ETV Bharat / state

জীৱনৰ প্ৰতি ভাবুকি আছে...কিয় ক'লে মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিকে ?

মণিপুৰত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক দুৰ্বৃত্তৰ গুলীচালনা । সংবাদ মাধ্যমত শিহৰণকাৰী ঘটনাৰ বৰ্ণনা সাংবাদিকৰ ।

Assam Journalist shot
মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক দীপ শইকীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 8:27 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : হিংসাজৰ্জৰ মণিপুৰত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গুলীবিদ্ধ হৈছে অসমৰ এগৰাকী সাংবাদিক । নাগালেণ্ডৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত অসমৰ সাংবাদিক দীপ শইকীয়া দুৰ্বৃত্তৰ গুলীত আহত হয় । এই খবৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সাংবাদিকগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ অনাৰ যো-জা চলোৱা হৈছে । কিন্তু কোনে আৰু কিয় সাংবাদিক দীপ শইকীয়াক আক্ৰমণ কৰিলে ? কি অৱস্থাত সাংবাদিকগৰাকীক গুলীওৱা হৈছিল ?

সংবাদ মাধ্যমৰ সন্মুখত শিহৰণকাৰী ঘটনাৰ বৰ্ণনা কৰিলে গুলীবিদ্ধ দীপ শইকীয়াই । তেওঁ কয়, "মই যেতিয়া লাই ভিলেজৰ পৰা ফ্লাৱাৰ ফেষ্টিভেলৰ নিউজ সংগ্ৰহ কৰি চানডুবি ফালে আহি আছিলো । সেই সময়ত আমাৰ গাড়ীৰ ইঞ্জিন অলপ ঠাণ্ডা কৰিবলৈ এক দুই মিনিটৰ বাবে ৰৈছিলো । সেই ঠাইত আগতে ভূমিস্খলন হৈছিল । পথতো মুকলি হোৱালৈ তাত ৰৈ গাড়ীৰ পৰা নামিলো । ওচৰতে এটা ৱেটিং চেড আছিল । তাত অলপ ৰৈ পানী অলপ খাইছিলো । সেই মুহূৰ্ততে এঠাইৰ পৰা এটা গুলী আহি মোৰ ভৰিত লাগিছে । তাৰ ১০ ছেকেণ্ড মানৰ ভিতৰতে আৰু এটা গুলী আহি মোৰ গাত লাগিছে । মোৰ ব্লিডিং আৰম্ভ হৈছে আৰু মই গম পাইছিলো যে মোক কোনোবাই গুলীয়াইছে । নিজকে ৰক্ষা কৰিবলৈ ওচৰতে থকা গাড়ীৰ চকাৰ পিছফালে লুকাবলৈ মই যেনেতেনে গৈছিলো । মোৰ লগৰ কেইজনেও যেনেতেনে মোক গাড়ীত ভৰাই গাঁৱলৈ লৈ গৈ মোক প্ৰাথমিক চিকিৎসা কৰায় ।"

শিহৰণকাৰী ঘটনাৰ বৰ্ণনা মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিকৰ (ETV Bharat)

তেওঁ লগতে কয়, "কিহৰ কাৰণে হৈছে, কোনে আক্ৰমণ কৰিছে, আৰক্ষীয়ে অনুসন্ধান কৰি আছে । মণিপুৰ আৰক্ষীয়ে তৎপৰতাৰে কাম কৰিছে ।" ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজনক আটক কৰা সন্দৰ্ভত সাংবাদিকগৰাকীয়ে কয়, "তেওঁক ধৰাৰ পিছত এটা মাৰাত্মক বন্দুক উদ্ধাৰ কৰিছে । তাত বায়ন'কুলাৰ আছে, চাইলেন্সাৰ আছে । আনকি গুলীটো লগাৰ আগত এটা লেজাৰ পৰাও মই অনুভৱ কৰিছিলো ।"

দীপ শইকীয়াই এয়া পৰিকল্পিত আক্ৰমণ বুলি সন্দেহ কৰি কয়, "তাত ৪-৫ জন লোক থকাৰ পিছতো দুটাকৈ গুলী মোৰ তাত লাগিছিল । টাৰ্গেট নাথাকিলে আন এজন লোকৰ গাত গুলী লাগিলহেঁতেন । আগতেও মোৰ এটা তেনেকুৱা বিতৰ্ক চলি আছে । তেওঁৱে কৰাইছে বুলি মই ক'ব বিচৰা নাই কিন্তু মোৰ জীৱনত ভাবুকি আছে । মই ভাবুকি অনুভৱ কৰিছো । হয়তো তৃতীয় পক্ষও থাকিব পাৰে ।"

উল্লেখ্য যে যোৰহাটৰ মৰিয়নীৰ দীপ শইকীয়া নামৰ সাংবাদিকগৰাকীয়ে মণিপুৰৰ সেনাপতি জিলাত অনুষ্ঠিত এক অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰি উভতি আহি থকাৰ সময়তে লাই গাঁৱত তেওঁক উদ্দেশ্যি কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে ৷ সাংবাদিকগৰাকীৰ ভৰি আৰু বুকুত দুটাকৈ গুলীয়ে আঘাত কৰে । গুৰুতৰভাৱে আহত সাংবাদিকগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :খবৰ সংগ্ৰহ কৰিবলৈ গৈ নিজেই হৈ পৰিল এটা খবৰ; বহিঃৰাজ্যত গুলীবিদ্ধ অসমৰ সাংবাদিক - JOURNALIST ATTACK IN MANIPUR