thumbnail

এজাক বৰষুণৰ পিচতেই গুৱাহাটী মহানগৰীত কৃত্ৰিম বান - Artificial flood in Guwahati

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:59 PM IST

গুৱাহাটী, 25 জুন: এজাক বৰষুণত পুনৰ বুৰ গ’ল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । মঙলবাৰে দুপৰীয়াৰ ভাগত অহা এজাক বৰষুণৰ ফলত ছয়মাইল-পাঞ্জাবাৰী সংযোগী ৰাজপথত একঁকাল পৰ্যন্ত কৃত্ৰিম বানৰ সৃষ্টি হয় । ছয়মাইল মছজিদৰ সমীপৰ পৰা বাঘৰবৰি তিনিআলিলৈ পথছোৱাত একঁকাল পৰ্যন্ত পানী হোৱাত পথচাৰীয়ে জীয়াতু ভুগিব লগা হৈছে । আনফালে খানাপাৰাতো সন্ধিয়াৰ ভাগত কৃত্ৰিম বানৰ ফলত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । পানীৰ বাবে নিজৰ কৰ্তব্য সামৰি ঘৰলৈ যাব পৰা নাই বহু লোক । খানাপাৰাৰ পৰা বশিষ্ঠ চাৰিআলি সংযোগী ছাৰ্ভিচ ৰোডত একঁকাল পানী হোৱা দেখা গৈছে । ফলত আবদ্ধ হৈ পৰিছে শতাধিক বাহন । সমান্তৰালকৈ বেলতলা চাৰ্ভে, হাতীগাঁও আদিকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত বৰষুণৰ ফলত ৰাজপথত কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: মহানগৰীৰ কৃত্ৰিম বানগ্ৰস্ত বিভিন্ন স্থান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ - Ashok Singhal Visited Flash Floods

লগতে পঢ়ক: নীপকোৱে এৰিলে ৰঙানদী বান্ধৰ পানী : লখিমপুৰত সতৰ্কতা জাৰি - Ranganadi dam

লগতে পঢ়ক: কলাজল নৈত শীঘ্ৰেই মথাউৰি-গাৰ্ড ৱাল নিৰ্মাণৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.