ETV Bharat / state

কোকৰাঝাৰত বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই - Wild Buffalo terror in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 9:40 PM IST

Wild Buffalo terror :কোকৰাঝাৰত বনৰীয়া ম'হৰ ত্ৰাস ৷ বনাঞ্চলৰ পৰা গাঁৱত প্ৰবেশ কৰা ম'হটোক খেদিবলৈ যাওতে সংঘটিত হয় এই ঘটনা ৷

Wild buffalo attack
বনৰীয়া ম'হৰ আক্ৰমণ
বনৰীয়া ম'হৰ আক্ৰমণ

কোকৰাঝাৰ, ৭ মাৰ্চ : বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া ম'হৰ আক্ৰমণত ৰবিবাৰে দুজন গঞা লোক গুৰুতৰভাৱে আহত হয় ৷ কোকৰাঝাৰ জিলাৰ হলদিবাৰী আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী লাউটি মথাউৰিত পৃথকে পৃথকে এই ঘটনা সংঘটিত হৈছে ৷ বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন ক্ৰমে কোকৰাঝাৰ জিলাৰ দুই নং বাশবাৰী গাঁৱৰ মেহুং বসুমতাৰী ( ৫০) আৰু চিৰাং জিলাৰ উত্তৰ ইছলাখাটা গাঁৱৰ ছেভেন নাৰ্জাৰী ( ৪০) ৷

বনাঞ্চলৰ পৰা গাঁৱত প্ৰবেশ কৰা বনৰীয়া ম'হটোক খেদিবলৈ যাওতে এই ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্য যে আজি বিয়লী ৪-৩০ বজাত কোকৰাঝাৰ জিলাৰ হলদিবাৰীত বনৰীয়া ম'হ বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি কিছু সংখ্যক গঞা ৰাইজে ম'হটোক খেদাৰ চেষ্টা চলায় ৷ এনেদৰে বনৰীয়া ম'হটোক খেদিবলৈ যাওতে মেহুং বসুমতাৰী নামৰ লোকজন বনৰীয়া ম'হটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷ মেহুং বসুমতাৰীক সংকটজনক অৱস্থাত কোকৰাঝাৰ আৰ এন বি হাস্পতাললৈ লৈ অনা যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসা বাবে মেহুং বসুমতাৰীক বাহিৰলৈ প্ৰেৰণ কৰা হৈছে ৷

আনহাতে, ইয়াৰ পূৰ্বে আজি দুপৰীয়াৰ ভাগত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী লাউটি মথাউৰিত একেটা বনৰীয়া ম'হৰ আক্ৰমণতে চিৰাং জিলাৰ উত্তৰ ইছলাখাটা গাঁৱৰ ছেভেন নাৰ্জাৰী গুৰুতৰভাৱে আহত হয় ৷ ছেভেন নাৰ্জাৰী সম্প্ৰতি কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ ছেভেন নাৰ্জাৰীৰ অৱস্থাও সংকটজনক ৷

উল্লেখ্য যে বনৰীয়া ম'হটো সম্প্ৰতি কোকৰাঝাৰৰ হলদিবাৰী এলেকাতে বিচৰণ কৰি আছে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ দলে ম'হটোক ট্ৰেংকুলাইজ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:বনভোজকাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত দুজন - Accident In Goalpara

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.