ETV Bharat / state

পৰকীয়া প্ৰেমেই কাঢ়ি নিলে নেকি এখন ঘৰৰ সপোন ! ৰাঙলী পাচনিঝাৰ - EXTRAMARITAL AFFAIRS

আকৌ পৰকীয়া প্ৰেম ! পত্নী আৰু পত্নীৰ প্ৰেমিকক হত্যা কৰি আত্মসমৰ্পণ হত্যাকাৰী স্বামীৰ । শোকস্তব্ধ প্ৰেমিকৰ পৰিয়াল ।

Sad conclusion of extramarital affairs, murder accused husband surrendered at Kampur
পৰকীয়া প্ৰেমৰ সন্দেহত হত্যা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 7:48 PM IST

5 Min Read

দৰং/কামপুৰ: বিগত কেইবাদিনো ধৰি সংবাদ শিৰোনাম লাভ কৰি আহিছে পৰকীয়া প্ৰেমজনিত বিভিন্ন ঘটনাই । পৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যা তথা হত্যাৰ চেষ্টা চলোৱা ঘটনাই জোকাৰি গৈছে প্ৰতিটো প্ৰান্ত । পুনৰ এনে এক ঘটনাই সংঘটিত হয় নগাঁৱৰ কামপুৰত । পৰকীয়া প্ৰেমৰ সন্দেহতে পত্নী আৰু প্ৰেমিকক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে স্বামীয়ে ।

ঘটনাৰ সূত্ৰপাত :

অভিযুক্ত হত্যাকাৰীটো হ'ল কামপুৰৰ ঘিলানী গাঁৱৰ জয়ন্ত দাস । ঘটনাৰ বিৱৰণি আনুসৰি, দুই সন্তানৰ মাতৃ জয়ন্তৰ পত্নীয়ে মঙলদৈৰ ছিপাঝাৰৰ পৰা আহি কামপুৰৰ পুঠিমাৰী অঞ্চলত এখন বিদ্যালয়ৰ টেট শিক্ষক ভাস্কৰ নাথৰ লগত প্ৰেমত পৰে । ইফালে গুৱাহাটীৰ এটা কোম্পানীত এজন ছিকউৰিটি গাৰ্ড হিচাপে কৰ্মৰত জয়কান্ত দাসে কিছুদিনৰ আগতে কামপুৰৰ ঘীলানী গাঁৱৰ নিজ বাসগৃহৰ পৰা আহি বাস কৰিছিল কামপুৰৰ পাচনিঝাৰৰ এটা ভাৰাঘৰত ।

পৰকীয়া প্ৰেমৰ সন্দেহত হত্যা (ETV Bharat Assam)

স্বামী জয়কান্ত দাসে পত্নী আৰু ভাস্কৰ নাথৰ সম্পৰ্কৰ কথা গম পাই কেইবাবাৰো পত্নীৰ লগতে শিক্ষক ভাস্কৰক সাৱধান কৰি আহিছিল । সোমবাৰৰ নিশা জয়কান্ত ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ভাস্কৰ নাথ তেওঁৰ ভাৰাঘৰত প্ৰৱেশ কৰে । কিছু সময়ৰ পিছতে জয়কান্ত ঘৰলৈ ঘূৰি আহি দুয়োকে কোঠাৰ ভিতৰত দেখি খঙে-ক্ষোভে অগ্নিশৰ্মা হৈ দুয়োকে ৰ'ডেৰে প্ৰহাৰ কৰে । জয়কান্তৰ উপৰ্যুপৰি প্ৰহাৰত ঢলি পৰে ভাস্কৰ আৰু জয়কান্তৰ পত্নী । ইয়াৰ পাছতে হত্যাকাৰী স্বামী জয়কান্ত দাসে আত্মসমৰ্পণ কৰে কামপুৰ থানাত ।

ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত:

হত্যাকাৰী জয়কান্তই আৰক্ষীৰ ওচৰ আত্মসমৰ্পণ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল আৰু আৰম্ভ কৰে তদন্ত । নিশা প্ৰায় ১১:২০ বজাত সংঘটিত হোৱা ঘটনাটোৰ পিছত বুধবাৰে পুৱা আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ঘটনা সন্দৰ্ভত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই কয়, "আমি নিশা প্ৰায় ১১:২০ মানত আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এটা তথ্য পাইছিলোঁ যে এনেকুৱা ধৰণৰ এটা হত্যাকাণ্ড হৈছে বুলি । সেইখিনি সময়তে যিগৰাকী অভিযুক্ত, তেওঁ আৰক্ষী থানাত গৈ আত্মসমৰ্পণ কৰে । তেওঁ কয় যে তেওঁৰ পত্নী আৰু এজন ব্যক্তিক হত্যা কৰি আহিছে । তাৰ পিছতে আমি আহি ইয়াত উপস্থিত হওঁ । ইয়াত আমি ভাৰাঘৰৰ ভিতৰত দুটা মৃতদেহ পৰি থকা পাওঁ । তেজেৰে তুমুৰলি হৈ পৰি আছে । এতিয়া আমাৰ প্ৰাথমিক তদন্ত চলি আছে ।"

মৃত ভাস্কৰ জ্যোতি নাথৰ পৰিয়ালত শোকৰ বন্যা:

ইফালে এই ঘটনাত প্ৰাণ হেৰুওৱা ভাস্কৰ জ্যোতি নাথৰ ছিপাঝাৰৰ কটাহী গাঁৱত বৈছে শোকৰ বন্যা । ভাস্কৰৰ পৰিয়ালৰ লোক তথা গাঁওখনৰ ৰাইজে ভাস্কৰ যে এনে এক কামত লিপ্ত হ'ব পাৰে, সেয়া কোনো কাৰণতে মানি ল'ব পৰা নাই । অত্যন্ত অমায়িক ভাস্কৰৰ ক্ষেত্ৰত এনে ঘটনা হ'ব নোৱাৰে বুলি পৰিয়াল তথা গাঁওবাসীয়ে উল্লেখ কৰে ।

ভাস্কৰৰ এগৰাকী আত্মীয়ই এই সন্দৰ্ভত কয়, "ফোনটো পাই আমি কনফাৰ্ম হ'ব পৰা নাছিলোঁ । নগাঁৱৰ পুথিমাৰী এল পি স্কুলত চাকৰি কৰা ভাস্কৰ জ্যোতি নাথ নামৰ ল'ৰা এজনক হত্যা কৰিছে, কোনোবা জয়কান্ত দাস নামৰ মানুহ এজনে । তেখেতৰ পত্নীকো হত্যা কৰিছে বুলি খবৰ পাইছোঁ । কিন্তু হঠাতে এই খবৰটো পাই ভাস্কৰৰ লগত যে এনেকুৱা এটা ঘটনা ঘটিব সেইটো আমি কল্পনাও কৰিব পৰা নাছিলোঁ ।"

তেওঁ লগতে কয়, "ভাস্কৰ আমাৰ ভতিজা ল'ৰা । তেওঁ এজন অতি মেধাসম্পন্ন ছাত্ৰ আছিল । ২০১২ চনতেই নগাঁৱৰ পুথিমাৰী এল পি স্কুলত চাকৰিত যোগদান কৰিছিল । বহু কষ্টৰে লিখা-পঢ়া শিকি টেটত উত্তীৰ্ণ হৈ সি শিক্ষকতা কৰিছিল । আজি ভাস্কৰক হেৰুৱাই ঘৰখনেই নহয় আমি গোটেই অঞ্চলবাসী মৰ্মাহত হৈছোঁ ।"

ভাস্কৰৰ পূৰ্বৰ কথা সুঁৱৰি তেওঁ কয়, "ভাস্কৰৰ যি হত্যাকাণ্ড হ'ল, যোৱা দিনসমূহত তেওঁৰ পৰকীয়া প্ৰেম বা তেনে কোনো কথা আমাৰ এই অঞ্চলত পাবলৈ ৰেকৰ্ড নাই । সেইটো একদম সত্য কথা । কিন্তু এতিয়া যদি সি তেনেকুৱা কিবা কাম কৰিছে আমি সেইটো নাজানোঁ । আমি আশা কৰিছোঁ যে দোষীয়ে উপযুক্তভাৱে এটা শাস্তি পাব লাগে । আইন হাতত তুলি লোৱাটো এটা দূৰ্ভাগ্যজনক ঘটনা হৈছে ।"

১৩ দিন পূৰ্বে মৃত্যু হৈছিল ভাস্কৰৰ সম্পৰ্কীয় এজন ককায়েকৰ :

মৃত ভাস্কৰৰ সম্পৰ্কীয় ককায়েকৰ মৃত্যু হৈছে ১৩ দিন পূৰ্বে । বুধবাৰে মৃতকৰ মৎস্যস্পৰ্শৰ মানসেৰে গাঁওবাসীয় আয়োজনত ব্যস্ত থকাৰ সময়তে ভাস্কৰৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে সকলো আয়োজন বন্ধ হৈ পৰে । মৎস্যস্পৰ্শ উপলক্ষে নিমন্ত্ৰিত অতিথিলৈ সাজু কৰা হৈছিল মাছ-মাংসকে আদি কৰি আপ্যায়নৰ সকলো সামগ্ৰী । পুৱাৰ ভাগতে আহি পোৱাৰ কথা আছিল ভাস্কৰো । ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে নুমাই গ'ল আখলৰ জুই । পৰি ৰ'ল অতিথি আয়োজনৰ সকলো সামগ্ৰী ।

লগতে পঢ়ক: পৰিকল্পিত হত্যা নে জীৱনৰ চৰম সিদ্ধান্ত ? - MYSTERIOUS DEATH IN LAKHIMPUR

প্ৰেমে নাপালে পূৰ্ণতা, অচিনা দেশলৈ প্ৰেমিক-প্ৰেমিকা - LOVERS LOST THEIR LIFE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.