হোম ষ্টে'ত হাহাকাৰ, ৰূমে ৰূমে অসংযত অৱস্থাত ল'ৰা-ছোৱালী
দুপৰ নিশালৈ চলে মদৰ পাৰ্টী ৷ অতিষ্ঠ হৈ চুবুৰীয়া গ'ল থানালৈ ৷ আৰু তাৰ পিছত...

Published : June 3, 2025 at 3:00 PM IST
গুৱাহাটী: অপৰাধ, অসাধু কাৰ্যকলাপৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । মহানগৰীৰ চুকে-কোনে যেন প্ৰতিদিনে সংঘটিত হৈ আছে বহু অনৈতিক কামকাজ । হোটেল, স্পা-পাৰ্লাৰ আদিত প্ৰায়ে পোহৰলৈ আহে এনে কিছু ঘটনা । এইবাৰ এনে অনৈতিক কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে একাংশ হোম ষ্টে' ।
গুৱাহাটীৰ হোম ষ্টে'ত আপোনাৰ সন্তানে কি কৰি আছে তাৰ বিষয়ে আপুনি সজাগ হ'বৰ হ'ল । কিয়নো এতিয়া হোম ষ্টে'ত থকা আপোনাৰ সন্তানে হয়তো আপোনাৰ চকুত ধূলি দি লিপ্ত হৈছে অনৈতিক কাৰ্যত । এইবাৰ চৰ্চালৈ আহিছে গুৱাহাটীৰ গেম ভিলেজৰ A-15 ব্লকৰ ৪ নং ফ্লেট । সোমবাৰে নিশা বশিষ্ঠ আৰক্ষীয়ে গেম ভিলেজত চলালে অভিযান । অভিযানত অসংযত অৱস্থাত উদ্ধাৰ ১১ যুৱক-যুৱতীক ।
প্ৰতিৱেশীয়ে দিয়া অভিযোগৰ ভিত্তিত এই অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে । প্ৰতিৱেশীয়ে উল্লেখ কৰা অনুসৰি দীৰ্ঘদিন ধৰি হোম ষ্টে’টোত অনৈতিক কাৰ্যকলাপ চলি আছিল । প্ৰতিনিশাই দুপৰ নিশালৈ চলে পাৰ্টী, শুনা যায় উচ্চস্বৰৰ সংগীত । অতিষ্ঠ হৈ প্ৰতিৱেশীয়ে প্ৰথমে অভিযোগ দিছিল গেম ভিলেজৰ ছ'চাইটিক । পিছত গেম ভিলেজৰ ছ'চাইটিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীক অৱগত কৰে ।
লগে লগে প্ৰতিৱেশীৰ অভিযোগৰ ভিত্তিতেই গেম ভিলেজৰ হোম ষ্টে’টোত নিশা আৰক্ষীয়ে চলালে অভিযান । সেই অভিযানত ১১ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ কৰা হয় অসংযত অৱস্থাত ।
জানিব পৰা মতে গেম ভিলেজৰ A-15 ব্লকৰ ৪নং ফ্লেটটোৰ গৰাকী হৈছে হেম চন্দ্ৰ কলিতা । কলিতাই নিজৰ ফ্লেটত খুলিছিল হোম ষ্টে' । কিন্তু হোম ষ্টে' খোলাৰ কথা জনোৱা নাছিল গেম ভিলেজৰ ছ'চাইটিক । পিছে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতহে পোহৰলৈ আহে হোম ষ্টে' খোলাৰ কথা ।
এগৰাকী প্ৰতিৱেশীয়ে ঘটনা সন্দৰ্ভত কয়,"আজি দুই চাৰিদিনৰ পৰা কিছুমান ল'ৰা-ছোৱালী আহে, গোটেই ৰাতি মদ খাই উৎপাত কৰি বটল ভাঙে । আজি আমি আহিছোঁ, দুৱাৰ জোৰকৈ খোলাইছোঁ । ৰূমে ৰূমে ছোৱালী পাইছোঁ দুই-তিনিজনীকৈ, ল'ৰা পাইছোঁ, মদৰ বটল আৰু বিভিন্ন বস্তু পাইছোঁ । এতিয়ালৈ ৪ জনী ছোৱালী আৰু পাঁচজন ল'ৰা আৰু যিজনে হোম ষ্টে'টো চলাই আছে তেওঁকো ধৰা হৈছে ।"

