হাতীৰ খাদ্য যে ৰুব লাগে সেয়া ভাৰত চৰকাৰৰ আঁচনিত নাই: যাদৱ পায়েং

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 3:15 PM IST

thumbnail

যোৰহাট,৩০ জানুৱাৰী: "ছাত্র-ছাত্রীক পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কৰ্তব্য আৰু দায়িত্ব । কাৰণ পৃথিৱীক যে ভাল পাব লাগে সেয়া কোনো বিশ্বৰ শিক্ষা নীতিত নাই । সেয়া একমাত্ৰ ভাৰতে আৰম্ভ কৰিছে আৰু এয়া সম্পূৰ্ণ হ'বলৈ আৰু ২৪ টা বছৰৰ প্ৰয়োজন হ'ব । ভাৰতে আৰম্ভ কৰা নীতিক বিশ্বই আকোঁৱালি লৈছে ।" অৰণ্য মানৱ যাদৱ পায়েং ।

পি এম শ্ৰী আঁচনিৰ অন্তৰ্ভুক্ত মৰিয়নী বালিকা বিদ্যালয়ত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকি অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । বিদ্যালয়খনৰ তৰফৰ পৰা জ্ঞাপন কৰা সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট প্ৰকৃতিবিদগৰাকীয়ে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কয় যে, হাতী-মানুহৰ সংঘাতৰ মূল কাৰণ হৈছে তেওঁলোকৰ খাদ্য হ্ৰাস পাইছে । হাতীয়ে যি খাদ্য পূৰ্বৰ পৰাই গ্ৰহণ কৰি আহিছে সেইধৰণ খাদ্য দিয়াটো প্ৰয়োজনীয় ।  

অসমৰ জলৱায়ুৰ লগত খাপ খোৱা গছ ৰোপণ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় হাতী বা বান্দৰক জোৰ-জৱৰদস্তি তেওঁলোকে গ্ৰহণ নকৰা খাদ্যৰ সোৱাদ দিয়া হয় ফলত সেই খাদ্য খাবলৈ নাপালে হাতী বা বান্দৰে উপদ্ৰৱ চলোৱাটো কোনো ডাঙৰ কথা নহয় । লগতে তেওঁ কয় পৃথিৱীৰ সকলোতকৈ ডাঙৰ কামটো হ'ল গছপুলি ৰোপণ আৰু সংৰক্ষণ কৰা । সেয়েহে প্ৰত্যেকজন লোককে এই কামত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । 

লগতে পঢ়ক: ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.