thumbnail

সৰুসজাইত আৰম্ভ হ’ল সৰ্বভাৰতীয় আৰক্ষী জুদো ক্লাষ্টাৰ-২০২৪ - 9th Judo Cluster 2024

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:36 PM IST

গুৱাহাটী, 24 জুন : গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামত আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে নৱম সৰ্বভাৰতীয় আৰক্ষী জুদো ক্লাষ্টাৰ-2024 ক্ৰীড়া সমাৰোহ ৷ অসমৰ লগতে দেশৰ প্ৰায় 1500 আৰক্ষী জোৱানে এই বিশেষ ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰে ৷ জুডো, কাৰাটে, উশ্বু, টাইকোৱাণ্ডো আৰু পেঞ্চাক চিলাট এই পাঁচবিধ খেলেৰে আয়োজিত হৈছে নৱম সৰ্বভাৰতীয় জুডো ক্লাষ্টাৰ 2024 ক্ৰীড়া সমাৰোহ ৷  

আজিৰে পৰা আৰম্ভ হোৱা এই ক্ৰীড়া সমাৰোহ 30 জুনত সমাপ্ত হ’ব ৷ সমাৰোহখনত সৰ্বমুঠ 40 টা দলে অংশগ্ৰহণ কৰিছে ৷ অসম ,অন্ধ্ৰ প্ৰদেশ, গুজৰাট, হাৰিয়ানাকে ধৰি দেশৰ আটাইকেইখন ৰাজ্যৰ লগতে CISF, CRPF, IB, ITBP, NDRF, NEPA, NSG, RPF, SSB ৰ দলে অংশ লৈছে ৷ অনুষ্ঠানটো শুভাৰম্ভ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ লগতে উপস্থিত থাকে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ 30 জুনৰ সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল উপস্থিত থাকিব বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : মা কামাখ্যাৰ দৰবাৰলৈ অহা স্পৰ্শ বাবাৰ মুখত "জয় আই অসম" ধ্বনি - Ambubachi Mela 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.