৬ বছৰীয়া কন্যা সন্তান এৰি আলফা (স্বাধীন)লৈ নাহৰকটীয়াৰ টিকেন্দ্ৰজিৎ !
ULFA joining: আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ চৰকাৰে আহ্বান জনাই থকাৰ সময়তে আন এজন যুৱক এই সংগঠনটোলৈ যোৱাৰ সন্দেহ ।

Published : January 27, 2024 at 8:51 PM IST
মৰাণ, ২৭ জানুৱাৰী : আলফা আৰু চৰকাৰৰ মাজত শেহতীয়াভাৱে শান্তিচুক্তি সম্পূৰ্ণ হোৱাৰ পাচতো পৰেশ বৰুৱাৰ নেতৃত্বত আলফাই (স্বাধীন) নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ পুনৰ চেষ্টা অব্যাহত ৰাখিছে । আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আহিবলৈ চৰকাৰে আহ্বান জনাই থকাৰ সময়তে পুনৰ আলফা স্বাধীনত নাহৰকটীয়াৰ এজন যুৱকে যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । নাহৰকটীয়াৰ ১নং ধাদুমীয়া গাঁৱৰ নিৱাসী প্ৰয়াত যোগেন হাজৰিকা আৰু জেউতি হাজৰিকাৰ পুত্ৰ টিকেন্দ্ৰজিৎ হাজৰিকা ওৰফে আইকেন ওৰফে মাইনা নামৰ ৩০ বছৰীয়া বিবাহিত যুৱকজনে আলফা স্বাধীনৰ শিৱিৰত যোগদান কৰাৰ সন্দেহ কৰা হৈছে । ইয়াৰ পিচতেই হাহাকাৰ লাগিছে পৰিয়ালৰ সদস্য় সকলৰ মাজত ।
টিকেন্দ্ৰজিতৰ পত্নীয়ে সংবাদ মাধ্য়মৰ আগত উল্লেখ কৰি কয় যে বৃহস্পতিবাৰে পুৱা টিকেন্দ্ৰজিতে বিশেষ কাম আছিল বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু তাৰ পাচৰে পৰা তেওঁৰ সৈতে যোগাযোগ হোৱা নাছিল পৰিয়ালৰ কোনো সদস্য়ৰ । সন্ধিয়ালৈকে টিকেন্দ্ৰজিতৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে কাষ চাপে নাহৰকটীয়া আৰক্ষীৰ । আৰক্ষীয়ে অনুসন্ধান কৰি যুৱকজনৰ ম'বাইলৰ শেহতীয়া লোকেচন চৰাইদেও জিলাৰ বৰহাটত পোৱা বুলি পৰিয়ালক জানিবলৈ দিছে ।
ইফালে ,যুৱকজনৰ শেহতীয়া কল ডিটেইলছ আৰক্ষীয়ে পৰীক্ষা কৰাত কেইবাটাও সন্দেহনজনক নম্বৰৰ তথ্য লাভ কৰাত যুৱকজন আলফা স্বাধীনলৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । আনহাতে, বৃদ্ধা মাতৃ, পত্নী আৰু এটি ৬ বছৰীয়া কন্যা সন্তান এৰি যোৱা টিকেন্দ্ৰজিতে প্ৰকৃততে যদি আলফা স্বাধীনত যোগদান কৰিছে তেন্তে তেওঁক সুকলমে ঘৰলৈ ঘুৰাই পঠাবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।
লগতে পঢ়ক: আলফা (স্বা)ৰ সদস্য বীৰেন চেতিয়াক বিচাৰি বৃদ্ধ মাতৃৰ হাহাকাৰ; ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি অহাৰ আহ্বান

