ETV Bharat / state

চাবুৱাৰ বায়ুসেনাৰ ঘাটিত সূৰ্য কিৰণ এৰ’বেটিক দলৰ এয়াৰ শ্ব’ প্ৰদৰ্শন

Surya Kiran Aerobatic Team : ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰ’বেটিক দলে আজি বায়ুসেনা ষ্টেচন চাবুৱাত এয়াৰ শ্ব’ প্ৰদৰ্শন কৰে ৷ 27 ফেব্ৰুৱাৰীত তেজপুৰ বায়ুসেনা ষ্টেচনত অনুষ্ঠিত হ’বলগীয়া এয়াৰ শ্ব’ত দৰ্শকক মোহিত কৰিবলৈ সাজু দলটো ৷

Surya Kiran Aerobatic Team
সূৰ্য কিৰণ এৰ’বেটিক দলৰ আকাশী প্ৰদৰ্শন
author img

By ETV Bharat Assamese Team

Published : February 24, 2024 at 10:36 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, 24 ফেব্ৰুৱাৰী : ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰ’বেটিক দলে শনিবাৰে বায়ুসেনা ষ্টেচন চাবুৱাত দৰ্শকৰ সন্মুখত কৌশল প্ৰদৰ্শন কৰি চাবুৱাৰ আকাশ ৰঙীণ কৰি তোলে ৷ স্কেট প্ৰদৰ্শনৰ উপৰিও ৰাফেল আৰু চুখয়-30 এম কে আইৰ ফ্লাই পাষ্টকে ধৰি বিভিন্ন যুঁজাৰু, সামৰিক পৰিবহণ আৰু হেলিকপ্টাৰেৰে এক মন্ত্ৰমুগ্ধ আৰু ৰোমাঞ্চকৰ আকাশী শ্ব' প্ৰদৰ্শন প্ৰত্যক্ষ কৰে দৰ্শকে ৷ বায়ুসেনাৰ বিখ্যাত ন খন বিমানযুক্ত সূৰ্য কিৰণ এৰ’বেটিক দলৰ এৰ’বেটিক এয়াৰ ডিছপ্লেই পেছাদাৰিত্ব আৰু নিখুঁততাক প্ৰক্ষেপ কৰিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আশে-পাশে থকা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে চাবুৱা বায়ুসেনা ষ্টেচনত উপস্থিত হৈ বায়ু সেনাৰ এছ কে টি আৰু অন্যান্য আধুনিক সামৰিক সঁজুলি প্ৰত্যক্ষ কৰে ৷ সাধাৰণ জনতাৰ সুবিধাৰ্থে বায়ু সেনাৰ আউটৰিচ প্ৰগ্ৰেমৰ অংশ হিচাপে আয়োজন কৰা হৈছিল এই দৰ্শনীয় এয়াৰ শ্ব’ ৷ 1996 চনত গঠন হোৱা SKAT বিশ্বৰ অতি কম সংখ্যক নখন বিমানৰ এৰোবেটিকছ দলৰ ভিতৰত অন্যতম আৰু এছিয়াৰ একমাত্ৰ দল ৷ ই এটা সাহসী দল ৷ সমগ্ৰ দেশ আৰু বিদেশতো অসংখ্য এয়াৰ শ্ব'ৰ সৈতে দৰ্শকক মোহিত কৰাৰ ইতিহাস আছে দলটোৰ ৷ এই দলটোত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু ধাৰাৰ পৰা বিশেষভাৱে নিৰ্বাচিত স্বেচ্ছাসেৱী পাইলট আছে, যিসকলৰ ফ্ৰণ্টলাইন যুঁজাৰু বিমানত উচ্চ পৰ্যায়ৰ অভিজ্ঞতা আৰু দক্ষতা আছে ৷

ইফালে ভাৰতীয় বায়ুসেনাৰ প্ৰখ্যাত সূৰ্য কিৰণ এৰোবেটিক দলে 27 ফেব্ৰুৱাৰীত তেজপুৰ বায়ুসেনা ষ্টেচনত অনুষ্ঠিত হ’বলগীয়া এয়াৰ শ্ব’ত দৰ্শকক মোহিত কৰিবলৈ সাজু হৈছে বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্নেল মহেন্দ্ৰ ৰাৱাটে ৷ সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ বাবে বায়ুসেনাই এই বৃহৎ প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷

তেজপুৰত এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ), চুখয় ৩০ এম কে আই আৰু ৰাফেলকে ধৰি আন বিভিন্ন বিমানেও এয়াৰ শ্ব’ত প্ৰদৰ্শন কৰিব ৷ এই অনুষ্ঠানত কেৱল অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰাই নহয়, ভাৰতীয় বায়ুসেনাৰ নিষ্ঠা আৰু উৎকৃষ্টতাৰ সাক্ষী হোৱাৰ সুযোগো দৰ্শকক প্ৰদান কৰিব ৷ ভিভিআইপি, প্ৰতিৰক্ষা কৰ্মী, তেওঁলোকৰ পৰিয়াল, তেজপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় 5000 লোকে এই এৰোবেটিক প্ৰদৰ্শনৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : যোৰহাট বায়ুসেনাৰ ঘাটিত ৰোমাঞ্চকৰ আকাশী প্ৰদৰ্শন