ETV Bharat / state

এবাৰ নহয়, মুঠ পাঁচবাৰকৈ এখন বিদ্যালয়ত চলিল চোৰৰ চাফাই অভিযান - Theft in Jonai

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 3:47 PM IST

THEFT INCIDENT IN JONAI : চোৰৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে জোনাইৰ সাধাৰণ ৰাইজ ৷ জোনাই বজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এবাৰ দুবাৰ নহয় মুঠ পাঁচবাৰকৈ চুৰে চলালে লুট-পাত ৷

THIEVES LOOTED SCHOOL
চৰকাৰী প্ৰাথমিক বিদ্যালয়ত চুৰে চলালে লুট-পাত (ETV BHARAT ASSAM)

চোৰৰ উপদ্ৰৱত আতংকিত সাধাৰণ ৰাইজ (ETV BHARAT ASSAM)

জোনাই, 12 মে’ : ধেমাজি জিলাৰ জোনাইত বৰ্তমান নিশা হ’লেই আৰম্ভ হয় চোৰৰ উপদ্ৰৱ ৷ বিগত কেইবা মাহৰ পৰা চোৰৰ উপদ্ৰৱত অতিষ্ঠ তথা আতংকিত হৈ পৰিছে জোনাইৰ সাধাৰণ ৰাইজ ৷ হাট-বজাৰেই হওক বা মঠ-মন্দিৰ অথবা বিদ্যালয়, মুঠতে সকলোতে বৰ্তমান নিশা হ’লেই চোৰে আৰম্ভ কৰে লুট-পাত ৷ জোনাই সদৰত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা আৰু চোকা দৃষ্টি থকা স্বত্বেও চোৰৰ উপদ্ৰবে এতিয়া টোপনি হৰিছে জোনাইবাসী ৰাইজৰ ৷ চোৰৰ চাফাই অভিযানৰ পৰা হাত সাৰি যোৱা নাই বিদ্যালয়ো ৷

উল্লেখ্য যে, জোনাই এতিয়া চোৰৰ লক্ষ্য হৈছে এখন বিদ্যালয় ৷ জোনাই সদৰৰ মাজমজিয়াত থকা মুৰ্কংচেলেক গাঁওস্থিত জোনাই বজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এবাৰ দুবাৰ নহয় মুঠ পাঁচবাৰকৈ চুৰে চলালে লুট-পাত ৷ বিগত কিছুদিন পূৰ্বে প্ৰাথমিক বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল, দালি, বাচন-বৰ্তন চুৰি হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শুকুৰবাৰে নিশা পুনৰ চুৰে লুটি নিলে বিদ্যালয়খনৰ খোৱাপানীৰ একমাত্ৰ মাধ্যম পানী মটৰটো ৷ যাৰ ফলত এতিয়া বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল ৷ এইদৰে বাৰে বাৰে বিদ্যালয়খনত চুৰি হোৱাৰ বাবে এতিয়া উপায়হিবীন হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্তৃপক্ষ ৷

বিগত সময়ত হোৱা চুৰি সন্দৰ্ভত আৰক্ষী থানাত বিদ্যালয় কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানো এই সন্দৰ্ভত কোনো সমাধান লাভ কৰা নাই ৷ জোনাইত আৰক্ষীৰ লগতে গাঁওৰক্ষী বাহিনী বাহিনীয়ে নিয়মীয়াকৈ তহল দিয়াৰ পিচতো চোৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পোৱা নাই সাধাৰণ ৰাইজে ৷

লগতে পঢ়ক : সোণৰ গহণা, কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰোতে সাৱধান, আপুনিও বলি হ'ব পাৰে প্ৰৱঞ্চনাৰ - Fraud Case In Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.