱ-বিনিময় শিবিৰত বিভিন্ন নীতি নিয়ম,একতা পৰিচয় আৰু নিয়মানুৱৰ্তিতা আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত সকলোকে প্ৰশিক্ষণ দিয়া হৈছে ।

আনহাতে, বিভিন্ন ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰা এন চি চি কেডাৰ সকলে নিজ ৰাজ্যৰ উন্নয়ন ,বিকাশ আৰু তেওঁলোকৰ কৃষ্ঠি সংস্কৃতিৰ ওপৰত আলোকপাত কৰাৰ লগতে উক্ত বিষয়ৰ ওপৰত ভাৱ-বিনিময় কৰে । উক্ত ৰাষ্ট্ৰীয় শিবিৰত বিভিন্ন ৰাজ্যৰ বাৰেৰহনীয়া কৃষ্টি -সংস্কৃতিৰ সংমিশ্ৰণ থকা লোক সংস্কৃতিৰ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰতিভা সমূহ উক্ত মঞ্চত উপসংস্থাপন কৰে ।  

আজি এন চি চি সৈতে জড়িত সেনাৰ উচ্চ প্ৰদস্থ বিষয়া সকলে অংশগ্ৰহণ কৰাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও উপস্থিত থাকে । আনহাতে, বিভিন্ন ৰাজ্যৰ পৰা অহা ৬০০ এন চি চি কেডেটক সেনাৰ নিযুক্তি প্ৰক্ৰিয়া কিদৰে হয় আৰু ভাৰতীয় বায়ুসেনা যুঁজাৰু বিমানৰ লগতে বিভিন্ন কলা কৌশল দেখুওৱা হয় ।

লগতে পঢ়ক:সুৰক্ষিত ভৱিষ্যতৰ দাবীত সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী ধৰ্মঘট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.