মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বক্তৃতানুষ্ঠানত ড৹ ননী গোপাল মহন্ত
Dr Nani Gopal mMhanta: নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বক্তৃতানুষ্ঠান । বক্তৃতানুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্তৰ মন্তব্য-"টেকন’লজীয়ে আমাক যথেষ্ট সহায় কৰিছে ।"

Published : February 1, 2024 at 10:44 PM IST
নগাঁও, 1 ফেব্ৰুৱাৰী : নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান । শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত “দ্য হাইডেন পেৰাডক্স অৱ্ এডুকেশ্যন এণ্ড ডেমক্ৰেচি : প’লিটিকেল ম’বিলাইজেছন ভিজ-এ-ভিজ ছ’চিয়েল ইমপ্লিকেছনছ এণ্ড এডুকেশ্যন কোৱালিটি ইন ডেমক্ৰেটিক ৰিজিমছ” শীৰ্ষক বিষয়ত অনুষ্ঠিত হয় এক বক্তৃতানুষ্ঠান ৷
বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই ৷ নিজৰ ভাষণত ড৹ ননী গোপাল মহন্তই ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কত ব্যাখ্যা আগবঢ়াই শৈক্ষিক ক্ষেত্ৰত লিংগ সমতা, শিক্ষা কিদৰে সম্প্ৰসাৰিত কৰিব পাৰি, ভৌগোলিক পৰিসীমা তথা শৈক্ষিক অক্ষমতাক নেওচি কিদৰে শিক্ষাক প্ৰসাৰ ঘটাব পাৰি সেই সম্পৰ্কে উদাহৰণসহ ব্যাখ্যা আগবঢ়ায় । তদুপৰি অৰ্থনৈতিক সমস্যা, নামভৰ্তিৰ প্ৰক্ৰিয়া, ভাষাৰ দুৰ্বলতা আৰু নিয়োগ দুৰ্বলতাই একাংশ অভিভাৱকৰ লগতে শিক্ষাৰ্থীক উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত কি দৰে প্ৰভাৱ পেলাইছে সেই সম্পৰ্কেও আলোচনা আগবঢ়ায় ৷
বক্তৃতানুষ্ঠানত নিজৰ ভাষণত ড৹ মহন্তই আৰু কয়, “শিক্ষা বেদাংগৰ এটা অংগ ৷ শিক্ষাত নিহিত হৈ আছে ফ’নেটিক্স, অক্ষৰ, বৰ্ণ, উচ্চাৰণ ৷ শিক্ষাত কি পঢ়িব লাগে, কি নালাগে, কিদৰে পঢ়িব লাগে আৰু কিদৰে পঢ়িব নালাগে আদি দিশো অন্তৰ্ভুক্ত হৈ থাকে ৷ বৈদিক পৰম্পৰাৰ দিশেৰে চাবলৈ হ’লে বিদ্যা হ’ল সঠিক জ্ঞান ৷" মূল বক্তৃতা প্ৰদানৰ পিচতে অধ্যাপক মহন্তই উপস্থিত ব্যক্তি-শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি কয় যে পূৰ্বৰ তুলনাত শিক্ষা ব্যৱস্থাত বহুখিনি শিথিলতা অনা হৈছে ৷ শিক্ষা ব্যৱস্থাত প্ৰচলিত এ.বি.চি ব্যৱস্থাই সকলোকে সুবিধা কৰিছে বুলিও তেওঁ মত আগবঢ়ায় ৷ তদুপৰি, শিক্ষা ব্যৱস্থাক আগুৱাই নিবলৈ হ’লে চৰকাৰে আগবঢ়োৱা সুবিধা, উচ্চ শিক্ষা লাভৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টিৰো তেওঁ পোষকতা কৰে ৷
তাৰ পূৰ্বে, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই সাম্প্ৰতিক শিক্ষা ব্যৱস্থা সম্পৰ্কে নিজা অভিমত দাঙি ধৰে ৷ বিভাগটোৰ মুৰব্বী অধ্যাপক ড৹ হৰেকৃষ্ণ বৰাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিৰ আঁত ধৰে বিভাগটোৰ সহকাৰী অধ্যাপক ময়ুৰী বৰাই । বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ড৹ হিমাশ্ৰী দুৱৰাই ।
লগতে পঢ়ক : শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠান

