ETV Bharat / state

বিটিআৰ চুক্তিৰ আধাৰত বিকেডব্লিউএচিৰ গাঁও চিনাক্তকৰণৰ দাবী সংযুক্ত বড়ো গণ মঞ্চৰ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 11:48 AM IST

UBPO press conference: জোনাই চিমেন চাপৰিত কেবাটাও বড়ো জাতীয় সংগঠনৰ সংবাদমেল । সংবাদমেলত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰ চুক্তিৰ আধাৰত বিকেডব্লিউএচিৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ, শকত পুঁজি আৱন্টনৰ দাবী উত্থাপন কৰে সংগঠনকেইটাই ।

UBPO press conference with several demands
কেইবাটাও দাবীৰে UBPO ৰ সংবাদমেল

কেইবাটাও দাবীৰে UBPO ৰ সংবাদমেল

জোনাই,২০ জানুৱাৰী: তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.১ দফাৰ অধীনত গঠন হোৱা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদলৈ শকত পুঁজি আৱন্টন দিয়াৰ দাবী উত্থাপন কৰে সংযুক্ত বড়ো গণ মঞ্চ ধেমাজি জিলা সমিতিয়ে । ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৰ সভাপতি ৰাতিৰাম বসুমতাৰী আৰু সাধাৰণ সম্পাদক অশোক দৈমাৰী উল্লেখ কৰে দাবীসমূহ ।

তেওঁলোকে উল্লেখ কৰে যে দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিত ২০২০ চনৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এনডিএফবিৰ চাৰিটা গোট, ইউবিপিঅ আৰু এবছুৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত গঠন হোৱা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে বিকেডব্লিউএচিলৈ শকত পুঁজি আৱন্টন দিবলৈ চৰকাৰক দাবী জনায় ।

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিকেডব্লিউএচিৰ বিষয়ক চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ দাবী জনাই উপৰোক্ত দাবী তথা বিষয়ৰ ওপৰত ১২ ছেপ্টেম্বৰ,২০২৩ তাৰিখে অসম বিধানসভাৰ অধ্যক্ষৰ সভাগৃহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ইউবিপিঅৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয় যদিও আজিলৈকে কোনো কাৰ্যকৰী নকৰা বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰে ইউবিপিঅৰ ধেমাজি জিলা সমিতিয়ে ।

আনহাতে পুনৰ ২৯ নৱেম্বৰ,২০২৩ তাৰিখে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে ইউবিপিঅ’ৰ এখন বৈঠক অনুষ্ঠিত হোৱা বৈঠকত বিকেডব্লিউএচিৰ সম্পৰ্কীয় বিষয়সমূহ ১৫ ডিচেম্বৰ,২০২৩ তাৰিখৰ ভিতৰত সমাধানৰ আশ্বাস প্ৰদান কৰে যদিও বিষয়টোৰ বাস্তৱসন্মত পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । বিকেডব্লিউএচিৰ বিষয়সমূহ সমাধানৰ বাবে চৰকাৰে লেহেমীয়া ভূমিকা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ সময়নিৰ্ধাৰিত পদক্ষেপ ল'বলৈ দাবী জনাই ।

ইয়াৰোপৰি বিটিচি আৰু বিটিআৰ চুক্তিত উল্লেখ থকা অনুসৰি আজিলৈকে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত বসবাস কৰা বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰা দেখা নগ'ল । গতিকে চৰকাৰক বিষয়টো কাৰ্যকৰী কৰিবলৈ দাবী জনোৱাৰ লগতে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ বড়ো গাঁওসমূহ বিটিআৰ অথবা বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰা ক্ষেত্ৰত ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰৰ হস্তক্ষেপ দাবী জনায় ।

লগতে পঢ়ক: কংগ্ৰেছে এতিয়া ইয়াৰ পাপৰ ফল ভুগিছে: ভুৱন গাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.