ETV Bharat / state

কুলদীপ বৰুৱাৰ বিজেপিত যোগদানে বিপদত পেলাব নেকি বিধায়ক পৰমান্দ ৰাজবংশীক ?

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 11:02 PM IST

Kuldeep Baruah joins BJP: ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ছিপাঝাৰত বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীক তীব্ৰ প্ৰত্যাহান জনোৱা কংগ্ৰেছ নেতা কুলদীপ বৰুৱাই যোগ দিলে বিজেপিত ৷ এতিয়া সকলোৰে মনত প্ৰশ্ন উঠিছে যে, অহাটো নিৰ্বাচনত বিপদত পৰিব নেকি পৰমানন্দ ৰাজবংশী !

Kuldeep Baruah joins BJP
BJP Joining program

কুলদীপ বৰুৱাৰ বিজেপিত যোগদান

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী: ছিপাঝাৰৰ কংগ্ৰেছ নেতা কুলদীপ বৰুৱাৰ বিজেপিত যোগদানে বিপদত পেলাব নেকি বিধায়ক পৰমান্দ ৰাজবংশীক ৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক, দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা যোৱা ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ছিপাঝাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে থিয় দিয়া কুলদীপ বৰুৱাই সোমবাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । মাত্ৰ তিনি হাজাৰ ভোটৰ ব্যৱধানত বিজেপি দলৰ প্ৰাৰ্থী ড৹ পৰমানন্দ ৰাজবংশী হাতত পৰাজিত হোৱা কুলদীপ বৰুৱাই বিজেপি দলত যোগদান কৰাৰ পিছতে সৃষ্টি হৈছে বিভিন্ন চৰ্চাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিয়নো দৰং জিলাৰ ভিতৰতে ছিপাঝাৰ সমষ্টিৰ এজন শক্তিশালী কংগ্ৰেছ নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছতে আগন্তুক ছিপাঝাৰ সমষ্টিৰ উত্তৰাধিকাৰী সম্পৰ্কত সৃষ্টি হ’ব পাৰে সংঘাত । সোমবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰি তেওঁ কয় যে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ আজি বিজেপিলৈ আহিছে । গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ চৌদিশে এতিয়া কেৱল উন্নয়ন হৈছে বুলি কয় বৰুৱাই ।

‘‘মই যিহেতু সদায় ৰাইজৰ লগত থাকো, গতিকে ছিপাঝাৰ সমষ্টিৰ ৰাইজে মই বিজেপিত অহাটো বিচাৰিছে । কংগ্ৰেছত চিপৰাং মৰা ৰাজনীতি আছে । মোকো বহু নেতাই ২০২১ ৰ নিৰ্বাচনৰ সময়ত চিপৰাং মাৰিছিল ।’’ এইদৰে কয় নেতাগৰাকীয়ে ৷

আনহাতে কিছুদিন আগলৈ ৰাজনৈতিক শত্ৰু আজিৰ পৰা একেটা দলৰ সতীৰ্থ, তেনেস্থলত ভৱিষ্যতে সমষ্টিৰ ক্ষমতাৰ ক্ষেত্ৰত সংঘাত হ’ব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰুৱাই কয় যে ২০২১ ৰ প্ৰতিদ্বন্দী পৰমানন্দ ৰাজবংশীৰ কাষত ঠিয় হৈ দুয়োৱে একেলগে ছিপাঝাৰৰ উন্নয়নৰ বাবে কাম কৰি যাব ।

যদিও নেতাগৰাকীয়ে এনেদৰে কৌশলী মন্তব্য কৰে তথাপি নেতাগৰাকীৰ একাংশ সমৰ্থকে ছিপাঝাৰত কুলদীপ বৰুৱাক লাগিব বুলি দাবী কৰে । ভিতৰুৱা খবৰ মতে পৰমানন্দ ৰাজবংশীক লৈ ইতিমধ্যে ৰাইজৰ মাজত অনিহা-অসন্তুষ্টি আৰম্ভ হৈছে ৷ ইফালে প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰো সমষ্টিটোত সক্ৰিয়তা দেখা গৈছে । সেয়েহে এতিয়া এইবোৰ কাৰণতে সমষ্টিটোত পৰমানন্দ ৰাজবংশী তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ পোহৰেৰে অসমৰ উন্নয়নৰ জয়গান গাব খোজে কমল মেধিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.