ETV Bharat / technology

ভাৰতত বন্ধ হ’ব X সেৱা ! কিন্তু কিয় ? - X SERVER DOWN IN INDIA

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 11:17 AM IST

Updated : Apr 27, 2024, 11:53 AM IST

X Down In India : ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰত বহু সমস্যাৰ সন্মুখীন হৈছে ভাৰতীয় ব্যৱহাৰকাৰী ৷ ইলন মাস্কৰ দ্বাৰা পৰিচালিত এই সেৱাত প্ৰকৃততে কি হৈছে ৷ কিয় সঘনে ইয়াৰ চাৰ্ভাৰ ডাউন হ’ব ধৰিছে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

ভাৰতত ডাউন X সেৱা; কিন্তু কিয়- জানিবলৈ পঢ়ক এই প্ৰতিবেদন

নিউজ ডেস্ক, ২৭ এপ্ৰিল : কি হৈছে X ত ? ভাৰতত বন্ধ হৈ যাব নেকি X ? কাৰণ ভাৰতৰ কেইবাজনো X (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে শুকুৰবাৰে ৱেবত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে । কিন্তু কিয় এনে সমস্যাৰ সন্মুখীন হৈছে X ব্যৱহাৰকাৰীয়ে ?

জানিব পৰা মতে, ৱেবছাইট আৰু অনলাইন সেৱাৰ বাস্তৱ সময়ৰ বিচ্ছিন্নতা (real-time outage) অনুসৰণ কৰা প্লেটফৰ্ম Downdetector.in য়েও ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সমস্যাৰ প্ৰতিবেদন বৃদ্ধি হোৱা বুলি ইতিমধ্যে দেখুৱাইছে ।

সমস্যাৰ সন্মুখীন হোৱা ব্যৱহাৰকাৰীসকলক ইলন মাস্কে পৰিচালনা কৰা ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠত "কিবা এটা ভুল হৈছে । পুনৰ লোড কৰাৰ চেষ্টা কৰক" বুলি দেখুওৱা হৈছে । অৱশ্যে X এ এতিয়ালৈকে এই বিজুতিৰ কথা স্বীকাৰ কৰা নাই আৰু বিজুলী বিচ্ছিন্নতাৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

কিন্তু X ৰ সঘনে এনেধৰণৰ বিজুতি ঘটাত বহু সমস্যাৰে সৃষ্টি হৈছে ৷ আউটেজ ট্ৰেকাৰৰ লাইভ আউটেজ মেপ (Outage trackers's Live Outage map) অনুসৰি, ব্যৱহাৰকাৰীসকলে সমগ্ৰ ভাৰতৰ পৰা X ৰ সৈতে হোৱা সমস্যাৰ ৰিপৰ্ট দিয়া দেখা গৈছে ৷

ইয়াৰ হটস্পট হৈছে দিল্লী, কলকাতা, লক্ষ্ণৌ, কটক (ওড়িশ্যা), আহমেদাবাদ, মুম্বাই, হায়দৰাবাদ, চণ্ডীগড় আদি কেবাখনো চহৰ ।

উল্লেখ্য যে, দুসপ্তাহৰ আগতে X ত ব্যাপক বিজুলী বিজুতি ঘটিছিল ৷ এই সমস্যা পুৱা প্ৰায় ১০:৪১ বজাৰ পৰা আৰম্ভ হৈছিল । এনেধৰণৰ অহৰহ ঘটনাই জনপ্ৰিয় মাইক্ৰ’ব্লগিং সেৱাক (microblogging service) জুৰুলা কৰি আহিছে ।

লগতে পঢ়ক : এক্সত পুনৰ ব্লুচেক, বিশ্বৰ ব্যৱহাৰকাৰীৰ মাজত কৌতূহল - X Free Blue Checks

Last Updated : Apr 27, 2024, 11:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.