ETV Bharat / state

গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা(স্বা)ৰ, সৰ্বাত্মক বন্ধ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 4:50 PM IST

ULFA I
গণতন্ত্ৰ দিৱস বৰ্জনৰ আহ্বান

ULFA I: পুনৰ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফা(স্বা)ই ৷ 26 জানুৱাৰীৰ 12 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে সৰ্বাত্মক বন্ধও ঘোষণা কৰিছে সংগঠনটোৱে ৷ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান আৰু ব্যক্তিগত পৰ্যায়তো গণতন্ত্ৰ দিৱস প্ৰত্যাখ্যানৰ আহ্বান জনাইছে আলফা(স্বা)ই ৷

নিউজ ডেস্ক, 23 জানুৱাৰী: বিগত বৰ্ষসমূহৰ দৰেই আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)এ ৷ মঙলবাৰে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণৰ জৰিয়তে অসম আৰু নাগালেণ্ডবাসীক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে নিষিদ্ধঘোষিত সংগঠনটোৱে ৷

কেৱল দেশৰ গণৰাজ্য দিৱস বৰ্জন আহ্বানেই নহয়, সংগঠনটোৱে 26 জানুৱাৰীৰ বিয়লি 6 বজালৈকে সৰ্বাত্মক বন্ধও ঘোষণা কৰিছে ৷ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান আৰু ব্যক্তিগত পৰ্যায়তো গণতন্ত্ৰ দিৱস প্ৰত্যাখ্যানৰ আহ্বান জনাইছে আলফা(স্বা)ই ৷ অৱশ্যে বন্ধৰ সময়ছোৱাত জৰুৰীকালীন বিভাগ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নাথাকিব বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে আলফা(স্বা)ই ৷

স্বাধীন অসমকামী নিষিদ্ধ সংগঠনটোৱে জনায় যে ভাৰতবৰ্ষই 1947 চনৰ পৰাই মুক্তিকামী জনগণক নানা প্ৰকাৰে অত্যাচাৰ চলাই আহিছে ৷ থলগিৰি ৰাইজৰ ন্যায্য ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি কেৱল নিৰ্বাচনী জয়লাভৰ দ্বাৰা প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা হ’ব নোৱাৰে বুলি উল্লেখ কৰে সংগঠনটোৱে ৷

গণৰাজ্য দিৱসক ভুৱা হিচাবে আখ্যা দি নিষিদ্ধঘোষিত সংগঠনটোৱে অসম আৰু নাগালেণ্ডৰ সকলো ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠনক উক্ত দিৱস বৰ্জনৰ আহ্বান জনাইছে সংগঠনটোৱে ৷

আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসম স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰে, ‘‘ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমক কৰা প্ৰতাৰণাৰ জলখন তথাকথিত স্বাধীনতাৰ পাছত দিল্লীয়ে আজিকোপতি অধিক আগ্ৰাসী আৰু শক্তিশালী ৰূপত গঢ়ি তুলিছে ৷ ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰই ৰাজনৈতিক অভিসন্ধিৰে থলগিৰি জাতিসমূহৰ স্বতন্ত্ৰতাৰ সুৰক্ষাৰ মৌলিক উপাদান ‘স্বাধীনতা’ খৰ্ব কৰি 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰাই সংবিধান কাৰ্যকৰী কৰে ৷ যাৰ অৰ্থ অসম-নাগালেণ্ড তথা পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলক আইন-শৃংখলাৰ অজুহাচচ ৰাষ্ট্ৰসন্ত্ৰাস চলাই ভাৰতীয় হিচাপে বান্ধি ৰাকিব পাৰে ৷ যাতে ভুৱা ‘গণতন্ত্ৰ দিৱস’ পালনৰ জৰিয়তে দখলীকৃত ৰাষ্ট্ৰৰ সংবিধানিক মান্যতা প্ৰদান কৰি গৌৰৱময় বুৰঞ্জীপ্ৰসিদ্ধ জাতি-জনগোষ্ঠীসমূহে চিৰকাল পৰাধীনতাৰ পৰা মুক্ত হ’ব নোৱাৰে ৷ ’’ (অসম্পাদিত)

লগতে পঢ়ক: ত্ৰিপাক্ষিক চুক্তিৰ পাচত ৰাজ্যবাসীৰ আগত প্ৰথমটো প্ৰতিক্ৰিয়া আলফা নেতৃত্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.