তেজপুৰ বিশ্ববিদ্যালয়ত সংযুক্ত হ'ল ছটা নতুন বিভাগ - Tezpur University
Tezpur University : তেজপুৰ বিশ্ববিদ্যালয়ত অৰ্থনীতি, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, ভূগোল, পৰিবেশ্য কলা আৰু বৃত্তিমূলক অধ্যয়ন আদি নতুন বিষয় সংযোগ ।

Published : April 5, 2024 at 10:45 PM IST
তেজপুৰ, ৫ এপ্ৰিল : তেজপুৰ বিশ্ববিদ্যালয়ত সংযুক্ত হ'ল ছয়টা নতুন বিভাগ । এই খবৰে বিশ্ববিদ্যালয়খনৰ বাবে আনিছে আশাৰ বতৰা । তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে অধ্যাপক শম্ভু নাথ সিঙৰ কাৰ্যকাল এবছৰ সম্পূৰ্ণ কৰাৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনে বৰ্তমানৰ বিভাগ সমূহৰ উপৰি অৰ্থনীতি, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, ভূগোল, পৰিবেশন কলা আৰু বৃত্তিমূলক অধ্যয়ন আৰু দক্ষতা বিকাশ আদি ছটা নতুন বিভাগ স্থাপনৰ পৰিকল্পনাৰে শৈক্ষিক সম্প্ৰসাৰণৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি কয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে অধ্যাপক শম্ভু নাথ সিঙে ।
- " class="align-text-top noRightClick twitterSection" data="">
বিগত সময়ছোৱাত তেজপুৰ বিশ্ববিদ্যালয়ে শৈক্ষিক পাঠ্যক্ৰমৰ ক্ষেত্ৰ মূলতঃ বিজ্ঞান আৰু অভিযান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে যদিও বিশ্ববিদ্যালয়খনক বহুমুখী আন্তঃশাখা সমৃদ্ধ শিক্ষাৰ ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ হ'লে বিশ্ববিদ্যালয়খনত সমাজ বিজ্ঞানৰ বিভাগ সমূহ থকাৰ প্ৰয়োজন আছে । যোৱা ৪ এপ্ৰিলত উপাচাৰ্যৰূপে নিজৰ কাৰ্যকাল এবছৰ সম্পূৰ্ণ কৰা অধ্যাপক সিঙে এইদৰে কয় ।
উল্লেখ্য যে নতুনকৈ আৰম্ভ হ'বলগা প্ৰতিটো বিভাগৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় জ্ঞান, দক্ষতা আৰু ব্যৱহাৰিক অভিজ্ঞতাৰে নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শী হ'ব পৰাকৈ বিশেষভাৱে প্ৰস্তুত কৰা পাঠ্যক্ৰমত অধ্যয়নৰ সুযোগ লাভ কৰিব । তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ চৌহদৰ সংলগ্ন অতিৰিক্ত ২৪০ একৰ ভূমিৰ আবণ্টন নিশ্চিতি বিশ্ববিদ্যালয়খনে ৰাজ্য চৰকাৰৰ পৰা ইতিমধ্যে লাভ কৰিছে যদিও সংশ্লিষ্ট ভূমি বিশ্ববিদ্যালয়লৈ হস্তান্তৰ হোৱাৰ পিছত এই নতুন বিভাগসমূহৰ স্থাপনৰ বাবে বিশ্ববিদ্যালয়খনৰ চৌহদ সম্প্ৰসাৰণ কৰিব পৰা যাব বুলি কয় অধ্যাপক সিঙে ।
উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনে আগন্তুক ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ পৰা ডিজাইনৰ স্নাতক (বি ডেচ), চীনা ভাষাত স্নাতক, বৈদ্যুতিক অভিযান্ত্ৰিকীত এম টেক, ডাটা বিজ্ঞানত এম টেক, মহিলা অধ্যয়নৰ স্নাতকোত্তৰ, শিক্ষাত স্নাতকোত্তৰ (এম এড) আৰু আইনৰ পি এইচ ডিকে ধৰি ৭টা আন নতুন শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰিছে ।
আনহাতে, অধ্যাপক সিঙৰ বিগত এবছৰীয়া কাৰ্যকালত বিশ্ববিদ্যালয়খনে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু আই আই টি-গুৱাহাটীৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন কৰে । লগতে বিশ্ববিদ্যালয়খনত ৰূপায়ণ কৰিব লগা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম আসনৰ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত থকাৰ উপৰি ড° ভূপেন হাজৰিকা আসনৰ প্ৰক্ৰিয়া সম্প্ৰতি অব্যাহত আছে । প্ৰথমটো বৰ্ষৰ কাৰ্যকালৰ ৰূপৰেখা সম্পৰ্কত আলোকপাত কৰি বিশ্ববিদ্যালয়ে প্ৰেৰণ কৰা প্ৰেছ টোকাৰ জৰিয়তে উপাচাৰ্যগৰাকীয়ে সহযোগিতা আৰু নিষ্ঠাৰে কৰ্ম সম্পাদনত নিয়োজিত তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালৰ আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰে।
লগতে পঢ়ক:তেজপুৰ বিশ্ববিদ্যালয়ত ৭টা উদ্ভাৱনীমূলক নতুন শৈক্ষিক পাঠ্যক্ৰম প্ৰৱৰ্তন

