ETV Bharat / state

ভূপেন বৰাক প্ৰহাৰৰ বিৰুদ্ধে তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:43 PM IST

BJP attack bharat jodo nyay yatra: বিজেপিৰ ভেৰোণীয়া গুণ্ডাবাহিনীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰহাৰ কৰাৰ বিৰুদ্ধে তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰতিবাদ ৷

tinsukia congress hold protest against bjp attack on bharat jodo nyay yatra
কংগ্ৰেছৰ প্ৰতিবাদ
কংগ্ৰেছৰ প্ৰতিবাদ

তিনিচুকীয়া, ২২ জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত অসমত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ৷ অসমত প্ৰৱেশ কৰিয়ে বিভিন্ন বাধাৰ সন্মুখীন হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ দেওবাৰে শোণিতপুৰৰ জামুগুৰিহাটত উপস্থিত হোৱা ভাৰত জোড়ো যাত্ৰা কনভয়ত আক্ৰমণ কৰে বিজেপি কৰ্মীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত বেয়াকৈ আঘাত কৰে বিজেপি সমৰ্থকে ৷

বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ ভেৰোণীয়া গুণ্ডাবাহিনীয়ে দেওবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে কেইবাজনো কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰে ৷ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ফটোত ভূপেন বৰাৰ ৰক্তপাত হোৱা পৰিলক্ষিত হৈছে ৷ এজন যুৱকে এই আক্ৰমণৰ পৰা উদ্ধাৰ কৰে ভূপেন বৰাক ৷ আনহাতে এই দৃশ্য বন্দী কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰাও গুণ্ডাবাহিনীয়ে টানি লয় বুলি জানিব পৰা গৈছে ৷ এই আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত "সভাপতি ভূপেন কুমাৰ বৰাক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক", "হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ", "বিজেপি চৰকাৰ মুৰ্দাবাদ" আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । আজিৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৌচুম বৰুৱা, প্ৰাক্তন জিলা সভাপতি জীৱন কুৰ্মী, জিলা উপ-সভাপতি জগদীশ গুপ্তা, জিলা সাধাৰণ সম্পাদক ক্ৰমে ৰত্নেশ্বৰ গোঁহাই, বাবলু কুলদ্বীপ, যোগেশ্বৰ কুৰ্মী, মনোহৰ নাগ, ৰজিদ আনছাৰী, মনোজ ওৰাং, কৃষ্ণ শ্বাহ, বিনোদ খাৰিয়াকে আদি কৰি ভালেমান বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : হিমন্তৰ দৰে ব্যর্থ মুখ্যমন্ত্রীৰ অসমত কোনো প্রয়োজন নাই, অসম তৃণমূল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.