ETV Bharat / state

স্থায়ী নিযুক্তিৰ দাবীত চচলত জলমিত্ৰৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 6:40 PM IST

জনস্বাস্থ্য কাৰিকৰী বিভাগ
Jalmitra in protest

Jalmitra in protest: চচলত জলমিত্ৰৰ প্ৰতিবাদ ৷ স্থায়ী নিযুক্তিৰ লগতে অন্যান্য দাবী পূৰণৰ বাবে চৰকাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল জলমিত্ৰসকল ৷

চচলত জলমিত্ৰৰ প্ৰতিবাদ

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ চচলত প্ৰতিবাদ অব্যাহত আছে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক-কৰ্মচাৰী পৰিষদৰ ৷ এফালে দিছপুৰত চলি আছে অসম বিধান সভাৰ বাজেট অধিবেশন, আনফালে চচলৰ প্ৰতিবাদস্থলী চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপাই তুলিছে প্ৰতিবাদকাৰীসকলে ৷ দীৰ্ঘদিন ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগত অস্থায়ীভাৱে কাম কৰি থাকা কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি প্ৰদানৰ লগতে অন্যান্য চৰ্ত পূৰণৰ দাবী তুলিছে জলমিত্ৰসকলে ৷

উল্লেখ্য যে জলমিত্ৰসকলে অস্থায়ী কৰ্মচাৰীসকলৰ তিনিটা মৌলিক দাবী পূৰণৰ বাবে চৰকাৰক যোৱা 15 জানুৱাৰীলৈকে সময়সীমা বান্ধি দিছিল ৷ কিন্তু চৰকাৰে তেওঁলোকৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি নগাঁৱত প্ৰতিনিধি সভা অনুষ্ঠিত কৰি তেওঁলোকে যোৱা 4 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিবাদত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সেই সিদ্ধান্ত অনুসৰিয়েই নিৰন্তৰভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে জলমিত্ৰসকলে ৷ চৰকাৰে দাবী পূৰণ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিছে জলমিত্ৰসকলে ৷ গুৱাহাটীৰ লগতে ৰাজ্যৰ আন জিলাসমূহতো নিৰন্তৰ ধৰ্মঘট চলাই যোৱা হ’ব বুলিও তেওঁলোকে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে প্ৰতিবাদৰ মাজতে তেওঁলোকক প্ৰশাসনে অন্য ধৰণেৰে হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে ৷ তেওঁলোকে জনোৱা মতে নিশা আহাৰ গ্ৰহণৰ বাবে তেওঁলোকে প্ৰতিবাদথলীলৈ কিছু বাচন-বৰ্তনৰ লগতে প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই আনিব খুজিছিল যদিও প্ৰশাসনে তাত বাধা প্ৰদান কৰে ৷ একেদৰে নিশা শয়নৰ বাবে তেওঁলোকক গাদী অনাতো বাধা প্ৰদান কৰা বুলি অভিযোগ তুলিছে ৷ অৱশ্যে পৰৱৰ্তী সময়ত প্ৰশাসনে সেইসমূহ আনিবলৈ অনুমতি প্ৰদান কৰে ৷ চৰকাৰে এইক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: ৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.