ETV Bharat / state

ড্ৰাগছ-সুন্দৰী আৰু এটা চাঞ্চল্যকৰ হত্যাকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:20 PM IST

Golaghat Murder: গোলাঘাট জিলাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ পৰিয়ালৰ ভাষ্য অনুসৰি, এয়া হত্যাকাণ্ড ৷ কিন্তু আন একাংশৰ মতে ড্ৰাগছৰ অ’ভাৰড’জ, প্ৰকৃততে সত্য কি ?

suspected murder case
ড্ৰাগছ, সুন্দৰী আৰু এটা চাঞ্চল্যকৰ হত্যাকাণ্ড

গোলাঘাট, 6 ফেব্ৰুৱাৰী : গোলাঘাট জিলাত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ পৰিত্যক্ত স্থানত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই এটা পৰিয়াললৈ অমানিশা নমাই আনিছে ৷

এই ঘটনাটো সংঘটিত হৈছিল 1 ফেব্ৰুৱাৰীৰ নিশা । চেন্নাইত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত চাহাবুদ্দিন হুছেইন নামৰ যুৱকজনে হঠাতে পত্নীক ফোন কৰি 1 ফেব্ৰুৱাৰীৰ দিনতে গোলাঘাটৰ ইছলামপট্টিত থকা বাসগৃহলৈ আহে । চাহাবুদ্দিন ঘৰত আহি উপস্থিত হোৱাৰ পিচতে ঘৰৰ কাষৰে ৰুপু হুছেইনে ঘৰলৈ আহি চাহাবুদ্দিনক লগত লৈ গৈছিল ৷ তাৰ পিচৰ পৰাই নিখোজ হৈ আছিল চাহাবুদ্দিন নামৰ যুৱকজন ৷

তাৰ পিচতে পৰিয়ালটোৱে চাহাবুদ্দিনক বিচাৰি হাহাকাৰ কৰিছিল যদিও পৰিয়ালৰ লোকে কোনো খবৰ পোৱা নাছিল যুৱকজনৰ ৷ 2 ফেব্ৰুৱাৰীত যুৱকজনৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ৷ ইফালে যুৱকজনৰ শৰীৰত ড্ৰাগছৰ নমুনা পোৱাৰ পিচতে যুৱকজনে ড্ৰাগছৰ অ’ভাৰড’জ হৈ মৃত্যু হোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰিছিল ৷

কিন্তু যুৱকজনে ড্ৰাগছ গ্ৰহণ কৰাৰ কথা সম্পূৰ্ণভাৱে নস্যাৎ কৰে তেওঁৰ পত্নী আৰু পিতৃয়ে ৷ তেওঁৰ পত্নীয়ে কোৱা অনুসৰি, চাহাবুদ্দিনে কেতিয়াও ড্ৰাগছ সেৱন কৰা নাছিল ৷ তেওঁক হত্যা কৰা হৈছে ৷ তেওঁক হত্যা কৰি তেওঁক ড্ৰাগছ আসক্ত বুলি প্ৰমাণ কৰিবলৈ শৰীৰত ড্ৰাগছ প্ৰয়োগ কৰা হৈছে ৷ এই সকলোবোৰ ঘটনাৰ আঁৰত চাহাবুদ্দিনৰ বন্ধু ৰুপুৰ জড়িত থকা বুলি অভিযোগ কৰিছে চাহাবুদ্দিনৰ পত্নীয়ে ৷

ইয়াতেই ক্ষান্ত নাথাকি, হত্যাকাৰীয়ে চাহাবুদ্দিনৰ লগত থকা বৃহৎ পৰিমাণৰ ধন লুন্ঠন চলাই নিশাই মৃতদেহটো AS-03 G-5169 নম্বৰৰ বাহনখনৰে লৈ গৈ গোলাঘাটৰ শালমৰা বাইপাছৰ সমীপৰ পৰিত্যক্ত স্থানত পেলাই দিয়া বুলি জানিবলৈ পৰা গৈছে ৷ ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি হত্যাকাণ্ডত জড়িত নাজিম আহমেদ, ৰুপু হুছেইন, সঞ্জু খান, ইৰফানা খান আৰু আচমা খানক গ্ৰেপ্তাৰ কৰে ।

এই ঘটনাই চাহাবুদ্দিন হুছেইনৰ পৰিয়ালটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ চাহাবুদ্দিনৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি হত্যাকাৰীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে ৷ উল্লেখ্য যে, এই ঘটনাত আৰু কোন কোন জড়িত তাৰো অনুসন্ধান অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে ৷ এতিয়াও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: পঞ্চতাৰকা হোটেলত কোনে, কিয় হত্যা কৰিলে মহাৰাষ্ট্ৰৰ সন্দীপক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.