ETV Bharat / state

তৰালিৰ মৃত্যুৰ ৰহস্য ভেদ হ’বনে ? উত্তপ্ত মেৰাপানী আৰক্ষী থানা - woman suspicious death

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 1:05 PM IST

Crime in Merapani : গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী মহিলাৰ মৃত্য়ুক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । স্বামী পৰিয়ালে মহিলাগৰাকীয়ে আত্মহত্য়া বুলি দাবী কৰাৰ বিপৰীতে ভুক্তভোগীৰ আত্মীয়ই এয়া এক পৰিকল্পিত হত্য়াকাণ্ড বুলিহে অভিযোগ কৰিছে ।

Merapani police station gheraoed
মেৰাপানী আৰক্ষী থানা ঘেৰাও

মেৰাপানী আৰক্ষী থানা ঘেৰাও

মেৰাপানী, ২৩ এপ্ৰিল: কোন সঁচা, কোন মিছা ৷ গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত সোমবাৰে নিশা এগৰাকী মহিলাৰ অস্বাভাৱিক মৃত্য়ুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

গাঁওখনৰ বিশ্বজিৎ বসুমতাৰী নামৰ লোকজনে পত্নী তৰালি দাসক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে । এই ঘটনাৰ পিচতেই মঙলবাৰে মৃত তৰালী দাসৰ পৰিয়ালৰ লোক আৰু আত্মীয়ই বিশ্বজিৎ বসুমতাৰীক গ্ৰেপ্তাৰৰ লগতে ন্যায় বিচাৰৰ দাবীত মেৰাপানী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

উল্লেখ্য় যে, বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনে এবছৰ পূৰ্বে বিয়া কৰাইছিল মেৰাপানীৰ নাৰায়ণপুৰ গাঁৱৰ প্ৰদীপ দাসৰ কন্যা তৰালি দাসক । বিয়াৰ পাচৰে পৰা বিশ্বজিৎ বসুমতাৰীয়ে যৌতুক হিচাপে এখন বাইক আৰু টকা-পইছা দাবী কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে তৰালি দাসৰ পৰিয়ালৰ লোকে ।

সোমবাৰে নিশা তৰালিয়ে আত্মহত্যা কৰা বুলি বিশ্বজিৎ বসুমতাৰীৰ পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাচতেই তেওঁলোকে ৰতনপুৰৰ কন্যাৰ গৃহত উপস্থিত হয় । তেতিয়াই বিছনাত পৰি থকা তৰালিৰ মৃতদেহ প্ৰত্যক্ষ কৰি ভুক্তভোগীৰ পৰিয়ালৰ লোকে এয়া আত্মহত্যাৰ পৰিৱৰ্তে এক পৰিকল্পিত হত্যা বুলি অভিযোগ উত্থাপন কৰে ।

যোৱা নিশাই ঘটনাস্থলীত মেৰাপানী থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । লগতে এই সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে সোধ-পোচৰ বাবে তৰালি দাসৰ স্বামী বিশ্বজিৎ বসুমতাৰী, শহুৰ আৰু শাহুয়েকক আটক কৰিছে ।

লগতে পঢ়ক : বোৱাৰী আত্মহত্যাৰ ঘটনা: স্বামীগৃহই হত্যা কৰাৰ অভিযোগ গাঁওবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.