ETV Bharat / state

খবৰ সংগ্ৰহ কৰিবলৈ গৈ নিজেই হৈ পৰিল এটা খবৰ; বহিঃৰাজ্যত গুলীবিদ্ধ অসমৰ সাংবাদিক

বাতৰি সংগ্ৰহ কৰি উভতি আহি থকাৰ সময়তে সাংবাদিকগৰাকীক উদ্দেশ্যি কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে ৷ অৱশ্যে পিছত দুৰ্বৃত্তটোক আটক কৰে আৰক্ষীয়ে ৷

JOURNALIST ATTACK IN MANIPUR
সাংবাদিক দীপ শইকীয়াৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 1:00 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ/যোৰহাট : বিগত প্ৰায় ডেৰ বছৰৰো অধিক সময় অশান্ত পৰিস্থিতিয়ে বিৰাজ কৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ গুলীবিদ্ধ হৈছে অসমৰ সাংবাদিক তথা নাগালেণ্ডৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক দীপ শইকীয়া ৷ খবৰ সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে সাংবাদিকগৰাকীক উদ্দেশ্যি কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, মৰিয়নীৰ দীপ শইকীয়াই মণিপুৰৰ সেনাপতি জিলাত অনুষ্ঠিত ‘‘ফ্লাৱাৰ ফেষ্টিভেল’’ৰ বাতৰি সংগ্ৰহ কৰি উভতি আহি থকাৰ সময়তে লাই(Laii) গাঁৱত সাংবাদিকগৰাকীক উদ্দেশ্যি কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে ৷

মাতৃৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

দুৰ্বৃত্তৰ গুলী সাংবাদিকগৰাকীৰ ভৰি আৰু বুকুত আঘাত কৰাত তেওঁ গুৰুতৰভাৱে আহত হয় ৷ ততাতৈয়াকৈ সাংবাদিকগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তাৰ পিছতে উন্নত চিকিৎসাৰ ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে সাংবাদিকগৰাকী ৷ অৱশ্যে চিকিৎসকে তেওঁৰ অৱস্থা সুস্থিৰ বুলি ব্যক্ত কৰিছে ৷

JOURNALIST ATTACK IN MANIPUR
সাংবাদিক দীপ শইকীয়া (ETV Bharat Assam)

খবৰ শুনি স্তম্ভিত মাতৃ

ইফালে সাংবাদিক পুত্ৰ গুলীবিদ্ধ হোৱাৰ খবৰ শুনি হুকহুকাই কান্দি উঠে মাতৃ ৷ সাংবাদিকগৰাকীৰ মাতৃয়ে কয়, ‘‘মোৰ সৰু ল’ৰাটো নাহৰকটীয়াত থাকে ৷ সি ঘৰত খবৰ দি ক’লে দাদা মণিপুৰত গুলীবিদ্ধ হৈছে ৷ তেতিয়াহে মই গম পাইছো ৷ কাৰণ মই টিভি অন কৰাই নাছিলো ৷ তাক গুলীচালনা কৰা ঘটনাৰ লগত জড়িত থকা এটাক আটক কৰিছে বুলি খবৰ শুনিছো ৷ যিজনক আটক কৰা হৈছে তেওঁ হেনো চৰাই মাৰিবলৈহে গুলীচালনা কৰিছিল ৷ মাথো সি সুস্থ হৈ ঘৰলৈ উভতি আহক ।’’

উল্লেখ্য যে, কিছুদিন পূৰ্বে এইগৰাকী সাংবাদিকক নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনে এখন জনসভাত মুকলিকৈ ভাবুকি প্ৰদান কৰিছিল । যি ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত ৷ তাৰ পিছতে সংঘটিত এনে ঘটনাই সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টো (ETV Bharat Assam)

লগতে পঢ়ক: কলাগুৰুৰ গীতৰ বিকৃতকৰণ; নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সকলো