ETV Bharat / state

বোকাখাতৰ বিহৰা বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ,গো-ধনৰ মৃত্য়ু

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 2:15 PM IST

Cow death at Bihra market
গোমাতাৰ মৃত্য়ু বোকাখাতৰ বিহৰা বজাৰত

Cattle market in Assam:সমগ্ৰ দেশ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়তে হিন্দু ধৰ্মই পবিত্ৰ জ্ঞান কৰা গো-ধন, গো-মাতাৰ মৃত্য়ু হোৱাৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ বিহৰা বজাৰত ।

কাজিৰঙা, ২২ জানুৱাৰী : ৰাম জন্মভূমি অযোধ্যা আজি ৰামময় ৷ অযোধ্যাৰ চৌদিশত এতিয়া কেৱল জয় শ্ৰীৰাম ধ্বনি ৷ কেৱল অযোধ্যাই নহয়, সমগ্ৰ ভাৰতবৰ্ষ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বিশেষ ক্ষণটোৰ সাক্ষী হৈ ৰ'ল ৷ ভাৰতীয় সংস্কৃতিৰ ৫ হাজাৰ বছৰীয়া ইতিহাসত শুভ আৰম্ভণি হ'ল এক নতুন অধ্যায়ৰ ৷ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ প্ৰাণ ৷ সমগ্ৰ দেশ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে উদ্বাউল হৈ থকাৰ সময়তে হিন্দু ধৰ্মৰ লোকসকলে পবিত্ৰ জ্ঞান কৰা গো-ধন, গো-মাতাৰ মৃত্য়ুৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ বিহৰা বজাৰত । চৰকাৰী উদাসীনতাৰ সুযোগ লৈ গো-মাতাক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যেন প্ৰতিনিয়ত অৱহেলা কৰি আহিছে বিহৰা বজাৰ কৰ্তৃপক্ষই ৷

বোকাখাতৰ বিহৰা বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ তথা হেঁচা-ঠেলাৰ বাবে মৃত্যু হৈছে ৮ টাকৈ গৰুৰ ৷ এছিয়াৰ আটাইতকৈ ডাঙৰ গৰু বজাৰখনেই হৈছে বোকাখাতৰ বিহৰা গৰু বজাৰ ৷ পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এই গৰু বজাৰে দুখীয়া জনগণৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ প্ৰয়াস কৰি আহিছে ৷ ক'ভিড কালত এই গৰু বজাৰ বন্ধ হোৱাত বহু হাজাৰ কৃষকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত যেনিবা পুনৰ খোল খালে এই বজাৰ ৷ সপ্তাহৰ প্ৰতি দেওবাৰে বিহৰাত বহে গৰু বজাৰ । গোট খায় হাজাৰ হাজাৰ গৰু। শনিবাৰৰ বিয়লিৰ পৰাই বেপাৰীয়ে ইয়ালৈ আনে গৰু। কিন্তু বজাৰখনত নাই পশু চিকিৎসাৰ কোনো প্ৰাথমিক ব্যৱস্থা ৷ নাই গো খাদ্য আৰু পৰ্যাপ্ত পানীৰ ব্যৱস্থা ।

বজাৰ কৰ্তৃপক্ষৰ মতে, দেওবাৰে গৰু কেইটা বজাৰলৈ আনি থকা অৱস্থাতে গাড়ীতে মৃত্যু হৈছে । সন্দেহ কৰা মতে, এখন গাড়ীৰ বহন ক্ষমতাতকৈ অধিক গৰু বোজাই কৰি অনাৰ বাবেই হেঁচা ঠেলাত মৃত্যু হৈছে ৮ টাকৈ গৰুৰ । লক্ষণীয় কথাটো হ'ল, বিহৰা বজাৰলৈ গৰু সৰবৰাহ হয় অনুজ্ঞাপত্ৰ নথকা যান-বাহনত । হয়তো কোনো গাড়ীৰে নাই অনুজ্ঞাপত্ৰ ৷ কিন্তু তেনেকৈয়ে চলি আছে গাড়ী ৷ আৰক্ষী-প্ৰশাসনৰ জ্ঞাত অৱস্থাতেই চলিছে এই কাৰ্য ।

ৰাইজৰ অভিযোগ অনুসৰি কোনোবা অদৃশ্য হাতৰ নিয়ন্ত্ৰণত ঘূৰিছে অবৈধভাৱে গৰু কঢ়িওৱা গাড়ীৰ চকা ৷ উল্লেখ্য যে চাৰিটা মৃত গৰুসহ এখন গাড়ী লোকচক্ষুৰ আঁৰত বজাৰৰ পিছফালে ৰখাই থোৱা অৱস্থাত সাংবাদিকে প্ৰত্যক্ষ কৰে । আনহাতে, আন চাৰিটা গৰুৰ শুংসূত্ৰ পোৱা নাই । গাড়ীৰ ভিতৰত গৰুৰ মৃত্যু বোকাখাতত নতুন কথা নহয় । যোৱা বছৰো এখন গাড়ীত ৪৮ টাকৈ গৰুৰ মৃত্যু হৈছিল । যোৱা সপ্তাহৰ শনিবাৰে নিশা বোকাখাতৰ নুমলীগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ৪ টাকৈ গৰুৰ মৃতদেহ ।

লগতে পঢ়ক:হিমন্তৰ দৰে ব্যর্থ মুখ্যমন্ত্রীৰ অসমত কোনো প্রয়োজন নাই, অসম তৃণমূল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.