ETV Bharat / state

লখিমপুৰ আছুৰ প্ৰয়াত সম্পাদকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভা - AASU Leader Swaraj Shankar Gogoi

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 5:03 PM IST

Swaraj Shankar Gogoi
স্বৰাজ শংকৰ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভা

Swaraj Shankar Gogoi: 25 মাৰ্চত অকাল মৃত্যুক সাৱটি লোৱা আছু নেতা স্বৰাজ শংকৰ গগৈৰ আদ্যশ্ৰাদ্ধ পালন কৰা হ’ল লখিমপুৰত ৷ লখিমপুৰ জিলা আছুৱে আয়োজন কৰা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভাত প্ৰয়াত নেতাগৰাকীক সুঁৱৰিলে ছাত্ৰ সমাজে ৷

স্বৰাজ শংকৰ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভা

লখিমপুৰ, ৫ লখিমপুৰ: যোৱা ২৫ মাৰ্চৰ নিশা লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয় ৷ শুকুৰবাৰে জিলা ছাত্ৰ সন্থাই প্ৰয়াত ছাত্ৰ নেতাজনৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভা আয়োজন কৰে ৷ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সমীপত ছাত্ৰ সন্থাই এই কাৰ্যসূচীৰ আয়োজন কৰে ।

সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতি, নাম-প্ৰসংগ আদিৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই প্ৰয়াত সম্পাদকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে । উল্লেখ্য যোৱা ২৫ মাৰ্চৰ নিশা এক দুৰ্ঘটনাত পতিত হৈ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈৰ মৃত্যু হৈছিল ৷ সেই নিশা লখিমপুৰ নগৰৰ পৰা তেওঁৰ ঢকুৱাখনাস্থিত স্বগৃহলৈ নিজা গাড়ীৰে গৈ থকা সময়ত বগীনদী এলেকাত দুৰ্ঘটনাত পতিত হৈ স্বৰাজ শংকৰ গগৈৰ মৃত্যু হয় । তেওঁৰ বিয়োগত জিলা ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰি মৰমৰ ছাত্ৰ নেতাজনক অন্তিম বিদায় জনাইছিল ।

শুকুৰবাৰে তেওঁৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভা আয়োজন কৰে জিলা ছাত্ৰ সন্থাই । ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ লগতে স্মৃতিচাৰণ সভাত প্ৰয়াত ছাত্ৰ নেতাজনৰ কৰ্মৰাজি, তেওঁৰ আদৰ্শ আৰু সৱল নেতৃত্বক সকলোৱে স্মৰণ কৰে । এই স্মৃতিচাৰণ সভাতে ‘স্বৰাজ’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় ।

উল্লেখ্য যে শুকুৰবাৰে লখিমপুৰত আয়োজন কৰা আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত সমগ্ৰ ৰাজ্যৰ ছাত্ৰ সমাজে অংশগ্ৰহণ কৰে ৷ ‘স্বৰাজ’ শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচনী সভাত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱায়ো ৷

লগতে পঢ়ক: নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা; অকাল মৃত্যু ছাত্ৰ নেতা স্বৰাজ শংকৰ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.