ETV Bharat / state

২৮ মে’ৰ পৰা নামেৰীত ট্ৰেকিঙৰ আমোদ ল’ব নোৱাৰিব পৰ্যটকে ! - TREKKING IN NAMERI

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 6:00 PM IST

Updated : May 22, 2024, 9:51 PM IST

Nameri Tiger Reserve: অহা ২৮ মে’ ৰ পৰা বন্ধ হ’ব নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ট্ৰেকিঙৰ কাৰ্যকলাপ ৷ পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব ট্ৰেকিং ৷

NAMERI TIGER RESERVE
TREKKING IN NAMERI (ETV Bharat Assam)

তেজপুৰ, ২২ মে': বাৰিষা সমাগত হোৱাৰ লগে লগেই সষ্টম হৈ পৰিছে অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষসমূহ । পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়া তথা নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালকে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয় আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশ অনুসৰি অহা ২৮ মে’ ৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে কাৰ্যকৰী হোৱাকৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ট্ৰেকিঙৰ কাৰ্যকলাপ বন্ধ থাকিব বুলি এক জাননী যোগে প্ৰকাশ কৰিছে । এই নিৰ্দেশ পৰৱৰ্তী সময়ত সলনি কৰা হ’ব বুলি জানিব পৰা গৈছে ।

নামেৰীৰ ট্ৰেকিং ব্যৱস্থা : সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাই আপুনিও নিশ্চয় ভাল পায় ৷ যদি আপুনি এজন প্ৰকৃতিপ্ৰেমী আৰু দুঃসাহসিক অভিযানৰ সন্ধানী, তেন্তে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ফুট ট্ৰেক আৰু ৰিভাৰ ৰাফটিঙে আপোনাক দিব মনোৰঞ্জন ৷ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ট্ৰেকাৰ আৰু বন্যপ্ৰাণীপ্ৰেমীৰ বাবে ভূ-স্বৰ্গ বুলি কোৱা হয় ।

Nameri Tiger Reserve
নামেৰীত ট্ৰেকিং (ETV Bharat Assam)

ইয়াত ঘন অৰণ্য, নদী আৰু বৈচিত্ৰময় উদ্ভিদ তথা প্ৰাণীৰ সৈতে পৰ্যটকে ইয়াত এক অনন্য অভিজ্ঞতা তথা মনোৰঞ্জন লাভ কৰে । নামেৰীৰ বাৰ্ডছ গাইড প্ৰশান্ত দাসে ই টিভি ভাৰতক জনায় যে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ট্ৰেকিঙৰ বাবে বহু লোকৰ সমাগম হয় । বিশেষকৈ বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বিখ্যাত দেওহাঁহৰ ফটো ল’বলৈ অহা ট্রেকাৰৰ সংখ্যাই বেছি । অকল নামেৰীৰ বাবে অহা প্ৰায় ১,৫০০ বা ততোধিক পৰ্যটকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ অহা লোকে এই ট্ৰেকিঙত ভাগ লয় বুলি তেওঁ কয় ।

লগতে পঢ়ক: দীপৰ বিলত ভয়াবহ প্ৰদূষণ: পামহী নলাৰ লগতে ডাম্পিং গ্ৰাউণ্ডেই মূল কাৰণৰ অভিযোগ - Deepor Beel Suraksha Manch

এজন লোকে ট্ৰেকিঙৰ সময়ত কেমেৰাৰ বাবে ৫০ টকা, ব্যক্তিগত ৬০ টকা, বৰ্ডৰ ১০০ টকা, গাইডক ১০০ টকা আৰু আনুসংগিক টিকটৰ খৰচ বহন কৰিব লাগে ।

ৰোমাঞ্চকৰ ট্ৰেকিং অভিজ্ঞতা: নামেৰীত ট্ৰেকিঙৰ আমোদ ল’বলৈ আহিলে সেউজীয়া অৰণ্যৰ মাজেৰে পাৰ নৈৰ কাষেৰে বিশুদ্ধ শীতল বতাহ সেৱন কৰিব পাৰিব ৷

সহজ ট্ৰেক: আপুনি এজন নবীন বা অভিজ্ঞ ট্ৰেকাৰ হওক, নামেৰীয়ে আপোনাক বিভিন্ন মাদকতা প্ৰদান কৰে, আৰু ইয়াৰ দ্বাৰা সকলোৱে এটা স্মৰণীয় অভিজ্ঞতা লাভ কৰে ।

বিৰল মুহূৰ্তবোৰ লেন্সত বন্দী কৰাৰ সুযোগ: এই সময়ত আপুনি নিজৰ কেমেৰাটো নিবলৈ নাপাহৰিব ৷ বৈচিত্ৰময় প্ৰাকৃতিক দৃশ্য, বিভিন্ন বন্যপ্ৰাণী আৰু নৈসৰ্গিক পৰিৱেশৰ অবিস্মৰণীয় মুহূৰ্তবোৰ ধৰি ৰখাৰ সুবিধা লাভ কৰিব আপুনি এই ট্ৰেকিঙত ।

Nameri Tiger Reserve
ফটো গ্ৰহণৰ অৱস্থাত পৰ্যটক (ETV Bharat Assam)

কেনেকৈ কৰিব ফুট ট্ৰেক: ট্ৰেকিং আৰু ৰিভাৰ ৰাফটিংৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিবলৈ অনুমতিৰ প্ৰয়োজন ৷ নামেৰী বন বিভাগৰ কাৰ্যালয়ৰ পৰা এই অনুমতি লাভ কৰিব পাৰি । এই ব্যৱস্থাটো সকলো বয়সৰ লোকৰ বাবে আছে ৷ বনাঞ্চলত ট্ৰেকিং কৰাৰ সময়ত আপোনাৰ লগত থাকিব এজন বন বিভাগৰ ৰেঞ্জাৰ । পুৱা ৬:০০ বজাৰ পৰা ট্ৰেকিং আৰম্ভ কৰাটো বাঞ্ছনীয় । জীয়া-ভৰলী নদী পাৰ হোৱাৰ পিছত এই পথটো আৰম্ভ হয় । নদীখন পাৰ হ’বলৈ স্থানীয় নাৱত যাব লাগে । ট্ৰেকিঙৰ বাবে সোনকালে আহিব লাগে পৰ্যটকসকল ৷ কিয়নো পুৱাৰ ভাগতহে অধিক চৰাই আৰু জীৱ-জন্তু দেখা পোৱাৰ সম্ভাৱনা থাকে ।

লগতে পঢ়ক: ভ্ৰমণৰ আনন্দ ল’বলৈ তেজপুৰলৈ আহিলে নোচোৱাকৈ নাযাব এইকেইটা স্থান... - Tourist spots in tezpur

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সবিশেষ : নামেৰী ৰাষ্ট্ৰীয় উদ্যান হিমালয়ৰ পাদ দেশত থকা অৰুণাচল প্ৰদেশৰ পাকে বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা বিভক্ত ৷ যৌথভাৱে ইয়াৰ পৰিসীমা ১০০০ বৰ্গ কিলোমিটাৰ (৩৯০ বৰ্গমাইল)তকৈ অধিক ৷ ইয়াৰে নামেৰীৰ মুঠ পৰিসীমা ২১২ বৰ্গ কিলোমিটাৰ (৮২ বৰ্গমাইল)।১৯৯৯-২০০০ চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় ৷ ই মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পিছত অসমৰ দ্বিতীয়টো ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ।

Nameri Tiger Reserve
নামেৰীত দেখা পোৱা পক্ষীৰ ফটো (ETV Bharat Assam)

ইয়াৰ দুটা মূল অঞ্চল আছে: নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই-ৰূপাই অভয়াৰণ্য (নামেৰী বাঘ সংৰক্ষিত বনাঞ্চলৰ সংলগ্ন)। উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ উদ্যানখনৰ দক্ষিণ সীমাৰেখাৰে বৈ যোৱা নামেৰীৰ জীৱনৰেখা হৈছে জীয়া-ভৰলী নদী । পূব দিশত বৰ-ডিকৰাই নদীখন উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিমলৈ বৈ গৈছে ।

১৯৭৮ চনৰ ১৭ অক্টোবৰত এই উদ্যানখনক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় । ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত নদুৱাৰ বনাঞ্চলক সংৰক্ষিত বনাঞ্চলৰ অংশ হিচাপে ১৩৭ কিলোমিটাৰ (৮৫ মাইল) এলেকাৰে নামেৰী অভয়াৰণ্য হিচাপে নামকৰণ কৰা হয় । তেতিয়ালৈকে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন কাঠ কটাৰ বাবে যথেষ্ট ব্যৱহাৰ কৰা হৈছিল । ১৯৯৮ চনৰ ১৫ নৱেম্বৰত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱাৰ সময়ত আৰু ৭৫ কিলোমিটাৰ (৪৭ মাইল) এলেকা সংযোগ কৰা হয় ।

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল দুষ্প্ৰাপ্য দেওহাঁহৰ বাবে বিখ্যাত । এই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ধনেশ পক্ষীয়েও বিচৰণ কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত নামেৰীৰ সুকীয়া পৰিচয় আছে ৷ ট্ৰেকিঙৰ লগত ৰাফটিঙৰ সুবিধাও ইয়াত আছে । নামেৰীৰ জীয়া ভৰলী নদী বিখ্যাত Wild Mahseer অৰ্থাৎ পিঠিয়া মাছৰ বাবে ।

লগতে পঢ়ক: হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ; বিদ্যুৎচালিত ৰে’লে নিঃশেষ কৰিব নেকি জীৱকুল ? - Gibbon Wildlife Sanctuary

Last Updated : May 22, 2024, 9:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.