আঠবিধকৈ নতুন সামগ্ৰীয়ে জি আই টেগ লাভ কৰা বতৰাত উৎফুল্লিত ভূমিপুত্ৰ বড়ো ৰাইজ - GI TAG
GI tags to eight products from Assam: জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে অসমৰ আঠবিধকৈ সামগ্ৰীক প্ৰদান কৰে জি আই টেগ । সন্মানীয় আৰ'নাইকে ধৰি বড়োসকলৰ আঠবিধ নতুন সামগ্ৰীয়ে জি আই টেগ লাভ কৰিলে । বড়োসকলৰ কেইবাবিধো পৰম্পৰাগত পানীয়লৈয়ো জি আই টেগৰ স্বীকৃতি ।

Published : October 2, 2024 at 10:29 PM IST
|Updated : October 2, 2024 at 10:47 PM IST
কোকৰাঝাৰ,২ অক্টোবৰ: নিজৰ বস্ত্ৰ নিজেই প্ৰস্তুত কৰাৰ অৰ্থে বিশেষ পদক্ষেপ লোৱা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ দিনটোতে অসমৰ বড়ো জনগোষ্ঠীৰ বাবে এক ভাল খবৰ । অসমৰ ভুমিপুত্ৰ বড়োসকলৰ থলুৱা খাদ্যসহ 'আৰ'নাই' এ লাভ কৰিলে জি আই টেগ । আকৌ আঠটাকৈ পৰম্পৰাগত খাদ্য সামগ্ৰী আৰু বস্ত্ৰই লাভ কৰিছে জি আই টেগ অৰ্থাৎ ভৌগোলিক পৰিসীমাৰ স্বীকৃতি ।
স্বকীয় পৰম্পৰা আৰু লোককৃষ্টিৰে অসমৰ এক অন্যতম চহকী জনগোষ্ঠী হ’ল বড়োসকল । অসমৰ বড়ো জনগোষ্ঠীক বিশ্বৰ দৰবাৰত এক শ্ৰেষ্ঠ জাতি হিচাপে পৰিগণিত কৰিবলৈ বড'ফা উপেন্দ্ৰ নাথ ব্ৰহ্মই দেখিছিল এক সপোন । সেই সপোনে যেন লাহে লাহে বাস্তৱ ৰূপ ধাৰণ কৰিবলৈ লৈছে । ইতিমধ্যে বড়ো জনগোষ্ঠীৰ গামোচা, দ'খনাকে ধৰি কেইবাটাও পৰম্পৰাগত বস্ত্ৰ আৰু সামগ্ৰী য়ে জি আই টেগ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মান্যতা তথা ভৌগোলিক পৰিসীমাৰ সূচক লাভ কৰিছে ।
এইবাৰ আকৌ আঠটাকৈ পৰম্পৰাগত খাদ্য সামগ্ৰী আৰু বস্ত্ৰই লাভ কৰিছে জি আই টেগ অৰ্থাৎ ভৌগোলিক পৰিসীমাৰ স্বীকৃতি । শাৰদীয় উৎসৱৰ বতৰত জি আই টেগ লাভ কৰা বস্ত্ৰৰ ভিতৰত আছে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত আৰ'নাই আৰু খাদ্য সামগ্ৰীসমূহৰ ভিতৰত অন্যতম হৈছে অনলা, নাজি, নাফাম আৰু চাউলৰ পৰা তৈয়াৰ কৰা পৰম্পৰাগত তিনি প্ৰকাৰৰ পানীয় থলুৱা বড়ো জৌ গৌৰান, মাইব্ৰা জৌ বিদৌই আৰু বড়ো জৌ গিছি ৷ তাৰোপৰি ব'হাগ বিহু অৰ্থাৎ বৈশাগুৰ সময়ত পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা 'গৌকা গৌখি'এ জি আই টেগ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মান্যতা লাভ কৰে ৷
কোনো অঞ্চলৰ আঞ্চলিক সামগ্ৰীক স্বীকৃতি প্ৰদান কৰা হয় যাৰ খ্যাতি দেশ তথা বিশ্বত বিয়পি পৰে । এনে সমাদৰ লাভ কৰা সামগ্ৰীবোৰক জি আই টেগ অৰ্থাৎ Geographical Indications প্ৰদান কৰা হয় । এককথাত জি আই টেগপ্ৰাপ্ত সামগ্ৰীবিধ সকলো দেশৰ সকলো লোকৰ বাবে গ্ৰহণযোগ্যতা লাভ কৰে আৰু এই জিআই টেগ লাভ কৰা এই আঠবিধ বস্ত্ৰ তথা খাদ্য সামগ্ৰীয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছিল ।
আজি এই খবৰ লাভ কৰা পিছত বড়োসকলৰ বিভিন্ন সাংস্কৃতিক সংগঠন, নেতাসহ সাধাৰণ লোকৰ মাজত দেখা গৈছে আনন্দৰ জোৱাৰ । বড়োভূমিৰ পৰিষদীয় প্ৰশাসনীয় প্ৰাণকেন্দ্ৰ কোকৰাঝাৰতো দেখা গ’ল এই উপলক্ষে আনন্দৰ জোৱাৰ ।

