যোৰহাটৰ ৰাজপথত জ্বলিল শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 7:26 AM IST

thumbnail

যোৰহাট, 6 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাট নগৰত আছুৰ উত্তাল প্ৰতিবাদ । অসম চৰকাৰে মাতৃভাষা মাধ্যম সম্পৰ্কত লোৱা কেবিনেট সিদ্ধান্ত বাতিলৰ দাবীত যোৰহাট জিলা ছাত্র সন্থাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

আছুৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক অৰ্জুনমণি ভূঞাই কয় যে কেন্দ্ৰীয় চৰকাৰে অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ শিক্ষা মাতৃভাষাত গ্ৰহণ কৰিব পাৰিব বুলি ঘোষণা কৰাৰ সময়তে অসম চৰকাৰে মাতৃভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে । উক্ত প্ৰতিবাদস্থলীতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰে আছুৱে । প্ৰতিকৃতি দাহ কৰাৰ সময়ত আৰক্ষী আৰু আছু কৰ্মী মাজত টনা আজোৰা হোৱা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আছুৰ বিক্ষোভ সমদল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.