ETV Bharat / state

ৰাইজে এতিয়া নৰেন্দ্ৰ মোদীকেই ভোট দিব লাগিব : সৰ্বানন্দ সোণোৱাল

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:00 PM IST

NaMo Nav Mat Data : সমগ্ৰ দেশতে অনুষ্ঠিত কৰা হৈছে নমো নতুন ভোটাৰ সম্মলিন ৷ এই সন্মিলনত কংগ্ৰেছে দেশবাসীক প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰাৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

NaMo Nav Mat Data
ৰাইজে এতিয়া নৰেন্দ্ৰ মোদীকেই ভোট দিব লাগিব - সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৫ জানুৱাৰী : কংগ্ৰেছে ৬০ বছৰীয়া শাসনত দেশবাসীক প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে । এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । বিজেপিৰ যুৱ সংগঠন ভাৰতীয় যুৱ মৰ্চাৰ তত্বাৱধানত সমগ্ৰ দেশতে অনুষ্ঠিত কৰা হৈছে নমো নতুন ভোটাৰ সম্মিলন ৷ ইয়াৰে অংশ হিচাপে, বৃহস্পতিবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰতো দিছপুৰ বিধানসভাৰ নতুন ভোটাৰ সকলক লৈ অনুষ্ঠিত হোৱা সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক সমালোচনাৰে থকাসৰকা কৰে ৷

সোণোৱাল কয় যে কংগ্ৰেছে শ্লোগান দিওঁতেই গ’ল ৷ কংগ্ৰেছ চৰকাৰৰ ফলত দেশত বহুতো লোক দুখীয়া হ’ল ৷ কংগ্ৰেছৰ অপশাসনৰ ফলত দেশ আৰ্থিকভাৱে বহুত পিচ পৰি আছিল । কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, ভ্ৰষ্টাচাৰৰ বাবে দেশৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈছিল । কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰৰ শাসন হোৱাৰ পিছত দেশৰ অৰ্থনৈতিক ছবি সলনি হ'ল ।

তেওঁ কয় যে যোৱা ১০ বছৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰৰ শাসনত দেশত পৰিৱৰ্তন সম্ভৱ হৈছে। গণতন্ত্ৰৰ ভেটি শক্তিশালী হৈছে । কংগ্ৰেছৰ দিনত আচঁনিৰ ধন আত্মসাৎ হৈছিল । কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰৰ শাসনত সকলো মানুহে চৰকাৰী আঁচনিৰ সুফল‌ পাইছে ।

ইয়াৰ পিচতে সোণোৱালে নতুন ভোটদাতাসকলক উদ্দেশ্যে কয় যে, দেশ শক্তিশালী কৰিছে বিজেপি চৰকাৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । গতিকে সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভোট দিব লাগিব।
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যয়ে ভাৰ্চুৱেলী ৰাইজনক সম্বোধন কৰে । আনহাতে গুৱাহাটীৰ অনুষ্ঠানত বিজেপিৰ‌ প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলে, যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰীৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মা আদি উপস্থিত থাকে ৷

লগতে পঢ়ক: ভূপেন বৰালৈ আৰক্ষীৰ চমন, ৩১ জানুৱাৰীত হাজিৰ হ’ব লাগিব যোৰহাট থানাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.